


ৰেনে ৰেবেঁকা ডাংগুৰ (ইংৰাজী ভাষা: Renée Rebecca Dangoor; ডিচেম্বৰ ১৯২৫ - ৯ জুলাই ২০০৮) ১৯৪৭ চনত মুকুট পিন্ধা ইৰাকৰ ইতিহাসৰ প্ৰথমগৰাকী সুন্দৰী সম্ৰাজ্ঞী আছিল।
তেওঁ বাগদাদী ইহুদীসকলৰ এক বিশিষ্ট পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ মোচে ডাংগুৰ (১৮৮৮–১৯৬২) বাগদাদৰ এজন প্ৰখ্যাত চিকিৎসক আছিল। তেওঁৰ ককাক আছিল বাগদাদৰ মুখ্য ৰব্বী এজ্ৰা ডাংগুৰ (১৮৪৮–১৯৩০)। তেওঁৰ মাতৃ আছিল চিবিল লুনা ডাংগুৰ।১ তেওঁৰ খুৰাক এলিয়াহু ডাংগুৰ (১৮৮৩–১৯৭৬) আছিল এজ্ৰা ৰুবেন ডাংগুৰ প্ৰিণ্টৰ পৰিচালক (যিটো ১৯০৪ চনত বাগদাদত তেওঁৰ পিতৃয়ে স্থাপন কৰিছিল)। ই আছিল ইৰাকৰ আটাইতকৈ পুৰণি ছপাখানাসমূহৰ ভিতৰত অন্যতম আৰু আৰবী ভাষাৰ কিতাপ ছপা কৰা বিশ্বৰ সৰ্ববৃহৎ ছপাখানা বুলি কোৱা হয়।২
তেওঁ চাংহাইত জন্মগ্ৰহণ কৰিছিল, য'ত তেওঁৰ পৰিয়ালে ব্যৱসায়ৰ বাবে অস্থায়ীভাৱে বাস কৰিছিল। তেওঁ সৰু হৈ থাকোঁতেই পৰিয়ালটো বাগদাদলৈ উভতি আহে।৩
ৰেনে ডাংগুৰে ১৯৪৬ চনৰ ৩১ ডিচেম্বৰত ২১ বছৰ বয়সত মিছ বাগদাদৰ খিতাপ জয় কৰে। ১৯৪৭ চনৰ ছেপ্টেম্বৰত তেওঁক মিছ ইৰাক উপাধিৰে সন্মানিত কৰা হয়। ইৰাকী ফ্লাইং ক্লাৱত অনুষ্ঠিত নিউ ইয়াৰ বেনিফিট বলৰ সময়ত এই উদ্যাপন কৰা হৈছিল। ১৯৪৭ চনৰ নৱেম্বৰ মাহত তেওঁ নিজৰ সম্পৰ্কীয় ভাতৃ নাঈম ডাংগুৰৰ (১৯১৪–২০১৫) সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰিজন পুত্ৰ সন্তান আছিল, যাৰ ভিতৰত এজন হ’ল ব্ৰিটিছ ব্যৱসায়ী তথা দানবীৰ ডেভিদ ডাংগুৰ। পৰিয়ালটোৱে ১৯৫৯ চনত ইৰাক ত্যাগ কৰে যদিও নাঈম ডাংগুৰে কেইবছৰমানৰ বাবে ইৰাকত তেওঁলোকৰ পাৰিবাৰিক ব্যৱসায় চলাই গৈছিল।৩৪
তেওঁৰ স্মৃতিত নিৰ্মিত ৱেবপৃষ্ঠাত তেওঁৰ এটা বক্তৃতাৰ বিষয়ে উল্লেখ আছে। এই বক্তৃতাটো ১৯৯০ চনৰ অক্টোবৰত চাংহাইৰ ইহুদীসকল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চাংহাই ঘেট'ত তেওঁলোকৰ দুৰ্দশাৰ সন্দৰ্ভত প্ৰদান কৰা হৈছিল।৫
মৃত্যু
২০০৮ চনৰ ৯ জুলাইত ৮২ বছৰ বয়সত ৰেনে ডাংগুৰৰ স্তন কৰ্কট ৰোগত মৃত্যু হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Renée Rebecca Dangoor. geni.com
- ↑ Sir Naim Dangoor, businessman - obituary. The Telegraph
- ↑ Week, Jew of the. Miss Iraq · Jew of the Week
- ↑ Funding education runs in their family. thejc.com
- ↑ Untitled Document. dangoor.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেনে ডাংগুৰ” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৫৫ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।