অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোজ আবডু

ৰোজ মেৰী আবডু (ইংৰাজী: Rose Marie Abdoo; জন্ম: ২৮ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কমেডিয়ান। তেওঁ বিশেষকৈ গিলমৰ গাৰ্লছত ষ্টাৰ্ছ হল'ৰ স্থানীয় মেকানিক জিপ্‌ছী, দ্যাটছ ছ' ৰেভেনত স্পেনিছ শিক্ষক চেনিঅ'ৰিটা ৰড্ৰিগেজ আৰু হেকছ ধাৰাবাহিকত জোচেফিনাৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰোজ মেৰী আবডু (ইংৰাজী ভাষা: Rose Marie Abdoo; জন্ম: ২৮ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কমেডিয়ান। তেওঁ বিশেষকৈ গিলমৰ গাৰ্লছত ষ্টাৰ্ছ হল'ৰ স্থানীয় মেকানিক জিপ্‌ছী, দ্যাটছ ছ' ৰেভেনত স্পেনিছ শিক্ষক চেনিঅ'ৰিটা ৰড্ৰিগেজ আৰু হেকছ ধাৰাবাহিকত জোচেফিনাৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।

জীৱন আৰু কৰ্মজীৱন

আবডুৰ জন্ম মিছিগানৰ ডেকট্ৰইটত হৈছিল।১ তেওঁৰ পিতৃ পিটাৰ আবডু (যি লেবাণীজ মূলৰ আছিল) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মী কৰ্পছ অফ ইঞ্জিনিয়াৰ্ছৰ বাজেট এনালিষ্ট আছিল আৰু মাতৃ মেৰী (ডমিনিকান মূলৰ) এগৰাকী গৃহিনী আছিল।২

আবডুৰ কেৰিয়াৰ চিকাগোত আৰম্ভ হৈছিল, য’ত তেওঁ ইম্প্ৰভাইজেশ্যনেল ইনষ্টিটিউট আৰু চাৰি বছৰ ধৰি 'দ্য ছেকেণ্ড চিটি'কে ধৰি বিভিন্ন ইম্প্ৰভাইজেশ্যনেল থিয়েটাৰত প্ৰদৰ্শন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নিজাকৈ একক নাটক (one-woman shows) হু ডাজ শ্বী থিংক শ্বী ইজ? আৰু গেট টু দ্য পাৰ্ট এবাউট মি বিকশিত কৰিছিল।৩ তেওঁ বব অডেনকাৰ্ক আৰু কনান অ'ব্ৰায়েনৰ সৈতে হেপ্পী হেপ্পী গুড শ্ব’ নামৰ এখন বৈচিত্ৰ্যপূৰ্ণ কাৰ্যসূচীতো কাম কৰিছিল।

চাউথফিল্ড হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত,৪ আবডুৱে ১৯৮৪ চনত মিছিগান ষ্টেট ইউনিভাৰ্চিটিৰপৰা যোগাযোগ বিষয়ত কলা শাখাৰ স্নাতক আৰু পিছলৈ অভিনয়ত চাৰুকলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২৫৬ তেওঁ কেইবাখনো কলেজীয়া থিয়েটাৰত অভিনয় কৰিছিল আৰু এগৰাকী অধ্যাপকে তেওঁক ইম্প্ৰভাইজেশ্যন অধ্যয়ন কৰিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ পিছত তেওঁ চিকাগোলৈ যায় আৰু ছেকেণ্ড চিটিত যোগদান কৰে।৭ ছেকেণ্ড চিটিৰ অংশ হিচাপে আবডুৱে ১৯৯১ চনত উই মেড এ মেচোপটেমিয়া, নাও ইউ ক্লিন ইট আপ নামৰ নাটকত কৰা অভিনয়ৰ বাবে "শ্ৰেষ্ঠ ৰিভিউ অভিনেত্ৰী" হিচাপে জোচেফ জেফাৰচন বঁটা লাভ কৰে।৮ ১৯৯৪ চনত তেওঁ এই বঁটা বিতৰণী অনুষ্ঠানটোৰ সহ-উপস্থাপনা কৰিছিল।৯

গুড নাইট, এণ্ড গুড লাক ছবিৰ বাবে তেওঁক সহযোগী অভিনয় শিল্পীসকলৰ সৈতে শ্ৰেষ্ঠ অভিনয় শিল্পীৰ (Best Ensemble) স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটাৰ বাবে মনোনীত কৰা হৈছিল।১০ ২০০৮ চনৰ মাৰ্চ মাহত আবডুৱে ক্ৰেকুলৰ ৱেব ধাৰাবাহিক দ্য ৰাইটাৰ্ছ ৰুমত অভিনয় কৰে। ২০২১ চনত আবডুৱে এইচবিঅ'ৰ ধাৰাবাহিক হেকছত জোচেফিনাৰ চৰিত্ৰত যোগদান কৰে।

তথ্যসূত্ৰ

  1. ↑ (1999-02-09). Rose Abdoo Gets to The Part About Her, at NY's Meisner, Through Feb. 25. Playbill.com
  2. ↑ Murray, Tom. "Gypsy Rose," DBusiness (Detroit, MI), July-August 2020. Retrieved September 18, 2021
  3. ↑ Bill Zwecker. "Leading players set for 'Monologues' return," Chicago Tribune, November 22, 2000, section 2, page 53
  4. ↑ Prady, Norman. "From Southfield to Hollywood," Detroit Jewish News, July 28, 2005. Retrieved September 18, 2021
  5. ↑ Fred Nuccio. "A Rose by any other name is just as funny," Chicago Sun-Times, July 10, 1994, "Show" section, page 2
  6. ↑ Hughes, Mike. "Things that make you go hmmmm about Hollywood," Lansing (MI) State Journal, Tuesday, January 19, 1993. Retrieved September 18, 2021
  7. ↑ Barbara Revsine. "So you want to be in show biz: How to make that first step up the ladder," Chicago Tribune, September 13, 1991, "Friday" section, page 3
  8. ↑ Rick Kogan. "'Mesopotamia cradles laughs within its sketches," Chicago Tribune, May 30, 1991, "News: Overnight" section, page 30
  9. ↑ Hedy Weiss. "Jeffs honor theater: Goodman's 12 tops the list," Chicago Tribune, November 15, 1994, "Features" section, page 43
  10. ↑ SAG awards, sagawards.org. Accessed November 16, 2023

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীকমেডিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজ আবডু” প্ৰবন্ধৰ সংশোধন ৫৯৮৯৫৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।