অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেণুকা চৌধুৰী

ৰেণুকা চৌধুৰী ( Renuka Chowdhury; জন্ম: ১৩ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ৰাজ্যসভাত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰেণুকা চৌধুৰী ( Renuka Chowdhury; জন্ম: ১৩ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ৰাজ্যসভাত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৫৪ চনৰ ১৩ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এয়াৰ কমোডৰ সূৰ্য্যনাৰায়ণ ৰাও আৰু বসুন্ধৰাৰ ঘৰত জন্মগ্ৰহণ কৰে। তিনিগৰাকী কন্যাৰ ভিতৰত ৰেণুকা ডাঙৰ। তেওঁৰ ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।১ ১৯৭৩ চনত ৰেণুকা শ্ৰীধৰ চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২

কৰ্মজীৱন

১৯৮৪ চনত চৌধুৰীয়ে তেলেগু দেশম পাৰ্টিৰ সদস্য হিচাপে ৰাজনীতিত প্ৰৱেশ কৰে।৩ ১৯৮৬ চনৰ পৰা ১৯৯৮ চনলৈকে একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভাৰ সদস্য আৰু তেলেগু দেশম সংসদীয় দলৰ মুখ্য হুইপ আছিল।৪৫ ১৯৯৭ চনৰ পৰা ১৯৯৮ চনলৈ প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ মন্ত্ৰীসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীও আছিল। ১৯৯৮ চনত তেওঁ তেলেগু দেশম পাৰ্টি এৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।৬ ১৯৯৯ আৰু ২০০৪ চনত খাম্মাম সমষ্টিক প্ৰতিনিধিত্ব কৰি ক্ৰমে ত্ৰয়োদশ আৰু চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হয়। চৌধুৰীয়ে দায়িত্বভাৰ চম্ভালা আন আন পদসমূহৰ ভিতৰত আছে- বিত্ত সমিতি (১৯৯৯–২০০০) আৰু মহিলা সৱলীকৰণ সমিতিৰ (২০০০–২০০১) সদস্যপদ।২

২০০৪ চনৰ মে’ মাহত তেওঁ প্ৰথম ইউ.পি.এ চৰকাৰৰ পৰ্যটন ৰাজ্যিক মন্ত্ৰী হয়। ২০০৬ চনৰ জানুৱাৰী মাহৰ পৰা ২০০৯ চনৰ মে’ মাহলৈকে তেওঁ কেন্দ্ৰীয় ইউ.পি.এ.আই চৰকাৰত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৯ চনৰ মে’ মাহৰ লোকসভা নিৰ্বাচনত খাম্মাম সমষ্টিত তেলেগু দেশম পাৰ্টিৰ নমা নাগেশ্বৰ ৰাওৰ হাতত ৰেণুকা চৌধুৰী ১,২৪,৪৪৮ টা ভোটত পৰাজিত হয়।৭ মুম্বাইৰ কাকত মিড ডেৰ প্ৰতিবেদন মতে, “ভেলেণ্টাইন দিৱস উদযাপন কৰাসকলক উদ্যেশি শ্ৰী ৰাম সেনাই যি ভাবুকি দিছিল” তাৰ প্ৰতিক্ৰিয়া স্বৰূপে চৌধুৰীয়ে কয় যে যুৱক-যুৱতীসকলে জাকে-জাকে পাবলৈ যাব লাগে আৰু “নৈতিক আৰক্ষী”হঁতক উপযুক্ত প্ৰত্যুত্তৰ দিব লাগে।৮ ২০০৯ চনত শ্ৰীৰামসেনাই মাংগালোৰৰ পাব আক্ৰমণৰ পিছত চৌধুৰীয়ে মন্তব্য দিয়ে যে মাংগালোৰত সংঘটিত এয়া এক “তালিবানী” কাণ্ড। চৌধুৰীৰ এই মন্তব্যৰ বাবে চহৰখনৰ মেয়ৰে এক বিক্ষিপ্ত ঘটনাক মহিমামণ্ডিত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ তৰে।৯১০ প্ৰকৃততে “পাব ভৰো” অভিযানৰ নেতৃত্বত আছিল তেওঁৰ সৰু কন্যা তেজস্বিনী।১১

চৌধুৰী কংগ্ৰেছৰ দলৰ মুখপাত্ৰ হোৱাৰ উপৰিও ২০১২ চনত পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।১২

তথ্যসূত্ৰ

  1. ↑ Sharanya. (17 June 2022). Congress Leader Renuka Chowdhury Booked by Police: What Went Down?. She the People
  2. ↑ Members Bioprofile. Lok Sabha
  3. ↑ Phadnis, Aditi. (12 February 2018). Renuka Chowdhury, 'Rajini of Rajya Sabha' unlikely to make a return. Business Standard
  4. ↑ Untitled - Rajya Sabha. Rajya Sabha
  5. ↑ Political Complexion of Rajya Sabha. Rajya Sabha
  6. ↑ Ghosh, Barun. (11 April 1999). RENUKA RUSH TO OPEN MAMATA FLANK IN ANDHRA PRADESH. The Telegraph (Kolkata). ABP Group
  7. ↑ Election Commission of India, General Elections, 2009 (15th LOK SABHA)
  8. ↑ (June 2009)After jail bharo, it's pub bharo Mid Day, retrieved 30 March 2012
  9. ↑ (17 February 2009)Mangalore Mayor drags Renuka to court NDTV
  10. ↑ Talibanization is happening in Karnataka - Renuka Chowdary
  11. ↑ (29 May 2011). Hasan Ali Stayed with Renuka Chaudhary
  12. ↑ (25 March 2012) 55 elected unopposed to Rajya Sabha the Hindu, retrieved 30 March 2012

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণুকা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৪০৪১১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।