ৰেণ্ডী হেলাৰ ( ইংৰাজী: Randee Heller; জন্ম: Randee Antzis; ১০ জুন, ১৯৪৭)১ এগৰাকী আমেৰিকান টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৭০ চনৰ চিটকম ছ'পত এলিছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত, তাৰোপৰি টেলিভিছনৰ প্ৰথম লেচবিয়ান চৰিত্ৰসমূহৰ ভিতৰত তেওঁৰ চৰিত্ৰ অন্যতম। লগতে দ্য কাৰাটে কিড আৰু দ্য কাৰাটে কিড পাৰ্ট তৃতীয় ছবিত লুচিল লাৰুছ'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে, আৰু ষ্ট্ৰীমিং ধাৰাবাহিক কোব্ৰা কাই; আৰু বাৰ্ট কুপাৰ আৰু ডন ড্ৰেপাৰৰ এল্ডাৰ্লি চেক্ৰেটেৰী আইডা ব্লেংকেনশ্বিপ মেড মেন ধাৰাবাহিকত পুনৰাবৃত্তিমূলক চৰিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
হেলাৰৰ জন্ম হৈছিল নিউয়ৰ্ক চহৰৰ ব্ৰুকলিনত আৰু ডাঙৰ-দীঘল হৈছিল নিউয়ৰ্কৰ পশ্চিম হেম্পষ্টেড,১ লং আইলেণ্ডত, যি ৰাছিয়াৰ ইহুদী ঐতিহ্যৰ অন্তৰ্ভুক্ত।২ প্ৰথমতে বষ্টনৰ ইমাৰচন কলেজত পঢ়াৰ পিছত ১৯৬৯ চনত এডেলফি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিবলৈ লং আইলেণ্ডলৈ উভতি আহে, য'ত তেওঁ নাট্য বিষয়ত অধ্যয়ন কৰে।১
কেৰিয়াৰ

স্নাতক হোৱাৰ পিছৰ তেওঁ অফ-ব্ৰডৱে প্ৰডাকচনৰ গডস্পেলত অভিনয় কৰে।১ ১৯৭৮ চনত হেলাৰে পৰ্দাৰ কাম কৰিবলৈ নিউয়ৰ্কৰ পৰা কেলিফৰ্ণিয়ালৈ গুচি যায়।
টিভি ধাৰাবাহিক ছ’পত টেলিভিছনৰ প্ৰথম লেচবিয়ান চৰিত্ৰসমূহৰ ভিতৰত অন্যতম এলিছৰ চৰিত্ৰত অভিনয় কৰা চৰিত্ৰটোৱে মিশ্ৰিত সমালোচনা লাভ কৰিছিল, সমালোচনা মূলতঃ তেওঁৰ অভিনয়ৰ ওপৰত নহয় বৰঞ্চ তেওঁৰ চৰিত্ৰটোৰ ষ্টীৰিঅ’টাইপিঙৰ ওপৰতহে কৰা হৈছিল।
চলচ্চিত্ৰ কেৰিয়াৰ
ছ'প এৰি যোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে কাৰাটে কিড চিনেমা ধাৰাবাহিকত ডেনিয়েল লাৰুছ'ৰ মাতৃ লুচিল লাৰুছ'ৰ চৰিত্ৰত অভিনয় কৰে, প্ৰথম আৰু কেমিঅ ' হিচাপে তৃতীয় কিস্তিত অভিনয় কৰি সমালোচকৰ পৰা ইতিবাচক জাননী লাভ কৰে। হেলাৰ আছিল প্ৰথম ৰকি চিনেমাত "হে ৰক, ইউ আৰ এ বাম" কোৱা কণ্ঠস্বৰ।
আন আন ছবিসমূহৰ ভিতৰত আছে ফাষ্ট ব্ৰেক (১৯৭৯), বুলৱৰ্থ (১৯৯৮), মনষ্টাৰ-ইন-ল' (২০০৫), আৰু ক্ৰেজিলাভ (২০০৫)।
ব্যক্তিগত জীৱন
টিভিৰ লেখক-প্ৰযোজক তথা প্ৰাক্তন মাইম ৰবাৰ্ট গ্ৰীফাৰ্ডৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা হেলাৰৰ দুগৰাকী কন্যা আছে।
ফিল্মগ্ৰাফী
চলচ্চিত্ৰ
| বছৰ | চলচ্চিত্ৰ |
|---|---|
| ১৯৭৯ | ফাষ্ট ব্ৰেক |
| ১৯৮৪ | দ্য কাৰাটে কিড |
| ১৯৮৬ | লেডিজ ক্লাব |
| ১৯৮৯ | কাৰাটে কিড পাৰ্ট থ্ৰি |
| ১৯৯৩ | দ্য বেবী ডল মাৰ্ডাৰছ |
| ১৯৯৪ | ফ্ৰেম-আপ ২: কভাৰ-আপ |
| ১৯৯৭ | মেটাৰ অফ ট্ৰাষ্ট] |
| ১৯৯৮ | বুলৱৰ্থ |
| ২০০৫ | মনষ্টাৰ-ইন-ল |
| ২০০৫ | বেটাৰ ডেচ্ |
| ২০০৫ | ক্ৰেজিলাভ |
| ২০০৯ | ক’মা |
| ২০১৭ | এ ক্ৰুকড ছামব'ডি |
| ২০২৪ | ডেষ্ট্ৰয় অল নেইবাৰচ্ |
| ২০২৪ | মাৰ্ডাৰ এটা হোলো ক্ৰিক |
তথ্যসূত্ৰ
- ↑ Eissner, Bonnie. (November 24, 2014). Randee (Antzis) Heller '69: That's Show Business. Adelphi University
- ↑ Hochberg, Mina. "Q&A with Randee Heller", AMCtv.com, 19 September 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণ্ডী হেলাৰ” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৩৮ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।