অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেহানা

ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়। তেওঁ সগাই, তদবীৰ, হম এক হ্যায়, শ্বেহনাই, সাজন, সম্ৰাট ঔৰ সৰগম আদি ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল।১২

কৰ্মজীৱন

কে এল ছায়গল-সুৰাইয়া অভিনীত তদবীৰৰ দৰে ছবিত নৃত্যৰ চৰিত্ৰ আৰু সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ হম এক হ্যায় (১৯৪৬) ছবিত ডাঙৰ ব্ৰেক লাভ কৰে। কাকতালীয়ভাবে এইখন দেৱ আনন্দৰো প্ৰথম ছবি আছিল। সাজনৰ (১৯৪৭) নায়িকা আছিল ৰেহানা। এইখন ছবি আৰু লগতে শ্বেহনাইৰ (১৯৪৭) সফলতাৰ পিছত তেওঁ "ৰাতিটোৰ ভিতৰতে তাৰকা" হৈ পৰিছিল।৩ ১৯৪৮ চনৰ পৰা ১৯৫১ চনলৈকে তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম পৰ্যায় আছিল; কাৰণ তেওঁ সেই সময়ৰ প্ৰায়বোৰ শীৰ্ষ নায়কৰ সৈতে যুটী বান্ধি বহুবোৰ ছবি কৰিছিল, যেনে একট্ৰেছত (১৯৪৮) প্ৰেম আদিবৰ সৈতে, সুনেহৰে দিনত (১৯৪৯) ৰাজ কাপুৰৰ সৈতে আৰু সৰগম (১৯৫০), দিলৰুবাত দেৱ আনন্দৰ সৈতে (১৯৫০), নিৰ্দোষ (১৯৫০) আৰু সুৰজমুখীত (১৯৫০) শ্যামৰ সৈতে, অদাত (১৯৫১) শেখৰৰ সৈতে, আৰু সগাইত (১৯৫১) প্ৰেমনাথৰ সৈতে।৪ ইয়াৰ ভিতৰত তেওঁৰ দুখন ডাঙৰ হিট আছিল সৰগম (১৯৫০) আৰু সগাই (১৯৫১)।৫৬

তথ্যসূত্ৰ

  1. ↑ Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa & Company. পৃ. 161
  2. ↑ Collections. Update Video Publication. পৃ. 67
  3. ↑ Dev Anand: Dashing, Debonair. Rupa & Company. পৃ. 97
  4. ↑ Gazdar, Mushtaq. (1997). Pakistan Cinema, 1947-1997. Oxford University Press. পৃ. 58. ISBN 0-19-577817-0
  5. ↑ Raj Kapur, the Fabulous Showman: An Intimate Biography. National Film Development Corporation. পৃ. 390
  6. ↑ Gazdar, Mushtaq. (1997). Pakistan Cinema, 1947-1997. Oxford University Press. পৃ. 58. ISBN 0-19-577817-0

সম্পৰ্কিত শ্ৰেণী

উৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীপাকিস্তানৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেহানা” প্ৰবন্ধৰ সংশোধন ৪৮৬৪৪৯ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।