ৰেশমা কুৰেশ্বী ( Reshma Qureshi ) এগৰাকী ভাৰতীয় মডেল, ব্লগাৰ আৰু এচিড বিৰোধী কৰ্মী। তেওঁ মেক লাভ নট স্কাৰছ্ৰ (অৰ্থ:ভাল পোৱা, দাগ নহয়) মুখপাত্ৰ। ২০১৬ চনৰ নিউয়ৰ্ক ফেশ্বন উইকত ফেচন ডিজাইনাৰ অৰ্চনা কোছাৰৰ বাবে কেটৱকত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা আমেৰিকাত মডেলিঙৰ ক্ষেত্ৰখনত ৰেশমাৰ আগ্ৰাসন ঘটিছিল।
প্ৰাৰম্ভিক জীৱন আৰু এচিদ আক্ৰমণ
কুৰেশী আছিল পূব মুম্বাইৰ এজন টেক্সি চালকৰ কনিষ্ঠ কন্যা।১ তেওঁলোকে পৰিয়ালৰ মুঠ দহজন সদস্যই একেলগে দুটা বেডৰুমৰ এপাৰ্টমেণ্ট এটাত বাস কৰিছিল।২ তেওঁ বাণিজ্য শাখাত অধ্যয়ন কৰিছিল।৩
২০১৪ চনৰ ১৯ মে’ত সোতৰ বছৰ বয়সত কুৰেশ্বী আলিম পৰীক্ষাৰ বাবে এলাহাবাদ চহৰলৈ যোৱাৰ সময়ত ঘনিষ্ঠতা নথকা এজন আত্মীয় আৰু আন দুজন ব্যক্তিয়ে ছালফিউৰিক এচিডেৰে তেওঁক আক্ৰমণ কৰে। আচলতে আক্ৰমণটো তেওঁৰ ভনীয়েক গুলচনক লক্ষ্য কৰি কৰা হৈছিল, যদিও ৰেশমাকে গুলচন বুলি ভুল কৰা হৈছিল। ঘটনা সংঘটিত হোৱাৰ পিছত আত্মীয়জনক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু আন দুজন আক্ৰমণকাৰী কেতিয়াও ধৰা নপৰিল।৪
এচিদ আক্ৰমণত ৰেশমাৰ মুখ আৰু বাহুত দাগ লগাৰ লগতে চকু এটা সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। তেওঁৰ মনলৈ আত্মহত্যাৰ কম সময়ৰ বাবে আত্মহত্যাৰ ভাব এটা আহিছিল। কিন্তু সুস্থ হোৱাৰ পিছত তেওঁ মেক লাভ নট স্কাৰছ্ অভিযানৰ মুখপাত্ৰ হৈ পৰে, যাৰ লক্ষ্য হৈছে এচিডৰ আক্ৰমণ আৰু ভাৰতত এচিড বিক্ৰীৰ অন্ত পেলোৱাৰ অভিযানৰ দ্বাৰা “যিসকল আক্ৰমণৰ বলি হৈছে, তেওঁলোকক কণ্ঠস্বৰ” দিয়া।৫ এচিড বিক্ৰীৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ উপায় হিচাপে তেওঁ অনলাইনত সৌন্দৰ্যৰ টিউটৰিয়েল বনাবলৈও আৰম্ভ কৰে।৬
২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ইণ্ডিয়া নিউ ইংলেণ্ড নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কুৰেশ্বী সোধা হৈছিল যে তেওঁৰ আক্ৰমণকাৰীৰ খবৰ পাইছে নেকি? তেওঁ উল্লেখ কৰে, মই আক্ৰমণকাৰী বা তেওঁৰ পৰিয়ালৰ সৈতে তেনেকৈ কথা পতা নাই, কিন্তু মই তেওঁক দুমাহ আগতে আদালতত লগ পাইছিলো। মই সহজাত প্ৰবৃত্তিৰ বশৱৰ্তী হৈ তেওঁৰ ডিঙিটো মুচৰি পেলাব বিচাৰিছিলো। সঁচা কথা ক'বলৈ গ'লে... মোক দেখি তেওঁ নিজৰ অধিবক্তাক আৰু মানুহবোৰক ক'লে, ‘তেওঁ এতিয়া বিখ্যাত মানুহ আৰু মডেল হৈ পৰিছে। তেওঁ ভাল ঠাইত আছে। গতিকে অনুগ্ৰহ কৰি মোক মুকলি হোৱাত সহায় কৰক।’ ৭
মডেলিং
কুৰেশ্বী মেক লাভ, নট স্কাৰছ অভিযানৰ প্ৰমুখ। নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি ২০১৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁৰ ভিডিঅ'সমূহে ৯ লাখতকৈ অধিক দৰ্শন লাভ কৰিছে।৪
২০১৬ চনৰ নিউয়ৰ্ক ফেশ্বন উইকৰ বাবে তেওঁ ভাৰতীয় ডিজাইনাৰ অৰ্চনা কোছাৰৰ বাবে কেটৱক কৰিছিল।[10] কুৰেছিৰ মেকআপ চিকা চানে আৰু চুলিৰ ডিজাইন অব্ৰে লুটছে কৰিছিল।[5] এই অভিজ্ঞতাৰ বিষয়ে কুৰেশ্বীয়ে কয়, এই কেটৱক মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল। কাৰণ মোৰ দৰে ইমানবোৰ ছোৱালী আছে, যি এচিড আক্ৰমণৰ পৰা ৰক্ষা পৰিছে, আৰু ইয়াৰ দ্বাৰা তেওঁলোকক সাহস দিয়া হ'ব। আৰু ই চেহেৰাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা মানুহবোৰক এইটোও বুজাই দিব যে বেটুপাতটো চায়ে কিতাপখনৰ বিষয়ে ধাৰণা লোৱা উচিত নহয়। ৮
২০১৬ চনৰ এন.ৱাই.এফ.ডব্লিউত তেওঁ বৈশালী কৌচৰৰ বাবে৯ আৰু ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত কুৰেশ্বীয়ে মহীশূৰত অনুষ্ঠিত হোৱা ক্ৰকছ মাইচোৰ ফেশ্বন উইকত ডিজাইনাৰ জাহিনাৰ বাবে তেওঁ ৰেম্পত খোজ কাঢ়িছিল।১০
তথ্যসূত্ৰ
- ↑ Ashraf, Shara. (9 Sep 2016). 11 things you didn't know about acid attack survivor Reshma Qureshi. Hindustan Times
- ↑ Gill, Harsimran. (10 Mar 2016). Indian acid attack victims share their stories. Aljazeera
- ↑ (13 Oct 2014). No respite for India's acid victims despite promised compensation. The National
- ↑ Rogers, Katie. (9 Sep 2015). With Red Lipstick, Indian Acid Attack Victim Makes a Bold Statement. New York Times
- ↑ Buncombe, Andrew. (8 Sep 2016). Indian acid attack survivor walks the runway at New York Fashion Week. The Independent
- ↑ (6 Sep 2016). Reshma Qureshi: Model, campaigner, acid attack survivor. BBC
- ↑ Sud, Kishori. (September 17, 2017). Attacker wants me to 'let him go': Acid attack survivor Reshma Qureshi. India New England News
- ↑ Mei, Gina. (9 Sep 2016). Acid Attack Survivor Reshma Qureshi Slays the New York Fashion Week Runway. Cosmopolitan
- ↑ Rodulfo, Kristina. (10 Sep 2016). See Striking Photos of Acid Attack Survivor Reshma Qureshi Walking at NYFW. Elle UK
- ↑ Sebastian, Shilpa. (September 14, 2017). The face of grit. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেশমা কুৰেশ্বী” প্ৰবন্ধৰ সংশোধন ৫৯৭৯১৩ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।