অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেমা মেনন

ৰেমা মেনন এগৰাকী কেৰালাৰ ভাৰতীয় মালয়ালম ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ পাউলো কোয়েলহোৰ উপন্যাস দ্য এলকেমিষ্টৰ মালায়ালম অনুবাদৰ জৰিয়তে বিশেষভাৱে পৰিচিত। এই অনুবাদখন যিকোনো ভাৰতীয় ভাষালৈ কৰা প্ৰথম অনুবাদ আছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰেমা মেনন এগৰাকী কেৰালাৰ ভাৰতীয় মালয়ালম ভাষা ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ পাউলো কোয়েলহোৰ উপন্যাস দ্য এলকেমিষ্টৰ মালায়ালম অনুবাদৰ জৰিয়তে বিশেষভাৱে পৰিচিত। এই অনুবাদখন যিকোনো ভাৰতীয় ভাষালৈ কৰা প্ৰথম অনুবাদ আছিল। খালেদ হোছেইনিৰ And the Mountains Echoed উপন্যাসখনৰ মালয়ালম অনুবাদৰ বাবে তেওঁ ২০১৭ চনত কেৰালা সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰে।

জীৱনী

ৰেমা মেননৰ জন্ম ১৯৪৪ চনৰ ১০ ছেপ্টেম্বৰত বৰ্তমানৰ কেৰালাৰ ত্ৰিচুৰ জিলাত হয়।১ তেওঁ প্ৰখ্যাত মালায়ালম সাহিত্যিক আৰু কেৰালা সাহিত্য একাডেমীৰ প্ৰাক্তন সভাপতি পুঠেঝাথ ৰামন মেননৰ কন্যা।২

ত্ৰিচুৰৰ মালায়ালম মাধ্যম বিদ্যালয়ত তেওঁ শিক্ষালাভ কৰে। পিতৃৰ সমৃদ্ধ পুথিভঁৰালৰ বাবে তেওঁ অতি কম বয়সতেই সাহিত্য পঢ়াত আগ্ৰহী হৈ উঠে আৰু পিছলৈ গৈ লিখনিত মনোনিবেশ কৰে। প্ৰথমে তেওঁ চুটি গল্প লিখিছিল।

তেওঁ বস্ত্ৰ অভিযন্তা নাৰায়ণ মেননৰ সৈতে বিবাহপাশত আবদ্ধ হৈ গুজৰাটৰ আহমেদাবাদলৈ যায়।২ তাত তেওঁ এজনী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল। স্বামীৰ অৱসৰৰ পাছত তেওঁ চাকৰি ত্যাগ কৰি নিজ জন্মভূমি ত্ৰিচুৰলৈ উভতি আহে।২

সাহিত্যিক জীৱন

গুজৰাটত বাস কৰা সময়ছোৱাতেই ৰেমা মেননে সাহিত্য চৰ্চাত অধিক সক্ৰিয়তা লাভ কৰে।২ তেওঁৰ চুটি গল্পসমূহ গৃহলক্ষ্মী, ৱণিতা আৰু কুমকুমম আদি আলোচনীত প্ৰকাশ পায়। ১৯৮৪ চনত কুমকুমম আলোচনীয়ে আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। এই সফলতাই তেওঁক অধিক লিখিবলৈ উৎসাহিত কৰে। পিছলৈ গৈ তেওঁৰ গল্পসমূহ স্মাৰকম আৰু পৈত্ৰিকম নামৰ দুটা সংকলনত প্ৰকাশ পায়।২

৫৬ বছৰ বয়সত তেওঁ অনুবাদ সাহিত্যত প্ৰৱেশ কৰে। পুত্ৰ মধুৰ পৰা দ্য এলকেমিষ্ট উপন্যাসখনৰ বিষয়ে শুনি তেওঁ ইংৰাজী সংস্কৰণখন পঢ়ে আৰু মনোৰঞ্জন স্বৰূপে মালায়ালমলৈ অনুবাদ কৰে। পাছলৈ এই অনুবাদখনে প্ৰকাশ পায় আৰু ২০০০ চনত ডি.চি. বুকছে ইয়াক প্ৰকাশ কৰে।৩

এই গ্ৰন্থখন যিকোনো ভাৰতীয় ভাষালৈ কৰা The Alchemist-ৰ প্ৰথম অনুবাদ আছিল আৰু বৰ্তমানলৈকে ইয়াৰ ৪৮টা সংস্কৰণ প্ৰকাশ পাইছে।২

ৰেমা মেননে এতিয়ালৈকে ৬০ৰো অধিক ইংৰাজী সাহিত্যকৰ্ম মালায়ালমলৈ অনুবাদ কৰিছে।৪ ইয়াৰ ভিতৰত খালেদ হোছেইনি, হাৰমান হেচে, ই. এম. ফ’ৰ্ষ্টাৰ, স্বেতলানা আলেক্সিয়েভিচ আদি বিশ্বখ্যাত লেখকৰ গ্ৰন্থসমূহ উল্লেখযোগ্য।

বৰ্তমান তেওঁ দক্ষিণ কোৰিয়াৰ উপন্যাস A River in Darkness-ৰ মালায়ালম অনুবাদত নিয়োজিত আছে।২

বঁটা আৰু সন্মান

  • কেৰালা সাহিত্য একাডেমী অনুবাদ বঁটা (২০১৭) — Parvathangalum Matolikollukunnu গ্ৰন্থৰ বাবে

তথ্যসূত্ৰ

  1. ↑ Rema Menon. Goodreads
  2. ↑ Chandra, Rekha. (2019-06-28). മൊഴിമാറ്റകലയിലെ ആല്‍ക്കെമിസ്റ്റ്: മുതിര്‍ന്ന വിവര്‍ത്തക രമാ മേനോന്റെ എഴുത്തും ജീവിതവും. Samakalika Malayalam. The New Indian Express
  3. ↑ പൗലോ കൊയ്‌ലോയും രമാ മേനോനും: വിവർത്തനത്തിന്റെ രണ്ടു പതിറ്റാണ്ടും. Manoramaonline. Malayala Manorama
  4. ↑ (2021-09-28). A translator removes the boundaries of language: Rema Menon. Mathrubhumi

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকঅনুবাদককেৰালাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেমা মেনন” প্ৰবন্ধৰ সংশোধন ৫৬৯৮৬৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।