ৰেনী কুজুৰ (ইংৰাজী ভাষা: Renee Kujur; জন্ম: ১৯৮৫) এগৰাকী ভাৰতীয় ফেশ্বন মডেল।১ তেওঁক আন্তঃৰাষ্ট্ৰীয় ৰিদম এণ্ড ব্লুজ (R&B) গায়িকা ৰিহানাৰ সদৃশ মুখাৱয়বৰ (doppelganger) বাবে জনা যায়।২ তেওঁক ৰিহানা ২.০ বা ভাৰতৰ নিজা ৰিহানা বুলিও কোৱা হয়।৩৪
ব্যক্তিগত জীৱন
ৰেনী কুজুৰৰ জন্ম ১৯৮৫ চনত ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ যশপুৰ জিলাৰ বাগিছা তহচিলৰ পিৰাই গাঁৱত এটা কুৰুখ আদিবাসী (অনুসূচিত জনজাতি) পৰিয়ালত হৈছিল।৫ তেওঁ নিজৰ ছালৰ বৰণ আৰু শাৰীৰিক গঠনৰ বাবে কুসংস্কাৰ আৰু সমালোচনাৰ সন্মুখীন হৈছিল।৬
যেতিয়া তেওঁৰ বয়স মাত্ৰ ৩ বছৰ আছিল, তেওঁ স্কুলত এখন ফেঞ্চি ড্ৰেছ প্ৰতিযোগিতাত পৰীৰ সাজত অংশগ্ৰহণ কৰিছিল আৰু তেতিয়া সহপাঠীসকলে তেওঁক 'কলা-পৰী' বুলি জোকাইছিল। এই ঘটনাই ৩বছৰীয়া শিশুটোৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল।৭ কিশোৰী অৱস্থাত তেওঁক 'কালী' বুলি মাতিছিল।৮ তেওঁ টমী হিলফিগাৰ ষ্ট’ৰত বিক্ৰী কৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল, য’ত মানুহে লক্ষ্য কৰিছিল যে তেওঁক দেখিবলৈ ৰিহানাৰ দৰে।৯ যেতিয়া তেওঁ ৰিহানাৰ সৈতে থকা তেওঁৰ সাদৃশ্যৰ কথা অনুভৱ কৰিলে, তেতিয়া তেওঁৰ বাবে পৰিস্থিতি সলনি হ’ল।১০ তেওঁ প্ৰকাশ কৰে যে যিদিনা তেওঁ নিজৰ আদৰ্শ ৰিহানাক লগ পাব, সেইদিনাই তেওঁৰ যাত্ৰা সম্পূৰ্ণ হ’ব।১১
কৰ্মজীৱন
ৰেনী কুজুৰে নতুন দিল্লীৰ মালৱীয় নগৰত এগৰাকী মডেল হিচাপে কাম কৰে।১২ ৰিহানাৰ সৈতে থকা তেওঁৰ আচৰিত ধৰণৰ সাদৃশ্যৰ ছবিবোৰে তেওঁক ইণ্টাৰনেটত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।১৩ তেওঁ ছেটিন মডেলছ ইণ্ডিয়াৰ হৈ কাম কৰে আৰু পাম মেহতা, চেতন চিলাৰ আৰু বিজয় বালহাৰাৰ দৰে ডিজাইনাৰৰ সৈতে কাম কৰিছে। তেওঁ ইণ্ডিয়া ৰাণৱে উইক আৰু এছিয়ান ডিজাইনাৰ উইকৰ ৰেম্পত খোজ দিছে। তেওঁ ৰীবক আৰু নিফ্টৰ দৰে ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছিল।১৪ ২০১৮ চনৰ ইণ্ডিয়া কুটিৰ উইকৰ গালাত ফেশ্বন ডিজাইন কাউন্সিল অৱ ইণ্ডিয়াৰ দ্বাৰা তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল।১৫ তেওঁ বিশ্বজুৰি ক'লা বৰণৰ মডেলসকলৰ বিৰুদ্ধে হোৱা বৈষম্যৰ বিৰুদ্ধে যুঁজ দি আছে।১৬ ২০১৯ চনত তেওঁ ভাৰতৰ মডেলিং প্ৰতিযোগিতা এমটিভি ছুপাৰমডেল অৱ দা য়েৰৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰিছিল।১৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2018-07-06). Turns Out Rihanna Actually Has A Pretty Famous Doppelganger. Marie Claire - (2018-07-05). Dark Skinned Model Uses Her Resemblance To Rihanna To Challenge Prejudice
- ↑ Meet Model Renee Kujur, Rihanna's Stunning Lookalike from India. MSN - Unwanted or Exotic? Chhattisgarh's 'Rihanna' Who Recently Went Viral Raises 'Dark' Questions About India's Colourism. News18 - Meet the stunning Indian model who is a dead ringer for Rihanna. VT - (2018-07-05). Meet the Indian model everyone thinks is Rihanna's doppelgänger. Metro - (5 July 2018). [https://ce
- ↑ One woman used to be a struggling model until people realized she looks just like Rihanna. Business Insider
- ↑ (2018-09-01). Rihanna Lookalikes, Celebrity Doppelgangers, Photos. Clevver - Meet Rene Kujur, The Beautiful Model From Chhattisgarh Who Is Being Called The Indian 'Rihanna'. www.mensxp.com
- ↑ (12 July 2018). India's own Rihanna Renee Kujur reveals why she hid her real age while modelling. India Today - (2018-07-26). Rihanna-lookalike model Renee Kujur was bullied as a child, told that 'angels are never dark'. Hindustan Times - Far more than just RiRi's doppelganger. Deccan Chronicle - Kareena Kapoor sets ramp on fire at ICW. OnManorama
- ↑ At last, Twitter has found Rihanna's doppelgänger: Indian model Renee Kujur. HelloGiggles - Dusky is sexy' says Renee, model from Chhattisgarh's Jashpur. The Times of India
- ↑ Once Ridiculed For Her Dark Skin, This Indian Model Who Looks Like Rihanna Is Now A Star. India Times - (2018-07-05). Mocked For Her Dark Skin, This Rihanna Lookalike From Chattisgarh Is Taking The Internet by Storm. ScoopWhoop
- ↑ Introducing Rihanna from India. Telangana Today
- ↑ (2018-07-29). Far more than just RiRi's doppelganger. The Asian Age
- ↑ Robin, Marci. Indian Model Renee Kujur Is Going Viral for Looking Exactly Like Rihanna. Allure
- ↑ (12 July 2018). Renee Kujur on idol Rihanna: My journey will be complete the day I meet her. India Today
- ↑ (2018-07-04). Meet India's very own Rihanna: Chattisgarh model Renee Kujur is the R&B superstar's doppelgänger. Hindustan Times
- ↑ Renee Kujur Model In India Who Favors RihannaIndian Model Renne Kujur Becomes Internet Sensation For Being Rihanna's Doppelgänger. Essence - (2018-07-05). Caribbean Entertainment – Does This Indian Model Look Like Rihanna?. Caribbean and Latin America Daily News - Meet Model Renee Kujur, Rihanna's Stunning Lookalike from India. Yahoo!
- ↑ Goronja, Ariel. (2018-07-05). Renee Kujur: 5 Fast Facts You Need to Know. Heavy
- ↑ (2018-07-27). India Couture Week Day 2, Kareena Kapoor Khan says, I'm a born actress, not model
- ↑ (9 July 2018). Rihanna lookalike finds fame, Asian Network's Big Debate. BBC Asian Network
- ↑ MTV Supermodel to feature Rihanna's lookalike. PINKVILLA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেনী কুজুৰ” প্ৰবন্ধৰ সংশোধন ৬২৯২৫৫ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।