জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰেজা পাহলৱী
ৰেজা পাহলাৱী ( Reza Pahlavi) ( জন্ম: ৩১ অক্টোবৰ ১৯৬০) এজন ইৰাণৰ ৰাজনৈতিক ব্যক্তি আৰু ইৰাণৰ পাহলৱী বংশৰ ইৰাণৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজপুত্ৰ। ইৰাণৰ শেষৰজন শ্বাহ মহম্মদ ৰেজা পাহলৱী আৰু তেওঁৰ পত্নী সম্ৰাজ্ঞী ফাৰহৰ ডাঙৰ পুত্ৰ। বৰ্তমান তেওঁ বিৰোধী হিচাপে আমেৰিকাত নিৰ্বাসিত হৈ আছে।
-
ৰেজিনা কেছান্দ্ৰা
ৰেজিনা কেছান্দ্ৰা (জন্ম: ১৩ ডিচেম্বৰ ১৯৯০; পূৰ্বতে ৰেজিনা কেছান্দ্ৰা (ইংৰাজী: Regina Cassandra) নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে।
-
ৰেজিনা ঘাজৰিয়ান
ৰেজিনা তাদেভোছি ঘাজৰিয়ান এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী আৰু ৰাজহুৱা কৰ্মী আছিল। তেওঁৰ জন্ম ১৯১৫ চনৰ ১৭ এপ্ৰিলত, ইয়েৰেভানত আৰু মৃত্যু হয় ১৯৯৯ চনৰ ৬ নৱেম্বৰত ইয়েৰেভানত।
-
ৰেজিয়া ৰহিমটুলা
ৰেজিয়া ৰহিমটুলা (Razia Rahimtoola) (ৰেজিয়া এ. কে. গুল-মহম্মদৰ জন্ম ১৯১৯ চনৰ ২৯ আগষ্টত বোম্বাইত; মৃত্যু ১৯৮৮ চনৰ ১৩ নৱেম্বৰত কৰাচীত) কৰাচীৰ শিশু চিকিৎসা জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰৰ অধ্যক্ষ আছিল। ৰয়েল কলেজ অৱ ফিজিচিয়ানছ ফেল' হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা আছিল।
-
ৰেণু চক্ৰৱৰ্তী
ৰেণু চক্ৰৱৰ্তী (Renu Chakravartty,(১৯১৭-১৯৯৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী নেতা৷ তেওঁ এগৰাকী সাংসদ আৰু শিক্ষাবিদ আছিল।
-
ৰেণু সুখেজা
ৰেণু সুখেজা (ইংৰাজী: Renu Sukheja; জন্ম: ২৫ ডিচেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা, ছচিয়েল মিডিয়া ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল। তেওঁ ফেশ্বন আৰু মিডিয়া কনচালটিং প্ৰতিষ্ঠান 'এন্থিম কনচালটিং প্ৰাইভেট লিমিটেড'ৰ মুখ্য পৰিচালন বিষয়া।
-
ৰেণুকা চৌধুৰী
ৰেণুকা চৌধুৰী ( Renuka Chowdhury; জন্ম: ১৩ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ৰাজ্যসভাত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰেণুকা সিং (ক্ৰিকেটাৰ)
ৰেণুকা সিং (ইংৰাজী: Renuka Singh; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৯৬) হিমাচল প্ৰদেশৰ মহিলা ক্ৰিকেট দলৰ হৈ খেলা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তাই ২০১৯–২০ বৰ্ষৰ ছিনিয়ৰ মহিলা ৱান ডে লীগত ২৩টা উইকেটৰ সৈতে অগ্ৰণী উইকেট দখল কৰা বলাৰ আছিল।
-
ৰেণুকা সিং (ৰাজনীতিক)
ৰেনুকা সিং সৰুতা (Renuka Singh Saruta; জন্ম: ৫ জানুৱাৰী ১৯৬৪) ছত্তীসগঢ়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যি বৰ্তমান ভাৰতপুৰ-সোণহাটক প্ৰতিনিধিত্ব কৰি চত্তীশগড় বিধানসভাৰ সদস্য হিচাপে কৰ্মনিৰ্বাহ কৰি আছে।
-
ৰেণ্ডী ভ্যানৱাৰ্মাৰ
ৰেণ্ডী ভ্যানৱাৰ্মাৰ (Randy VanWarmer)(জন্ম ৩০ মাৰ্চ, ১৯৫৫ –মৃত্যু ১২ জানুৱাৰী, ২০০৪)আছিল এজন আমেৰিকাৰ কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰবাদক। তেওঁৰ আটাইতকৈ জনপ্ৰিয় গীত আছিল জাষ্ট হোৱেন আই নীডেদ ইউ মষ্ট (“Just When I Needed You Most”)এই গীতটোৱে ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত ইউ কে একক চাৰ্টত (UK Singles Chart)…
-
ৰেণ্ডী হেলাৰ
ৰেণ্ডী হেলাৰ ( ইংৰাজী: Randee Heller; জন্ম: Randee Antzis; ১০ জুন, ১৯৪৭) এগৰাকী আমেৰিকান টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৭০ চনৰ চিটকম ছ'পত এলিছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত, তাৰোপৰি টেলিভিছনৰ প্ৰথম লেচবিয়ান চৰিত্ৰসমূহৰ ভিতৰত তেওঁৰ চৰিত্ৰ অন্যতম।
-
ৰেনা আইৰিছ
ৰেনা আইৰিছ (ইংৰাজী: Renae Ayris; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১২ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১২ প্ৰতিযোগিতাত তৃতীয় ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
ৰেনী কুজুৰ
ৰেনী কুজুৰ (ইংৰাজী: Renee Kujur; জন্ম: ১৯৮৫) এগৰাকী ভাৰতীয় ফেশ্বন মডেল। তেওঁক আন্তঃৰাষ্ট্ৰীয় ৰিদম এণ্ড ব্লুজ (R&B) গায়িকা ৰিহানাৰ সদৃশ মুখাৱয়বৰ (doppelganger) বাবে জনা যায়। তেওঁক ৰিহানা ২.০ বা ভাৰতৰ নিজা ৰিহানা বুলিও কোৱা হয়।
-
ৰেনে ডাংগুৰ
ৰেনে ৰেবেঁকা ডাংগুৰ (ইংৰাজী: Renée Rebecca Dangoor; ডিচেম্বৰ ১৯২৫ - ৯ জুলাই ২০০৮) ১৯৪৭ চনত মুকুট পিন্ধা ইৰাকৰ ইতিহাসৰ প্ৰথমগৰাকী সুন্দৰী সম্ৰাজ্ঞী আছিল। তেওঁ বাগদাদী ইহুদীসকলৰ এক বিশিষ্ট পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ মোচে ডাংগুৰ (১৮৮৮–১৯৬২) বাগদাদৰ এজন প্ৰখ্যাত চিকিৎসক আছিল।
-
ৰেনেট ৰেইনছভে
ৰেনেট ৰেইনছভে (নৰৱেজিয়ান: Renate Reinsve; জন্ম: ২৪ নৱেম্বৰ ১৯৮৭) এগৰাকী নৰৱেজিয়ান অভিনেত্ৰী। তেওঁ লুৱাকিম ট্ৰাইয়াৰৰ ছবি অচলো, আগষ্ট ৩১ (২০১১) যোগে চলচ্চিত্ৰ জগতত অভিষেক ঘটাইছিল।
-
ৰেবেকা ল'ল'ছ'লি
ৰেবেকা ল'ল'ছ'লি(Rebecca Lolosoli; জন্ম: ১৯৬২) কেনিয়াৰ চাম্বুৰু কাউণ্টিৰ উমোজা গাঁৱৰ প্ৰতিষ্ঠাপক আৰু মেট্ৰিয়াৰ্ক। যৌন নিৰ্যাতনৰ পৰা পলায়ন কৰা মহিলাসকলৰ বাবে এই গাঁওখন আশ্ৰয়স্থল আৰু পুৰুষসকলক গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
-
ৰেমা মেনন
ৰেমা মেনন এগৰাকী কেৰালাৰ ভাৰতীয় মালয়ালম ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ পাউলো কোয়েলহোৰ উপন্যাস দ্য এলকেমিষ্টৰ মালায়ালম অনুবাদৰ জৰিয়তে বিশেষভাৱে পৰিচিত। এই অনুবাদখন যিকোনো ভাৰতীয় ভাষালৈ কৰা প্ৰথম অনুবাদ আছিল।
-
ৰেমি লাক্ৰ'ইছ
ৰেমি লাক্ৰ'ইছ (ইংৰাজী: Remy LaCroix) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ ২০১৩ চনত শ্ৰেষ্ঠ নতুন ষ্টাৰলেটৰ AVN বঁটা লাভ কৰে। তাৰ পিছত ২০১৪ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপৰ লগতে বছৰটোৰ শ্ৰেষ্ঠ মহিলা প্ৰদৰ্শনকাৰীৰ হিচাপে ২০১৪ চনৰ XRCO বঁটা লাভ কৰে।
-
ৰেশমা কুৰেশ্বী
ৰেশমা কুৰেশ্বী ( Reshma Qureshi ) এগৰাকী ভাৰতীয় মডেল, ব্লগাৰ আৰু এচিড বিৰোধী কৰ্মী। তেওঁ মেক লাভ নট স্কাৰছৰ (অৰ্থ:ভাল পোৱা, দাগ নহয়) মুখপাত্ৰ। ২০১৬ চনৰ নিউয়ৰ্ক ফেশ্বন উইকত ফেচন ডিজাইনাৰ অৰ্চনা কোছাৰৰ বাবে কেটৱকত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা আমেৰিকাত মডেলিঙৰ ক্ষেত্ৰখনত ৰেশমাৰ আগ্ৰাসন ঘটিছিল।
-
ৰেশ্মি মিৰ্জা
ৰেশ্মি মিৰ্জা (ইংৰাজী: Resmi Mirza) এগৰাকী বাংলাদেশী লোক-গায়িকা তথা মিশ্ৰিত ধাৰাৰ কণ্ঠশিল্পী। ২০১২ চনত চেনেল ৯ৰ ৰিয়েলিটি শ্ব' "পাৱাৰ ভইচ ২০১২"ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ সংগীত কেৰিয়াৰ আৰম্ভ কৰে। এই অনুষ্ঠানটোৱে বাংলাদেশৰ সংগীত জগতত তেওঁক স্বীকৃতি প্ৰদান কৰে।
-
ৰেহানা
ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়।
-
ৰেহাম খান
ৰেহাম নায়াৰ খান ; উৰ্দু: ریحام نیئر خان; জন্ম: ৩ এপ্ৰিল ১৯৭৩) পাকিস্তানৰ বাফা চহৰৰ এজন ব্ৰিটিছ-পাকিস্তানী সাংবাদিক, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা। পিছলৈ ২০১৮ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱা ইমৰাণ খানৰ প্ৰাক্তন পত্নী।
-
ৰেৱতী চেত্ৰী
ৰেৱতী চেত্ৰী (Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।
-
ৰেৱতী মোহিতে দেৰে
ৰেৱতী মোহিতে দেৰে (Revati Mohite Dere) ভাৰতৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। ভাৰতত অপৰাধমূলক পদ্ধতি আৰু আৰক্ষীৰ তদন্তৰ সম্পৰ্কত তেওঁ কেইবাটাও উল্লেখযোগ্য ৰায় লিখিছে, য’ত আছে অপৰাধমূলক বিচাৰৰ ৰিপ’ৰ্ট দিয়াৰ সংবাদ মাধ্যমৰ স্বাধীনতা, অপৰাধৰ পুনৰাবৃত্তিৰ বাবে মৃত্যুদণ্ডৰ শাস্তি, ভুৱা আৰু অনুচিত…
-
ৰোকেয়া প্ৰাচী
ৰোকেয়া প্ৰাচী (ইংৰাজী: Rokeya Prachy) এগৰাকী বাংলাদেশী থিয়েটাৰ, টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা পৰিচালক।
-
ৰোচনাৰা
অলিভ কেথেৰিন ক্ৰেডক ( Olive Catherine Craddock) (জন্ম:২২ জানুৱাৰী ১৮৯৪ – মৃত্যু: ১৪ জুলাই ১৯২৬) ব্ৰিটিছ ভাৰতৰ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী এংলো-ইণ্ডিয়ান নৃত্যশিল্পী আছিল, যিয়ে ৰোশনাৰা নামেৰে নৃত্য কৰিছিল। ব্ৰিটেইন আৰু আমেৰিকাত কেন্দ্ৰীয় ভাৰতীয় নৃত্য কৌশল প্ৰদৰ্শনৰ বাবে তেওঁ পৰিচিত আছিল।
-
ৰোছা ছালাজাৰ
ৰোছা ছালাজাৰ (ইংৰাজী: Rosa Salazar; জন্ম: ১৬ জুলাই ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এনবিচি ধাৰাবাহিক পেৰেণ্টহুড (২০১১-২০১২) আৰু এফএক্স ধাৰাবাহিক আমেৰিকান হৰৰ ষ্ট’ৰী: মাৰ্ডাৰ হাউচত (২০১১) অভিনয় কৰিছিল।
-
ৰোজ আবডু
ৰোজ মেৰী আবডু (ইংৰাজী: Rose Marie Abdoo; জন্ম: ২৮ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কমেডিয়ান। তেওঁ বিশেষকৈ গিলমৰ গাৰ্লছত ষ্টাৰ্ছ হল'ৰ স্থানীয় মেকানিক জিপ্ছী, দ্যাটছ ছ' ৰেভেনত স্পেনিছ শিক্ষক চেনিঅ'ৰিটা ৰড্ৰিগেজ আৰু হেকছ ধাৰাবাহিকত জোচেফিনাৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।
-
ৰোজ কেৰকেট্টা
ৰোজ কেৰকেট্টা (ইংৰাজী: Rose Kerketta; জন্ম: ৫ ডিচেম্বৰ ১৯৪০) এগৰাকী মহিলা লেখিকা, কবি, চিন্তাবিদ আৰু জনজাতীয় অধিকাৰ কৰ্মী। তেখেতৰ জন্ম হৈছিল বিহাৰৰ ৰাঁচী জিলাৰ কাইছাৰা (বৰ্তমান ঝাৰখণ্ডৰ ছিমডেগা জিলা, খৰীয়া) পৰিয়ালত। তেখেতে জনজাতীয় ভাষা আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।
-
ৰোজ লেচলি
ৰোজ এলিন'ৰ আৰ্বুথনট-লেছলি (জন্ম ৯ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী স্কটিছ অভিনেত্ৰী। আইটিভিৰ নাটক ধাৰাবাহিক ডাউনটন এবেত গ্ৱেন ড'ছন আৰু এইচ বি অ'ৰ ফেণ্টাচি ধাৰাবাহিক গেম অৱ থ্ৰ'নছত ইগ্ৰিটৰ চৰিত্ৰত অভিনয় কৰিছিল।