ৰেশ্মি মিৰ্জা (ইংৰাজী: Resmi Mirza) এগৰাকী বাংলাদেশী লোক-গায়িকা তথা মিশ্ৰিত ধাৰাৰ কণ্ঠশিল্পী।১২৩ ২০১২ চনত চেনেল ৯ৰ ৰিয়েলিটি শ্ব' "পাৱাৰ ভইচ ২০১২"ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ সংগীত কেৰিয়াৰ আৰম্ভ কৰে। এই অনুষ্ঠানটোৱে বাংলাদেশৰ সংগীত জগতত তেওঁক স্বীকৃতি প্ৰদান কৰে।১৪ তাৰ পিছৰ পৰা তেওঁ কেইবাটাও এলবাম আৰু একক গীত যেনে তেওঁৰ প্ৰথম একক এলবাম "ৰেছমি অ' মাটি" মুকলি কৰে, য'ত ৯টা গীতৰ সংকলন আছে।৫৬ ইয়াৰ উপৰিও "প্ৰেমৰ লাড্ডু", "নিন্দুকৰ মুখে চাই", "খেলতেছি", "ইতৰপোনা", "ময়না", আৰু "আমি জাৰে বাছি ভালো", "চুইয়াচি চুইয়াচি", "শ্বপনো ভেংগে চুৰমাৰ" ইত্যাদি মুক্তি পাইছে।৭৮৯১০ তেওঁ বাংলাদেশ টেলিভিছনৰো (বিটিভি) এগৰাকী তালিকাভুক্ত শিল্পী।১১১২
কৰ্মজীৱন
নিচেই কম বয়সতে ৰেশ্মিৰ সংগীত কেৰিয়াৰ আৰম্ভ হৈছিল। তেওঁৰ পিতৃ মিৰ্জা গোলাম ৰছুল খুলনা শিল্পকলা একাডেমীৰ সংগীত শিক্ষক তথা তেওঁৰ প্ৰথম গুৰু আছিল। তেওঁৰ সংগীত প্ৰশিক্ষণ ঘৰতে আৰম্ভ হৈছিল৷ তেতিয়াই তেওঁ বাংলা লোক-সংগীত আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ সৈতে পৰিচিত হৈছিল। ২০০১ চনত "জাতীয় শিক্ষা সপ্তাহো" প্ৰতিযোগিতাত তেওঁৰ প্ৰথম বৃহৎ ৰাজহুৱা অনুষ্ঠান পৰিবেশন কৰিছিল, তাত তেওঁ দেশপ্ৰেম আৰু লোকগীত পৰিবেশন কৰিছিল। পিছলৈ ২০১২ চনত চেনেল ৯ৰ "পাৱাৰ ভইচ" ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিছিল, ইয়ে তেওঁক স্বীকৃতি লাভ কৰাত সহায় কৰিছিল।
বঁটা
- ঢলিউড চলচ্চিত্ৰ আৰু সংগীত বঁটা ২০২৩
- এন আৰ বি তাৰকা বঁটা ২০২৪
- আইকনিক (ICONIC) ষ্টাৰ ফেশ্বন এণ্ড বিজনেছ এৱাৰ্ড ২০২৪
তথ্যসূত্ৰ
- ↑ (6 January 2025). Resmi delves deep into her music. The Daily Star
- ↑ (6 February 2016). গান-গল্প:ৰেশমী মিৰ্জা. BBC News Bangla
- ↑ (July 2024). আমাৰ গান শুনে মানুষ কাঁদে এটা পৰম প্ৰাপ্তি. www.kalerkantho.com
- ↑ প্ৰতিবেদক, নিজস্ব. (10 September 2019). 'পাওয়াৰ ভয়েজ' খ্যাত ৰেশমি মিৰ্জা লাক্স ক্যাফে লাইভ পৰ্ব ২৩০. Prothomalo
- ↑ Pratidin, Bangladesh. (20 December 2024). এক যুগ পৰ ৰেশমীৰ ‘মাটি’. bd-pratidin
- ↑ (December 2024). Resmi Mirza’s ‘Mati’ released after a decade. daily-sun
- ↑ ডেস্ক, বিনোদন. (6 February 2022). ‘প্ৰেমেৰ লাড্ডু’ নিয়ে এলেন দুই মিৰ্জা. dhakapost
- ↑ দুই মিৰ্জাৰ গানচিত্ৰ ‘প্ৰেমেৰ লাড্ডু’. kalerkantho
- ↑ জুলফিকাৰ জাহেদীৰ কথা-সুৰে গাইলেন ৰেশমি. newsg24
- ↑ (21 May 2016). A Chat With Reshmi. The Daily Star
- ↑ গান আলাপনে শহীদ ও ৰেশমী. Jugantor
- ↑ (15 January 2022). বিটিভিৰ ‘গান আলাপন’. ajkerpatrika
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেশ্মি মিৰ্জা” প্ৰবন্ধৰ সংশোধন ৬১৬৮৯০ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।