ৰোছা ছালাজাৰ (ইংৰাজী ভাষা: Rosa Salazar; জন্ম: ১৬ জুলাই ১৯৮৫) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ এনবিচি ধাৰাবাহিক পেৰেণ্টহুড (২০১১-২০১২) আৰু এফএক্স ধাৰাবাহিক আমেৰিকান হৰৰ ষ্ট’ৰী: মাৰ্ডাৰ হাউচত (২০১১) অভিনয় কৰিছিল। ২০১৯ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ আলিটা: বেটল এঞ্জেলৰ শীৰ্ষক চৰিত্ৰটোৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে। ইয়াৰ উপৰি তেওঁ ধাৰাবাহিক ব্ৰেণ্ড নিউ চেৰী ফ্লেভাৰত (২০২১) অভিনয় কৰাৰ লগতে ইয়াৰ সহ-প্ৰযোজনাও কৰিছিল।
ছালাজাৰে দ্য ডাইভাৰজেণ্ট ছিৰিজ: ইনচাৰজেণ্ট (২০১৫), মেজ ৰানাৰ: দ্য স্কৰ্চ ট্ৰায়েলছ (২০১৫), আৰু মেজ ৰানাৰ: দ্য ডেথ কিউৰত (২০১৮) অভিনয় কৰিছে। লগতে তেওঁ নেটফ্লিক্সৰ ছবি দ্য কিণ্ডাৰগাৰ্টেন টিচাৰ (২০১৮) আৰু বাৰ্ড বক্সত (২০১৮) ভূমুকি মাৰিছিল। তেওঁ এমাজনৰ ধাৰাবাহিক আনডানত (২০১৯-২০২২) মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
ছালাজাৰৰ জন্ম হৈছিল ১৯৮৫ চনৰ ১৬ জুলাইত ৱাশ্বিংটন ডি.চি.-ত। তেওঁৰ পিতৃ লুই ছালাজাৰ আৰু মাতৃ মেৰিলিন ছালাজাৰ।১২ তেওঁৰ পিতৃ পেৰুৰ নিবাসী আৰু মাতৃ ফৰাচী-কানাডিয়ান।৩ তেওঁ ৱাশ্বিংটন ডি.চি. আৰু ওচৰৰ মেৰিলেণ্ডৰ গ্ৰীনবেল্টত ডাঙৰ-দীঘল হৈছিল।৪ তেওঁ গ্ৰীনবেল্ট মিডল স্কুল আৰু এলিঅ'নৰ ৰুজভেল্ট হাইস্কুলত অধ্যয়ন কৰিছিল,৫ য’ত তেওঁ থিয়েটাৰৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল।৬
কৰ্মজীৱন
ছালাজাৰে পোন্ধৰ বছৰ বয়সৰপৰাই আনক মনোৰঞ্জন দি ভাল পাইছিল আৰু ডেকাকালত নিউয়ৰ্ক মহানগৰ চহৰলৈ যোৱাৰ পাছত এগৰাকী অভিনেত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁ ছিৰিয়াছ হৈ পৰে। তাত তেওঁ কেইবাটাও ‘কলেজ হিউমাৰ’ৰ স্কেটত অভিনয় কৰিছিল। ২০০৯ চনত লছ এঞ্জেলছলৈ স্থানান্তৰিত হোৱাৰ অলপ পাছতে ট্ৰেভৰ হোৱাইটৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত ছবি জেমি বয়ত ক্ৰিষ্টেল নামৰ চৰিত্ৰটোত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়। ইয়াৰ পিছত তেওঁ দুখন জনপ্ৰিয় টিভি ধাৰাবাহিক ক্ৰমে আমেৰিকান হৰৰ ষ্ট’ৰী: মাৰ্ডাৰ হাউচ আৰু পেৰেণ্টহুডত অভিনয় কৰাৰ সুযোগ পায়।৭ ২০১৫ চনত তেওঁ কেইবাখনো জনপ্ৰিয় ছবিৰ ছিকুৱেলত অভিনয় কৰিছিল: দ্য ডাইভাৰজেণ্ট ছিৰিজ: ইনচাৰজেণ্টত লীন হিচাপে৮ আৰু মেজ ৰানাৰ: দ্য স্কৰ্চ ট্ৰায়েলছত ব্ৰেণ্ডা হিচাপে।৯
২০১৬ চনত ছালাজাৰে গুড ক্ৰেজী নামৰ এখন চুটি ছবি পৰিচালনা কৰাৰ লগতে ইয়াত অভিনয়ো কৰিছিল।১০ এই ছবিখন চানডেন্স ফিল্ম ফেষ্টিভেলত চুটি ছবিৰ গ্ৰেণ্ড জুৰী বঁটাৰ বাবে মনোনীত হৈছিল।
২০১৮ চনত তেওঁ মেজ ৰানাৰ: দ্য ডেথ কিউৰত পুনৰ ব্ৰেণ্ডাৰ চৰিত্ৰত অভিনয় কৰে।
২০১৯ চনত তেওঁ ৰবাৰ্ট ৰড্ৰিগেজৰ পৰিচালনাত নিৰ্মিত ছবি আলিটা: বেটল এঞ্জেলত মুখ্য চৰিত্ৰত অভিনয় কৰি ডাঙৰ ষ্টুডিঅ’ত অভিষেক ঘটায়।৪ এই ছবিখনে ছালাজাৰলৈ কেইবাটাও বঁটা কঢ়িয়াই আনে, য’ত ‘হলিউড ক্ৰিটিকছ এছ’চিয়েচন’ৰপৰা "শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ বা এনিমেটেড পাৰফৰ্মেন্স" বঁটা অন্যতম।১১ সেই বছৰতে ঘোষণা কৰা হৈছিল যে ছালাজাৰে নেটফ্লিক্সৰ হৰৰ ড্ৰামা ধাৰাবাহিক ব্ৰেণ্ড নিউ চেৰী ফ্লেভাৰত এটা মুখ্য চৰিত্ৰত অভিনয় কৰিব।১২ এই ধাৰাবাহিকখন ২০২১ চনৰ ১৩ আগষ্টত মুক্তি পায়।১৩
২০২৩ চনত ছালাজাৰক ‘একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স’ৰ সদস্য হ’বলৈ আমন্ত্ৰণ জনোৱা হয়।১৪
২০২৫ চনত ছালাজাৰে চিবিএছ ধাৰাবাহিক আইনষ্টাইনৰ সৈতে চুক্তিবদ্ধ হৈছিল যদিও তাৰ কিছুসময়ৰ পাছতেই ইয়াৰপৰা আঁতৰি আহে।১৫
২০২৬ চনত তেওঁ 'হায়াৰ' নাটকত হেলেন ৰামিৰেজ হিচাপে মঞ্চত অভিনয় কৰে।
তথ্যসূত্ৰ
- ↑ Wickman, Kase. 13 Things You Didn't Know About The Breakout Awesomeness That Is Rosa Salazar. MTV News
- ↑ Rosa Salazar: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ (January 11, 2019). Rosa Salazar: From "Abbreviated" 'Bird Box' Role to James Cameron's 'Alita'. The Hollywood Reporter
- ↑ Yamato, Jen. (January 10, 2019). Meet Rosa Salazar, the 'Bird Box' star who lends heart and soul to 'Alita: Battle Angel'. The Los Angeles Times
- ↑ Rosa Salazar Age, Height, Ethnicity, Bio, Parents & Family. Celebrity XYZ
- ↑ (October 6, 2011). Yes, That Was Rosa!. Greenbelt News Review
- ↑ (November 30, 2011). Episode 53: Featuring Rosa Salazar. Conversations with Ross
- ↑ (September 30, 2014). Rosa Salazar Joins 'Insurgent' (Exclusive). The Hollywood Reporter
- ↑ (September 30, 2014). Rosa Salazar Nabs Key Female Role in 'Maze Runner' Sequel (Exclusive). The Hollywood Reporter
- ↑ Phillips, Patrick. (2017-05-15). Vimeo Short Film Of The Week: 'Good Crazy'. CutPrintFilm
- ↑ Rosa Salazar. IMDb
- ↑ Andreeva, Nellie. (November 15, 2019). N'Brand New Cherry Flavor' Series Headlined By Rosa Salazar A Go At Netflix; Catherine Keener, Eric Lange, Jeff Ward & Manny Jacinto Co-Star In Horror Adaptation. Deadline Hollywood
- ↑ Cordero, Rosy. (July 19, 2021). Rosa Salazar Goes Dark In Netflix's 'Brand New Cherry Flavor' Teaser Trailer. Deadline Hollywood
- ↑ Sciences, Academy of Motion Picture Arts and. The Academy Invites 398 New Members for 2023: See the Full List. A.frame
- ↑ variety.com/2025/tv/news/rosa-salazar-exits-eins
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোছা ছালাজাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৪৩ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।