ৰেনেট ৰেইনছভে (নৰৱেজিয়ান: Renate Reinsve; জন্ম: ২৪ নৱেম্বৰ ১৯৮৭) এগৰাকী নৰৱেজিয়ান অভিনেত্ৰী। তেওঁ লুৱাকিম ট্ৰাইয়াৰৰ ছবি অচলো, আগষ্ট ৩১ (২০১১) যোগে চলচ্চিত্ৰ জগতত অভিষেক ঘটাইছিল। ট্ৰাইয়াৰৰে পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী-ড্ৰামা ছবি দ্য ৱৰ্ষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড (২০২১)-ত কৰা মুখ্য অভিনয়ৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে। এই ছবিখনৰ বাবে তেওঁ কান চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ লগতে বাফটা বঁটাৰ বাবে মনোনীত হৈছিল।
২০২৪ চনত তেওঁ লিগেল থ্ৰিলাৰ ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্ট আৰু চাইক’লজিকেল ডাৰ্ক কমেডী ছবি এ ডিফাৰেণ্ট মেনৰ জৰিয়তে হলিউডত আত্মপ্ৰকাশ কৰে। ২০২৫ চনত তেওঁ পুনৰ ট্ৰাইয়াৰৰ ছবি চেণ্টিমেণ্টেল ভেলুত অভিনয় কৰে, যাৰ বাবে তেওঁ গোল্ডেন গ্ল’ব বঁটা, বাফটা বঁটা আৰু অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনীত হয়। ইয়াৰ সৈতে তেওঁ এই শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা দ্বিতীয়গৰাকী নৰৱেজিয়ান অভিনেত্ৰী হিচাপে পৰিগণিত হয়। ২০২৬ চনত তেওঁ এ২৪ ৰ কল্পবিজ্ঞান হৰৰ ছবি বেকৰুমছত অভিনয় কৰিব।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ড্ৰামেনৰ উপনগৰ চোলবাৰ্গেলভাত জন্মগ্ৰহণ কৰা ৰেইনছভেয়ে অচলোৰ 'কুন্সটহগস্কোলেন ই অচলো'ত (অচলো নেচনেল একাডেমী অৱ দ্য আৰ্টচ) শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ নৰৱেৰ ট্ৰণ্ডহেইমৰ 'ট্ৰণ্ডলাগ থিয়েটাৰ'ত যোগদান কৰে।
১৬ বছৰ বয়সত বিদ্যালয়ৰপৰা বহিষ্কাৰ হোৱাৰ পিছত ৰেইনছভে নৰৱে এৰি স্কটলেণ্ডলৈ গুচি গৈছিল আৰু এডিনবাৰ্গৰ এটা হোষ্টেলত আছিল। হাতত ধন শেষ হৈ অহাৰ সময়ত হোষ্টেলটোৰ পৰিচালকে তেওঁলৈ "বেয়া পাই" হোষ্টেলটোৰবাৰত কামৰ সুবিধা কৰি দিছিল।১
ব্যক্তিগত জীৱন
২০২৫ চনৰ নৱেম্বৰ মাহত ভৌগ আলোচনীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত২ ৰেইনছভে প্ৰকাশ কৰে যে তেওঁৰ এজন ছয়বছৰীয়া পুত্ৰ সন্তান আছে। তেওঁৰ প্ৰাক্তন সংগী তথা এনিমেটৰ জুলিয়ান নাজাৰিঅ' ভাৰ্গাচৰ সৈতে তেওঁ এই সন্তানৰ মাতৃ হৈছিল। ইয়াৰ এসপ্তাহৰ পিছত 'এল' "ৱমেন ইন হলিউড" অনুষ্ঠানত এক ভাষণ প্ৰদান কৰি তেওঁ পুত্ৰৰ কথা উল্লেখ কৰি কয়: "মোৰ পুত্ৰ এজন অতি আশ্চৰ্যকৰ ব্যক্তি, অত্যন্ত সংবেদনশীল, শক্তিশালী আৰু কুল; তেওঁক ইয়াত পাই মই বহুত সুখী।" ৩ ২০২৫ চনৰ ২৬ নৱেম্বৰত লেট নাইট উইথ চেথ মায়াৰ্ছ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ জনাইছিল যে তেওঁক 'গাৰ্ল স্কাউট'ৰপৰা উলিয়াই দিয়া হৈছিল; তেতিয়াই স্কাউটৰ দলপতিগৰাকীয়ে তেওঁক থিয়েটাৰৰ সৈতে জড়িত হ'বলৈ পৰামৰ্শ দিছিল। ইয়াৰ উপৰি তেওঁ নিজৰ পৰিয়ালৰ হাৰ্ডৱেৰ দোকানখনতো কাম কৰিছিল। ৰেইনছভেৰ মতে, সেই কামত তেওঁৰ একেবাৰেই আগ্ৰহ নাছিল আৰু সেয়েহে তেওঁক সেই কামৰপৰাও অব্যাহতি দিয়া হৈছিল।৪
তথ্যসূত্ৰ
- ↑ The Late Late Show with James Corden. (23 March 2022). Olivia Rodrigo Used Her Driver's License to Visit a British Pub. YouTube
- ↑ Vogue. (2025-11-11). Renate Reinsve Went Deep (and Got Giggly) on the Set of 'Sentimental Value'. Vogue
- ↑ (2025-11-18). Renate Reinsve Gives Her 'Wonderful' Son a Shout-Out in Her ELLE Women in Hollywood Speech. Yahoo Entertainment
- ↑ (2025-11-27). Renate Reinsve dukket opp på «Late Night with Seth Meyers»
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেনেট ৰেইনছভে” প্ৰবন্ধৰ সংশোধন ৫৯০৬৭৯ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।