জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৱাছফিয়া নাজৰিন
ৱাছফিয়া নাজৰীন Wasfia Nazreen এগৰাকী বাংলাদেশী পৰ্বতাৰোহী আৰু পৰিৱেশ কৰ্মী। নাজৰীন বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কে২ (K2) আৰোহণকাৰী প্ৰথম গৰাকী বাংলাদেশী। ১৯৫৪ চনৰ পৰা ইতিহাসত সফলতাৰে কে২ আৰোহণ কৰা ৪০ গৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম হৈ পৰে।
-
ৱাণ্ডা ৰুটকিভিচ
ৱাণ্ডা ৰুটকিভিচ (:Wanda Rutkiewicz;পোলিছ উচ্চাৰণ: [/ˈvanda rutˈkʲevitʂ/] ৪ ফেব্ৰুৱাৰী ১৯৪৩ – ১২–১৩ মে' ১৯৯২ ) এগৰাকী পোলেণ্ডৰ পৰ্বতাৰোহী আৰু কম্পিউটাৰ অভিযন্তা আছিল। তেওঁ K2 ৰ শিখৰত উপনীত হোৱা প্ৰথম মহিলা আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা তৃতীয় মহিলা (প্ৰথম ইউৰোপীয় মহিলা)।
-
ৱান ডাইৰেকশ্বন
ৱান ডাইৰেকশ্বন (One Direction) হৈছে ২০১০ চনত গঠিত হোৱা ল'ৰাৰ এটা ব্ৰিটিছ বেণ্ড। ইয়াৰ সদস্যসকল হৈছে: নিয়াল হ'ৰাণ, জাইন মালিক, লিয়াম পাইন, হেৰী ষ্টাইলছ আৰু লুইছ টমলিনছন। এই বেণ্ডটোৱে ব্ৰিটিছ সংস্কৰণৰ 'দা এক্স ফেক্টৰ'ৰ সপ্তমটো ছিৰিজত তৃতীয় স্থান দখল কৰিছিল।
-
ৱানৱিমোল জেনাছাৱমেথি
ৱানৱিমোল জেনাছাৱমেথি (থাই: วรรณวิมล เจนอัศวเมธี; জন্ম ১৯ এপ্ৰিল ২০০০), ডাকনাম জুন (จูน), এগৰাকী থাই অভিনেত্ৰী। তেওঁ টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট (২০২০), এফ ফোৰ থাইলেণ্ড° বয়েজ অ’ভাৰ ফ্লাৱাৰ্ছ (২০২১) আৰু ২৩.৫ (২০২৪) ধাৰাবাহিকত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত।
-
ৱালিদ আল-হুছেইনী
ৱালিদ আল-হুছেইনী বা ৱালিদ হুছেইন (Waleed Al-Husseini, জন্ম ২৫ জুন, ১৯৮৯) এগৰাকী পেলেষ্টাইনী নাস্তিক, ৰচনাকাৰ, লেখক, ব্লগাৰ, প্ৰাক্তন মুছলমান আৰু ফ্ৰান্সৰ প্ৰাক্তন মুছলমান পৰিষদৰ প্ৰতিষ্ঠাপক। পশ্চিম পাৰৰ কালকিলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা হুছেইনীয়ে ২০১২ চনৰ পৰা ফ্ৰান্সত বাস কৰি আহিছে।
-
ৱালুছা ডি চুজা
ৱালুছা ডি চুজা (ইংৰাজী: Waluscha De Sousa; জন্ম: ২৮ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি ফেনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল।
-
ৱাহিদুদ্দিন খান
মৌলানা ৱাহিদুদ্দিন খান ( ইংৰাজী: Maulana Wahiduddin Khan, ১ জানুৱাৰী ১৯২৫ – ২১ এপ্ৰিল ২০২১) এজন ভাৰতীয় ইছলামিক পণ্ডিত আৰু শান্তি কৰ্মী আৰু লেখক আছিল যিয়ে কোৰআনৰ ওপৰত এটা টীকা লিখা আৰু সমসাময়িক ইংৰাজীলৈ অনুবাদ কৰাৰ বাবে পৰিচিত। বিশ্বৰ "৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান"ৰ তালিকাত তেওঁৰ নাম আছিল।
-
ৱিনু উদানী চিৰিৱৰ্ধনা
ৱিনু উদানী চিৰিৱৰ্ধনা (জন্ম: ১০ মাৰ্চ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু টেলিভিছন উপস্থাপিকা। ২০১২ চনত তেওঁ "দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সুমুদু প্ৰসাদিনীৰ সৈতে যুটীয়াভাৱে 'দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২' খিতাপ অৰ্জন কৰিবলৈ সক্ষম…
-
ৱিলহেল্ম ৱুণ্ট
ৱিলহেল্ম মাক্সিমিলিয়ান ৱুণ্ট (Wilhelm Maximilian Wundt,;; ১৬ আগষ্ট ১৮৩২ – ৩১ আগষ্ট ১৯২০) আছিল এগৰাকী জাৰ্মান চিকিৎসক, দাৰ্শনিক, অধ্যাপক আৰু আধুনিক মনোবিজ্ঞানৰ অন্যতম পিতৃপুৰুষ।
-
ৱিলিয়াম পেন
ৱিলিয়াম পেন (William Penn,; – ) ইউৰোপীয় উপনিৱেশিকৰণৰ পূৰ্বে বৰ্তমানৰ পেনচিলভেনিয়াত বাস কৰা লেনাপে খিলঞ্জীয়া লোকসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সফল চুক্তিৰ বাবে পৰিচিত আছিল। তেওঁ গণতন্ত্ৰ আৰু ধৰ্মীয় স্বাধীনতাৰ পোষকতা কৰিছিল।
-
ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ
ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ (July 6, 1924 – December 23, 2007) এজন আমেৰিকান শৰীৰতত্ত্ববিদ। মগজুৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম।
-
ৱুৰাওলা এছান
প্ৰধান ৱুৰাওলা আদেপেজু এছান (Chief Wuraola Adepeju Esan, ১৯০৯–১৯৮৫) এগৰাকী নাইজেৰিয়ান শিক্ষয়িত্ৰী, নাৰীবাদী আৰু ৰাজনীতিবিদ আছিল। ইবাদানৰ ইয়ালোড হিচাপে কাম কৰি তেওঁ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাক এজন পৰম্পৰাগত অভিজাত ব্যক্তিৰ উচ্চাকাংক্ষাৰ সৈতে সংযুক্ত কৰিছিল।
-
ৱেই টিংটিং
ৱেই টিংটিং (Wei Tingting; জন্ম: ১৯৮৯) এগৰাকী চীনা LGBTI+ আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম।
-
ৱেই ডিং
ৱেই ডিং (Wei Ding) এগৰাকী চীন-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ বৰ্তমান মেছাচুচেট্ছ ব’ষ্টন বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞানৰ পূৰ্ণ অধ্যাপিকা হিচাপে কৰ্মৰত।
-
ৱেই ৱাং
ৱেই ৱাং (ইংৰাজী: Wei Wang) এগৰাকী চীনত জন্মগ্ৰহণ কৰা আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ (ইউচিএলএ) কম্পিউটাৰ বিজ্ঞান আৰু কম্পিউটেশ্যনেল মেডিচিন বিভাগৰ লিয়নাৰ্ড ক্লেইনৰক চেয়াৰ প্ৰফেচৰ আৰু স্কেলেবল এনালিটিক্স ইনষ্টিটিউটৰ (এছচিএআই) সঞ্চালক।
-
ৱেণ্ডী এণ্ড্ৰিয়ানো
ৱেণ্ডী এলিজাবেথ এণ্ড্ৰিয়ানো ( Wendi Elizabeth Andriano; জন্ম: ৬ আগষ্ট, ১৯৭০) ২০০০ চনত তেওঁৰ স্বামী জোক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা এগৰাকী আমেৰিকান মহিলা। এৰিজোনাৰ মৃত্যুদণ্ডৰ শাৰীত থকা এগৰাকী বন্দী আৰু এৰিজোনা ষ্টেট প্ৰিজন কমপ্লেক্স - পেৰিভিলৰ লামলি ইউনিটত বন্দী হৈ আছে।
-
ৱেন হুই
ৱেন হুই (ইংৰাজী: Wen Hui; জন্ম ১৯৬০) এগৰাকী চীনা নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ (নৃত্য পৰিচালক)। তেওঁ বেইজিঙত চীনৰ প্ৰথমটো স্বতন্ত্ৰ নৃত্য থিয়েটাৰ কোম্পানী 'লিভিং ডান্স ষ্টুডিঅৰ সহ-প্ৰতিষ্ঠা কৰিছিল।
-
ৱেনানিতা আংগাং
ৱেনানিতা আংগাং (ইংৰাজী: Wenanita Angang) এগৰাকী মালয়েছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
ৱেন্যুয়ান জু
ৱেন্যুয়ান জু (ইংৰাজী: Wenyuan Xu; চীনা: 徐文渊) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী যিয়ে বেতাঁৰ নেটৱৰ্ক, এম্বেডেড চিষ্টেম আৰু ইণ্টাৰনেট অৱ থিংছৰ সুৰক্ষা বিষয়ত গৱেষণা কৰে। তেওঁ ঝেজিয়াং বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ইউবিকুইটাছ চিষ্টেম ছিকিউৰিটি লেবৰেটৰীৰ পৰিচালিকা।
-
ৱৰ্তিকা নন্দা
ড° ৱৰ্তিকা নন্দা (Vartika Nanda)এগৰাকী ভাৰতীয় কাৰাগাৰ সংস্কাৰক আৰু সংবাদ মাধ্যমৰ শিক্ষাবিদ। উদ্যোগ আৰু শিক্ষাৰ অভিজ্ঞতা থকা ছানীয়ে কাৰাগাৰ সংস্কাৰৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰিছে।
-
নৰনাৰায়ণ
মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্বসিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল।
-
সম্ৰাট অশোক
অশোক মৌৰ্য্য (৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক অশোক বা মহামতি অশোক হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল।
-
গুণাভিৰাম বৰুৱা
গুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেওঁৰ "ৰাম নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।
-
দিলীপ কুমাৰ
দিলীপ কুমাৰ (Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’।
-
মুছা
মুছা (Moses) ইহুদি, খ্ৰীষ্টান, আৰু ইছলাম ধৰ্মত স্বীকৃত ৰাছুল বা ঈশ্বৰৰ বাৰ্তাবাহক। তেখেত মোজেছ নামেৰেও পৰিচিত আছিল। কোৰআনত মুছা (আলাইহিছ ছালাম)-ৰ নাম অন্য নবীসকলৰ তুলনাত বেছি উল্লেখ কৰা হৈছে। ধাৰণা কৰা হয় যে মুছা (আলাইহিছ ছালাম) ১২০ বছৰ জীয়াই আছিল।
-
চুহুন্মুং
চুহুংমুং বা চাওফা চ্যু-হুন-মুং বা স্বৰ্গনাৰায়ণ আহোম ৰাজ্যৰ চতুৰ্দশ স্বৰ্গদেউ। চুপিম্ফা (১৪৯৩-১৪৯৭ খ্ৰীঃ)ৰ মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে।
-
দাদাচাহেব ফাল্কে
ধুণ্ডীৰাজ গোবিন্দ ফাল্কে (धुंडीराज गोविंद फाळके), যি দাদাচাহেব ফাল্কে(दादासाहेब फाळके;) নামে অধিক পৰিচিত, (৩০ এপ্ৰিল, ১৮৭০ - ১৬ ফেব্ৰুৱাৰী, ১৯৪৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।
-
দুৰ্যোধন
দুৰ্যোধন (दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জ্যেষ্ঠ। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
-
বিমলা প্ৰসাদ চলিহা
বিমলা প্ৰসাদ চলিহা (Bimala Prasad Chaliha, জন্ম:১৯১২ – মৃত্যু: ১৯৭১) হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।
-
আদম
আদম ( آدم) আব্ৰাহামিক ধৰ্মত আদমক প্ৰথম মানৱ হিচাপে বিশ্বাস কৰা দেখা যায়। কোৰআনত বৰ্ণিত ইছলাম ধৰ্মৰ মতে আদম(আঃ) প্ৰথম মানুহ, প্ৰথম পয়গম্বৰ বা নবী। তেওঁৰ বুকুৰ এটা হাঁড়ৰ পৰা তেওঁৰ স্ত্ৰী হওআক "মানৱজাতিৰ মা" হিচাপে সৃষ্টি কৰা হৈছে বুলি ইছলাম ধৰ্মাৱলম্বী সকলে বিশ্বাস কৰে।