ৰেৱতী চেত্ৰী (Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।১ ৰেৱতীয়ে ২০১৬ চনৰ চীনৰ বেইজিংত অনুষ্ঠিত হোৱা 'ৱৰ্ল্ড মিছ উনিভাৰ্ছিটি' প্ৰতিযোগিতাত 'মিছ এছিয়া'ৰ খিতাপ দখল কৰে।২ একে বছৰে তেওঁ 'ছেন'ৰিতা ইণ্ডিয়া প্ৰতিযোগিতা'ত 'মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল' খিতাপ জয় কৰে। তেওঁ ২০১৬ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হবলগীয়া 'মিছ ইণ্টাৰনেচনেল ২০১৬' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।৩৪
প্ৰাৰম্ভিক জীৱন
ৰেৱতীৰ পিতৃ মাতৃ ক্ৰমে বাবুৰাম চেত্ৰী আৰু বীণা চেত্ৰী। অসমৰ ডিমা হাছাও জিলাৰ হাফলংত তেওঁৰ জন্ম হৈছিল।৫ তেওঁ প্ৰথমে চেইণ্ট এগ্নেছ কনভেণ্ট স্কুলত পঢ়া-শুনা কৰিছিল। তাৰপিছত তেওঁ লামডিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ৰেৱতী বৰ্তমান গুৱাহাটীৰ এনইএফ আইন মহাবিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰী।৬৭৮
অভিনয় জীৱন
ড্ৰীম হাউচ প্ৰডাক্টচনে প্ৰযোজনা কৰা 'তুমি মোৰ' এলবামৰ জৰিয়তে ৰেৱতীয়ে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ সংগীত সুৰকাৰ আছিল "বুলবুল আৰু ৰোষ্টি"ৰ আৰু নিৰ্দেশক আছিল দীপক দে।৯১০
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ ইণ্টাৰনেচনেল ২০১৬
তেওঁ জাপানৰ টকিঅ'ত অনুষ্ঠিত হবলগীয়া ৫৬তম মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতাৰ শেষত এডিমাৰ মাৰ্টিনেজে পৰৱৰ্তী বিজয়ীৰ শিৰত মুকুট পিন্ধাব।১১১২
ছেন'ৰিতা ইণ্ডিয়া ২০১৬
ৰেৱতীয়ে ২০১৬ চনত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ছেন'ৰিতা ইণ্ডিয়া প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ খিতাপ জয় কৰে। তেওঁ মিছ ইণ্টাৰনেচনেল ২০১৬ ত ভাৰতক প্ৰতিনিধিত্ব কৰিব।১৩
ৱৰ্ল্ড মিছ উনিভাৰ্ছিটি ২০১৬
২০১৬ চনৰ চীনৰ বেইজিংত অনুষ্ঠিত ৱৰ্ল্ড মিছ উনিভাৰ্ছিটি প্ৰতিযোগিতাত তেওঁ মিছ এছিয়াৰ খিতাপ দখল কৰে।১৪
ফেমিনা মিছ ইণ্ডিয়া ২০১৫
ৰেৱতী ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকী প্ৰতিযোগীৰ ভিতৰত এগৰাকী আছিল। তাত তেওঁ মিছ পপুলাৰ আৰু মিছ মাল্টিমিডিয়া খিতাপ জয় কৰিছিল।১৫
ফেমিনা মিছ ইণ্ডিয়া কলকাতা ২০১৫
ৰেৱতী ফেমিনা মিছ ইণ্ডিয়া কলকাতা ২০১৫ ৰ শীৰ্ষ পাঁচ গৰাকী প্ৰতিযোগীৰ ভিতৰত আছিল। উল্লেখযোগ্য যে পূব ভাৰতৰ কলকাতাত অনুষ্ঠিত আঞ্চলিক ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ পৰা মূল ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ শীৰ্ষ ২১ গৰাকী প্ৰতিযোগী নিৰ্বাচন কৰা হয়।১৬
তথ্যসূত্ৰ
- ↑ Haflong girl enters Miss India final round. www.assamtimes.org
- ↑ India's Rewati Chetri Crowned Miss Asia At World Miss University. www.indiatimes.com
- ↑ (2016-09-12). Rewati Chetri will represent India at Miss International 2016 pageant in Japan. NorthEast Today
- ↑ www.indiatimes.com/news/india/assam-girl-rewati-
- ↑ Ghorkali beauty Rewati Chetri is Miss International India 2016
- ↑ Rewati Chetri is Miss Asia in Miss World University 2016. Bhaskar News
- ↑ (2016-09-12). Rewati Chetri will represent India at Miss International 2016 pageant in Japan. NorthEast Today
- ↑ Femina Miss India 2015 contestant profile
- ↑ Things to know about Rewati Chetri - The Northeast Today
- ↑ Rewati Chetri wins Miss Asia title at World Miss University pageant - Tag Rewati Chetri. The Northeast Today
- ↑ (2016-02-9). Miss international 2016 pageant date and venue announced!!
- ↑ (2016-05-10). Miss International 2016 official contestants in pics.
- ↑ Rewati Chetri crowned as Miss International India 2016. www.angelopedia.com
- ↑ Rewati Chetri crowned Miss Asia. voiceofsikkim.com
- ↑ Rewati Chetri, Fans Favourite, Won Hearts But Not The Crown. www.angelopedia.com
- ↑ NE girl Rewati Chetri in final round of Miss India 2015. www.theshillongtimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱতী চেত্ৰী” প্ৰবন্ধৰ সংশোধন ৫২৯৮৮২ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।