অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেজিয়া ৰহিমটুলা

ৰেজিয়া ৰহিমটুলা (Razia Rahimtoola) (ৰেজিয়া এ. কে. গুল-মহম্মদৰ জন্ম ১৯১৯ চনৰ ২৯ আগষ্টত বোম্বাইত; মৃত্যু ১৯৮৮ চনৰ ১৩ নৱেম্বৰত কৰাচীত) কৰাচীৰ শিশু চিকিৎসা জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰৰ অধ্যক্ষ আছিল। ৰয়েল কলেজ অৱ ফিজিচিয়ানছ ফেল' হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা আছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰেজিয়া ৰহিমটুলা (Razia Rahimtoola) (ৰেজিয়া এ. কে. গুল-মহম্মদৰ জন্ম ১৯১৯ চনৰ ২৯ আগষ্টত বোম্বাইত; মৃত্যু ১৯৮৮ চনৰ ১৩ নৱেম্বৰত কৰাচীত) কৰাচীৰ শিশু চিকিৎসা জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰৰ অধ্যক্ষ আছিল।১ ৰয়েল কলেজ অৱ ফিজিচিয়ানছ ফেল' হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা আছিল।২

শিক্ষা আৰু কৰ্মজীৱন

তেওঁ ১৯৪২ চনত গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পাছত জে.জে. চিকিৎসালয়, বোম্বাইত ছয় মাহ ধৰি গৃহ চিকিৎসক হিচাপে কাম কৰে।

তাৰ পাছত তেওঁক আই.এম.এছ/এল.এ.এম.চি.-ত নিযুক্তি দিয়া হৈছিল।এ.এম.চি. আৰু এজন শ্ৰেণীৱদ্ধ চিকিৎসক হিচাপে কাৰ্য্যনিৰ্বাহ কৰা কাৰ্য্যবাহী মেজৰ পদৱীলৈ উন্নীত হৈছিল। ১৯৪৭ চনত উপমহাদেশৰ বিভাজনৰ পাছত তেওঁ আয়োগৰ পৰা পদত্যাগ কৰিছিল আৰু স্নাতকোত্তৰ অধ্যয়নৰ বাবে যুক্তৰাজ্যলৈ গৈছিল। তেওঁ ১৯৫১ চনত ডি.চি.এইচ. লণ্ডন লাভ কৰে আৰু তাৰ পিছত ১৯৫৩ চনত এম.আৰ.চি.পি. এডিনবাৰ্গ লাভ কৰিছিল।২ যুক্তৰাজ্যত থকাৰ সময়ত তেওঁ চাউথ ৱেলছত জ্যেষ্ঠ গৃহ বিষয়া আৰু জ্যেষ্ঠ পঞ্জীয়ক হিচাপেও কাম কৰিছিল।

১৯৫৩ চনত পাকিস্তানলৈ উভতি অহাৰ পিছত ডাঃ ৰহিমতুলাক ডাউ মেডিকেল কলেজৰ চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক আৰু কৰাচীৰ অসামৰিক চিকিৎসালয়ৰ সহযোগী চিকিৎসক হিচাপে নিযুক্তি দিয়া হয়।৩ এই সময়ছোৱাত (১৯৬২) তেওঁ ফুলব্ৰাইট গ্ৰাণ্টৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাল্টিমোৰ জন্স হপকিন্স হেলেন টাউচিকৰ অধীনত পেডিয়াট্ৰিক কাৰ্ডিঅ'লজীৰ প্ৰশিক্ষণ লাভ কৰিছিল।

১৯৬৩ চনৰ শেষৰ ফালে ডাঃ ৰেজিয়াই জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰ কৰাচীত শিশু চিকিৎসা বিজ্ঞানত নিযুক্তি লাভ কৰে।১ ১৯৬৪ চনত তেওঁক এফ.আৰ.চি.পি‍ প্ৰদান কৰা হৈছিল। ১৯৭২ চনত অধ্যাপক হামিদ এম খানৰ অৱসৰৰ পাছত তেওঁক জেপিএমচি পেডিয়াট্ৰিক্সৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল। এই সময়ছোৱাত তেওঁক পাকিস্তানৰ কলেজ অৱ ফিজিচিয়ানছ এণ্ড ছাৰ্জনছৰ দ্বাৰা ফেল'শ্বিপ প্ৰদান কৰা হৈছিল। শিশু স্বাস্থ্য আৰু শিশু ৰোগৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সোণৰ পদক প্ৰদান কৰিছিল।৪

প্ৰশংসা

শিশু আৰু শিশুৰ পুষ্টিৰ ওপৰত বিশদ অধ্যয়নৰ বাবে ৰেজিয়া ৰহিমতুলা এগৰাকী ‘মনত ৰখা শিক্ষয়িত্ৰী’ হিচাপে বিখ্যাত হৈছিল।৫

অধ্যাপক ৰহিমতুলাক মানৱতা আৰু সাধাৰণতে চিকিৎসা বৃত্তিৰ প্ৰতি কৰা কামৰ বাবে ‘ৰত্ন’ বুলি অভিহিত কৰা হৈছিল।

ব্যক্তিগত জীৱন

কৰাচীৰ বাহিৰত থকা এজন উকীলৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। কঠিন অসুস্থতাৰ অন্তত তেওঁৰ মৃত্যু হয়।

তেওঁৰ শহুৰেক হুসেনালি ৰহিমতুলা ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰেচিডেন্সীৰ এগৰাকী সুপৰিচিত বিধায়ক আছিল।

বঁটা

  • পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা পেডিয়াট্ৰিকছত অৱদানৰ বাবে স্বৰ্ণ পদক ৬

তথ্যসূত্ৰ

  1. ↑ Grants for Scientific Research. Islamia University
  2. ↑ (4 August 2014). http://www.dawn.com/news/1123110
  3. ↑ (18 November 2013). Dow Medical College class of 1960
  4. ↑ History of Paediatrics in Pakistan. PJMHS
  5. ↑ Razia Rahimtoola was noted as a 'teacher to remember'
  6. ↑ Obituary Prof. Razia J.Rahimtoola. Journal of Pakistan Medical Association

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেজিয়া ৰহিমটুলা” প্ৰবন্ধৰ সংশোধন ৪৯৫৪৪৩ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।