অলিভ কেথেৰিন ক্ৰেডক ( Olive Catherine Craddock) (জন্ম:২২ জানুৱাৰী ১৮৯৪ – মৃত্যু: ১৪ জুলাই ১৯২৬) ব্ৰিটিছ ভাৰতৰ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী এংলো-ইণ্ডিয়ান নৃত্যশিল্পী আছিল, যিয়ে ৰোশনাৰা নামেৰে নৃত্য কৰিছিল। ব্ৰিটেইন আৰু আমেৰিকাত কেন্দ্ৰীয় ভাৰতীয় নৃত্য কৌশল প্ৰদৰ্শনৰ বাবে তেওঁ পৰিচিত আছিল। এপেণ্ডিচাইটিছ ৰোগত আক্ৰান্ত হৈ ত্ৰিশৰ দশকত তেওঁৰ মৃত্যু হয়।১
জীৱনী
১৮৯২ চনৰ ২২ জানুৱাৰীত কলিকতাত ক্ৰেডকৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এংলো-ইণ্ডিয়ান আৰু মাতৃ বৃটিছ নাগৰিক৷ পিতৃৰ নাম জন জেমছ নোলান ক্ৰেডক আৰু মাতৃৰ নাম আছিল মেবেল মেৰী এন এডামছ। ১৯০৯ চনৰ আশে-পাশে ব্ৰিটেইনলৈ যোৱাৰ আগতে তেওঁ ভাৰতত নৃত্য শিকিছিল২। ৰাজকুমাৰী ৰোচনাৰা বেগমৰ চেলিব্ৰিটি হিচাপে নাম জনাজাত হোৱাৰ পিছত ক্ৰেডকে ৰোচনাৰা নাম লয়।৩

তেওঁ লয় ফুলাৰৰ কোম্পানীত নৃত্য কৰিছিল আৰু তাৰ পিছত স্পেনিছ নৃত্যশিল্পী কাৰ্মেন টৰ্ট’লা ভেলেন্সিয়াৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ১৯১১ চনত লণ্ডনত অস্কাৰ আচেৰ কিছমেটত আৰু তাৰ পিছত শ্বেহেৰাজাডেত জোবেইডেৰ চৰিত্ৰত নৃত্য কৰে। এই ভূমিকা আছিল কভেণ্ট গাৰ্ডেনৰ বেলেটছ ৰাছৰ সৈতে। পিছৰ বছৰত তেওঁ আন্না পাভলোভাৰ নৃত্য কোম্পানীত বিশেষ নৃত্যশিল্পী হিচাপে অভিনয় কৰে।২ তেওঁৰ কেইবাটাও নৃত্য আছিল যিবোৰ ফৰাচী সুৰকাৰ লিঅ' ডেলিবেছৰ ১৮৮০ চনৰ প্ৰাচ্য অপেৰা লেকমে৪ৰ উদ্ধৃতি ব্যৱহাৰ কৰি পৰিৱেশন কৰা হৈছিল। ১৯১৬ চনত ক্ৰেডকে আমেৰিকাত কাম কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পৰাই তেওঁ ভ’ডভিল থিয়েটাৰত অভিনয় কৰে। ১৯১৭ চনত তেওঁ আৰু জাপানী নৃত্যশিল্পী মিচ্ছিঅ’ ইট’ একেলগে এডলফ ব’মৰ কোম্পানী বেলে ইনটাইমত বিশেষ নৃত্যশিল্পী হিচাপে কাম কৰিছিল।৪ ৰোচনাৰাই ৰতন দেৱীৰ সৈতেও একেলগ হৈছিল, যি এগৰাকী ব্ৰিটিছ গায়ক আছিল আৰু ভাৰতলৈ সংগীত অধ্যয়ন কৰিবলৈ আহিছিল। দেৱীৰ লগত আছিল তেওঁৰ স্বামী আনন্দ কুমাৰস্বামী, যি ভাৰতীয় সংস্কৃতিৰ বিশেষজ্ঞ হিচাপে বষ্টন মিউজিয়াম অৱ আৰ্টত কৰ্মৰত আছিল। কুমাৰস্বামীয়ে লিখিছিল যে, কেইবছৰমান আগলৈকে ভাৰতীয় শৈলীৰ নৃত্য দেখুওৱা ৰুথ ছেইণ্ট ডেনিছৰ বিপৰীতে ৰোচনাৰা সঁচা অৰ্থত এগৰাকী লোক-নৃত্যৰ নৃত্যশিল্পী আছিল৷৫ ১৯২৩ চনত ক্ৰেডকে নিউয়ৰ্কত "বিদেশী" প্ৰব্ৰজনকাৰী হিচাপে উপস্থিত হয়। ক্ৰেডকে নৃত্য শিকাইছিল আৰু পিছৰ চলচ্চিত্ৰ তাৰকা বেট ডেভিছ তেওঁৰ অন্যতম ছাত্ৰী আছিল।২ ১৯২৬ চনৰ ১৬ জুলাইত উত্তৰ কেৰ'লিনাৰ এশ্বেভিলত ত্ৰিশ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১ মৃত্যুৰ কাৰণ আছিল এপেণ্ডিচাইটিছৰ ৰোগ।৩
ৰোচনাৰাই তেওঁৰ দহটা নৃত্যৰ কপিৰাইট প্ৰকাশ কৰিছিল।৬
ক্ৰেডকক আমেৰিকাৰ নৃত্যশিল্পী ৰুথ চেণ্ট ডেনিছৰ সৈতে তুলনা কৰা হৈছে, যিয়ে আমেৰিকাত প্ৰাচ্য শৈলীৰ নৃত্যক জনপ্ৰিয় কৰি তুলিছিল। যদিও ক্ৰেডকে ভাৰতত নৃত্যৰ প্ৰশিক্ষণ লৈছিল, তেওঁ নিজৰ নৃত্য নিখুঁত আৰু উন্নত কৰাৰ বাবে নিজৰ সময় উচৰ্গা কৰিছিল। ৰুথ চেণ্ট ডেনিছে প্ৰাচ্য শৈলীৰ নৃত্যৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁ নিজাকৈ নৃত্য বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, য'ত তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত মাৰ্থা গ্ৰেহাম আছিল। ক্ৰেডকে কেতিয়াও নিজাকৈ স্কুল স্থাপন কৰা নাছিল আৰু ইয়াৰ কাৰণ বুলি গণ্য কৰা হয় যে, ৰুথ চেণ্ট ডেনিছে তাত ইতিমধ্যেই যথেষ্ট প্ৰভাৱ পেলাইছিল।২ ডেব’ৰা জ’ৱিটে লিখিছে যে, ক্ৰেডকৰ নৃত্য হয়তো ভাৰতত শিকা হোৱা নাছিল; আচলতে তেওঁৰ মতে, ক্ৰেডকৰ শৈলী আৰু কিছু বছৰৰ আগৰ ছেইণ্ট ডেনিছৰ শৈলীৰ মাজত বহু সাদৃশ্য আছে। ছেইণ্ট ডেনিছে অৱশ্যে ক্ৰেডকক সন্মান কৰা যেন লাগিছিল আৰু তেওঁ নিজৰ কেৰিয়াৰ অনুসৰণ কৰিছিল।৪
আছকানৰ চিত্ৰশিল্পী ৰবাৰ্ট হেনৰীৰ তুলিকাৰে ৰোচনাৰাক বন্দী কৰিছিল। ২০০০ চনত এই ছবিখন ১৩২,৫০০ ডলাৰত বিক্ৰী হয়।৭
তথ্যসূত্ৰ
- ↑ (16 July 1926). Roshanara Is Dead. Famous Dancer's Body Is Being Brought Here From Asheville, N.C.. New York Times
- ↑ Roshanara, Victoria and Albert Museum, Retrieved 14 October 2015
- ↑ Olive Craddock. National Portrait Gallery
- ↑ Deborah Jowitt. (1989). Time and the Dancing Image. University of California Press. পৃ. 147–148. ISBN 978-0-520-06627-4
- ↑ Diana Brenscheidt gen. Jost. (2011). Shiva Onstage: Uday Shankar's Company of Hindu Dancers and Musicians in Europe and the United States, 1931–38. LIT Verlag Münster. পৃ. 135–136. ISBN 978-3-643-90108-8
- ↑ Dances, Viaf File, Retrieved 17 October 2015
- ↑ American Paintings, The City Review, Retrieved 14 October 2015
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোচনাৰা” প্ৰবন্ধৰ সংশোধন ৪১২৫১৯ (১৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।