ৰেণু চক্ৰৱৰ্তী (Renu Chakravartty,(১৯১৭-১৯৯৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী নেতা৷ তেওঁ এগৰাকী সাংসদ আৰু শিক্ষাবিদ আছিল।
প্ৰাৰম্ভিক জীৱন
সাধন চন্দ্ৰ আৰু ব্ৰহ্মকুমাৰী ৰায়ৰ ঘৰত ১৯১৭ চনৰ ২১ অক্টোবৰত কলকাতাত ৰেণু চক্ৰৱৰ্তীৰ জন্ম হৈছিল৷ তেওঁ কলকাতাৰ লৰেটো হাউচ, ভিক্টোৰিয়া ইনষ্টিটিউচন আৰু কেম্ব্ৰিজৰ নিউনহাম কলেজত শিক্ষা গ্ৰহণ কৰে। কলকাতাত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কেম্ব্ৰিজত ইংৰাজী সাহিত্যত ট্ৰাইপ' লাভ কৰে।১২৩
তেওঁ ড০ বিধান চন্দ্ৰ ৰয়ৰ ভতিজী৷ তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজনৈতিক বিষয়ত আগ্ৰহী হৈছিল। ১৯৩৮ চনত তেওঁ ব্ৰিটিছ কমিউনিষ্ট ৰাজনী পালমে দত্তৰ সংস্পৰ্শলৈ আহি গ্ৰেট বৃটেইনৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। সেই বছৰতে ভাৰতলৈ উভতি আহোঁতে তেওঁ ভাৰতৰ অবৈধ কমিউনিষ্ট পাৰ্টিৰ সদস্যপদ লাভ কৰে আৰু সক্ৰিয় বাওঁ ৰাজনীতিত সংযুক্ত হয়।১৪
বিবাহ আৰু ৰাজনীতি
১৯৪২ চনত বিশিষ্ট সাংবাদিক নিখিল চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। চল্লিশৰ দশকৰ আৰম্ভণিতে তেওঁ কলিকতা বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰে। ৰাণী মিত্ৰ দাসগুপ্ত আৰু মণিকুন্তলা সেনৰ সৈতে তেওঁ মহিলা আত্মৰক্ষা সমিতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিছলৈ ই তেভাগা আন্দোলনত ভূমিকা পালন কৰিছিল।৩৫৬ আৰু ১৯৬২ চনত বাৰাকপুৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।৭১৯৬৪ চনত চিপিআই বিভাজনৰ পিছত তেওঁ পুৰণি সংগঠনটোৰ সৈতে থাকিবলৈ সিদ্ধান্ত লয়,১ আৰু ১৯৬৭ আৰু ১৯৭১ চনত একেৰাহে দুটা নিৰ্বাচনত একেটা সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ মোঃ ইছমাইলৰ হাতত পৰাস্ত হয়।৮৯
ৰাজনৈতিক জীৱনৰ প্ৰায় চাৰি দশকত তেওঁ শ্ৰমিক আন্দোলনত সক্ৰিয় আছিল, বহু ধৰ্মঘটৰ আয়োজন কৰিছিল আৰু বহুবাৰ জেললৈ গৈছিল। নাৰী আন্দোলনত তেওঁৰ অৱদান গুৰুত্বপূৰ্ণ। ১৯৫৩ চনত তেওঁ নিৰ্বাচিত হোৱা আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থাকে ধৰি বহু সংগঠনৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল।১১০
তথ্যসূত্ৰ
- ↑ Samsad Bangali Charitabhidhan (Biographical Dictionary) by Anjali Bose, Vol II, 3rd edition 2004, page 309,, (in Bengali) Sishu Sahitya Samsad Pvt. Ltd., 32A Acharya Prafulla Chandra Road, Kolkata-700009
- ↑ Members of Parliament – Lok Sabha - Profile. Chakravartty, Smt. Renu. reFocus india
- ↑ Chakravartty, Renu (1917-1994). Blackwell Reference Online
- ↑ Nikhilda, a champion of press freedom, dies of cancer. Express News Service, 28 June 1998
- ↑ নিঃস্ব মহিলাসকলৰ সহায়ৰ বাবে তেওঁ মাকৰ সৈতে নাৰী সেৱা সংঘৰ সৈতে জড়িত আছিল।[1] ১৯৪৮ চনত যেতিয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টি অবৈধ বুলি ঘোষণা কৰা হয়, তেতিয়া তেওঁ আত্মগোপন কৰে। ১৯৫২ আৰু ১৯৫৭ চনত বাছিৰহাটৰ পৰা,<ref name=loksabha1952>General Elections, India, 1951- Constituency Wise Detailed Results. West Bengal. Election Commission
- ↑ General Elections, India, 1957- Constituency Wise Detailed Results. West Bengal. Election Commission
- ↑ General Elections, India, 1962- Constituency Wise Detailed Results. West Bengal. Election Commission
- ↑ General Elections, India, 1967 - Constituency Wise Detailed Results. West Bengal. Election Commission
- ↑ General Elections, India, 1971 - Constituency Wise Detailed Results. West Bengal. Election Commission
- ↑ (1953). As One! For Equality, For Happiness, For Peace. Women's International Democratic Federation. পৃ. 264–265
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণু চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৪৮৫০৮৬ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।