অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেণু সুখেজা

ৰেণু সুখেজা (ইংৰাজী: Renu Sukheja; জন্ম: ২৫ ডিচেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা, ছচিয়েল মিডিয়া ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল। তেওঁ ফেশ্বন আৰু মিডিয়া কনচালটিং প্ৰতিষ্ঠান 'এন্থিম কনচালটিং প্ৰাইভেট লিমিটেড'ৰ মুখ্য পৰিচালন বিষয়া।

হালনাগাদ: ৯ মে’ ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰেণু সুখেজা (ইংৰাজী ভাষা: Renu Sukheja; জন্ম: ২৫ ডিচেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা, ছচিয়েল মিডিয়া ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল।১ তেওঁ ফেশ্বন আৰু মিডিয়া কনচালটিং প্ৰতিষ্ঠান 'এন্থিম কনচালটিং প্ৰাইভেট লিমিটেড'ৰ মুখ্য পৰিচালন বিষয়া।২ ফেশ্বন উদ্যোগত দুই দশকতকৈও অধিক সময় ধৰি কাম কৰি অহা ৰেণুক দক্ষিণ ভাৰতৰ ফেশ্বন, গণমাধ্যম আৰু মনোৰঞ্জন জগতৰ অন্যতম অগ্ৰণী নাম বুলি গণ্য কৰা হয়।৩৪১

তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে হায়দৰাবাদত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে যুৱতীসকলক প্ৰশিক্ষণ দিবলৈ অসংখ্য গ্ৰুমিং কৰ্মশালা আয়োজন কৰিছে।৫ তেওঁ নিজৰ স্বামী ৰাজ সুখেজা আৰু 'আই এম চি – মিছ ইউনিভাৰ্ছ ইণ্ডিয়া'ৰ সৈতে জড়িত প্ৰখ্যাত ভাৰতীয় পৰিচালনা উপদেষ্টা নীৰজ গাবাৰে সৈতে মিলি ভাৰতৰ বিভিন্ন চহৰত পুৰুষ আৰু মহিলা উভয়ৰে বাবে এনে গ্ৰুমিং কৰ্মশালা আয়োজন কৰি আহিছে।৬ সমগ্ৰ ভাৰতজুৰি চলা এই গ্ৰুমিং জোৱাৰৰ প্ৰথমখন চহৰ আছিল হায়দৰাবাদ। এই সমগ্ৰ কাৰ্যসূচী এন্থিম কনচালটিং প্ৰাইভেট লিমিটেডৰ এটা শাখা 'এন্থিম এণ্টাৰটেইনমেণ্ট'ৰদ্বাৰা পৰিচালিত হৈছিল।৭

ব্যক্তিগত জীৱন

১৯৫৯ চনৰ ২৫ ডিচেম্বৰত পশ্চিমবংগৰ কলকাতাত ৰেণু সুখেজাৰ জন্ম হৈছিল। তেওঁ কলকাতাতে ডাঙৰ-দীঘল হয় আৰু তাতেই স্কুলীয়া শিক্ষা আৰু উচ্চশিক্ষা সমাপ্ত কৰে। ৰাজ সুখেজাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ হায়দৰাবাদলৈ গুচি আহে। তেওঁৰ দুটা সন্তান আছে— ৰোহিত সুখেজা আৰু ৰেহা সুখেজা। ৰেহা সুখেজা এগৰাকী সফল ভাৰতীয় মডেল আৰু ২০১০ চনৰ 'আই এম চি – মিছ ইউনিভাৰ্ছ ইণ্ডিয়া'ৰ প্ৰথম ৰানাৰ্ছ আপ আছিল।৮৯ ৰেহা হৈছে 'লেকমী ফেশ্বন উইক'ত স্থান লাভ কৰা হায়দৰাবাদৰ প্ৰথমগৰাকী মডেল।১০

পেছাদাৰী জীৱন

ৰেণু সুখেজা 'এন্থিম কনচালটিং প্ৰাইভেট লিমিটেড'ৰ ফেশ্বন আৰু মিডিয়া কনচালটিং বিভাগৰ মুখ্য পৰিচালন বিষয়া। তেওঁ ভাৰতৰ বহুতো ডাঙৰ চহৰত মহিলা আৰু পুৰুষ উভয়ৰে বাবে বিভিন্ন গ্ৰুমিং কৰ্মশালা আয়োজন কৰিছে আৰু 'কালামন্দিৰ মিছ হায়দৰাবাদ'ৰ দৰে বহুতো সৌন্দৰ্য প্ৰতিযোগিতাক সহায় কৰিছে।১১৬১২ ইয়াৰ উপৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ পৰিচালক শেখৰ কাম্মুলাৰ ২০১২ চনৰ তেলুগু ছবি লাইফ ইজ বিউটিফুলত সৌন্দৰ্য প্ৰতিযোগিতাৰ দৃশ্যসমূহ পৰিচালনা আৰু প্ৰস্তুত কৰাৰ বাবে এজন উপদেষ্টা হিচাপে কাম কৰিছিল।২

লিচকা ৱৰ্ল্ড ৰেকৰ্ড

ৰ সৈতে ৰেণু সুখেজা।]]

২০১০ চনত ৫০ বছৰ বয়সত ৰেণু সুখেজাই 'ইলিপ্টিকেল মাৰাথন'ৰ বাবে বিশ্ব অভিলেখ গঢ়িবলৈ সফল প্ৰয়াস কৰিছিল। ৰেণু সুখেজা বৰ্তমান হায়দৰাবাদৰ হেলিঅ’ ফিটনেছ চেণ্টাৰত একেৰাহে ১৫ ঘণ্টা ধৰি ইলিপ্টিকেল ক্ৰছ ট্ৰেইনাৰত (হৃদযন্ত্ৰৰ ব্যায়াম কৰা সঁজুলি) ব্যায়াম কৰি 'লিচকা বুক অৱ ৰেকৰ্ডছ'ত বিশ্ব অভিলেখ ধাৰী হিচাপে পৰিগণিত হৈছে।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ You and I interview
  2. ↑ Renu Sukheja Professional Profile
  3. ↑ Miss-Hyderabad-Jury-02/163102
  4. ↑ Neeraj Gaba Workshop
  5. ↑ Grooming Workshop in Hyderabad
  6. ↑ Miss-Hyderabad-Jury-01/163101
  7. ↑ Grooming Expert Press Meet
  8. ↑ I AM She 2010 Winners
  9. ↑ I Am She 2010 Reha Sukheja
  10. ↑ Lakme Fashion Week Reha Sukheja
  11. ↑ Kalamandir Miss Hyderabad Image Consultant
  12. ↑ Kalamandir Miss Hyderabad Grooming
  13. ↑ Limca Book of Records

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ব্যৱসায়ীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণু সুখেজা” প্ৰবন্ধৰ সংশোধন ৬০৫৫৬৭ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।