জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হেলেনা এণ্টনিয়া
হেলেনা এণ্টনিয়া (১৫৭৯ – মৃত্যু ১৬২১ চনৰ পিছত) অষ্ট্ৰিয়াৰ মাৰিয়াৰ এগৰাকী দাড়ি থকা নাৰী দৰবাৰ বহুৱা আছিল, পবিত্ৰ ৰোমান সম্ৰাজ্ঞী আৰু স্পেইনৰ ৰাণী অষ্ট্ৰিয়াৰ মাৰ্গাৰেটৰ প্ৰিয় আছিল আৰু পোলেণ্ডৰ ৰাণী অষ্ট্ৰিয়াৰ কনষ্টেন্সৰ বাবেও এগৰাকী লেডী-ইন-ৱেটিং আছিল।
-
হেলেনা ক্ৰীষ্টেনচেন
হেলেনা ক্ৰীষ্টেনচেন (ইংৰাজী: Helena Christensen; জন্ম: ২৫ ডিচেম্বৰ ১৯৬৮) এগৰাকী ডেনিছ ফেশ্বন মডেল। তেওঁ পূৰ্বৰ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল, নাইলন আলোচনীৰ সহ-প্ৰতিষ্ঠাপক তথা মূল সৃষ্টিশীল পৰিচালক আছিল।
-
হেৰিট কেৰ
হেৰিট ৰবাৰ্টা কেৰ (১৮৫৯–১৯৪০) এগৰাকী ব্ৰিটিছ ভোটাধিকাৰী আৰু মহিলা সামাজিক আৰু ৰাজনৈতিক সংঘ (WSPU)-ৰ কাৰ্যালয় পৰিচালক আছিল।
-
হেৰিয়েট মাৰ্টিনো
হেৰিয়েট মাৰ্টিনো (ইংৰাজী: Heriet Martineau; ১২ জুন ১৮০২ – ২৭ জুন ১৮৭৬) এগৰাকী ইংৰাজ সমাজ-তাত্ত্বিক আছিল। তেওঁ এক সমাজতাত্ত্বিক, সামগ্ৰিক, ধৰ্মীয় আৰু নাৰী দৃষ্টিকোণৰ পৰা লিখা-মেলা কৰিছিল।
-
হেৰী হোডিনি
হেৰী হোডিনি নামেৰে পৰিচিত এৰিক ৱেইজ আছিল এজন হাংগেৰীয়-আমেৰিকান পলায়ন শিল্পী, ভ্ৰমবাদী আৰু ষ্টাণ্ট পৰিবেশক৷ তেওঁৰ পলায়ন কাৰ্যসমূহৰ বাবে বিখ্যাত। হোডিনিয়ে প্ৰথমে আমেৰিকাৰ ভ’ডভিলত আৰু তাৰ পিছত ইউৰোপ ভ্ৰমণৰ সময়ত হেৰী ‘হেণ্ডকাফ’ হোডিনি হিচাপে দৃষ্টি আকৰ্ষণ কৰিছিল, য’ত তেওঁ আৰক্ষী বাহিনীক তেওঁক…
-
হৈমৱতী সেন
হৈমৱতী সেন (১৮৬৬ – ৫ আগষ্ট ১৯৩৩) জন্ম নাম: হৈমৱতী ঘোষ, এগৰাকী ভাৰতীয় চিকিৎসক।
-
হোছেইন ফাতেমী
হোছেইন ফাতেমী (Hossein Fatemi) (জন্ম,১০ ফেব্ৰুৱাৰী, ১৯১৭ – ১০ নৱেম্বৰ, ১৯৫৪) এজন ইৰাণী পণ্ডিত। প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁ ইৰাণৰ তেল আৰু গেছ সম্পদ ৰাষ্ট্ৰীয়কৰণৰ প্ৰস্তাৱ আগবঢ়ায়।
-
হোছেইন বেহজাদ
হোছেইন বেহজাদ ( Hossein Behzad) আৰু (পাৰ্চী ভাষাত: حسین بهزاد ); জন্ম হৈছিল ১৮৯৪ আৰু মৃত্যু হৈছিল ১৩ অক্টোবৰ ১৯৬৮ চনত। হোছেইন বেহজাদ আছিল এজন প্ৰখ্যাত ইৰাণী চিত্ৰশিল্পী।
-
হোডা আফশ্বাৰ
হোডা আফশ্বাৰ ( Hoda Afshar; জন্ম: ১৯৮৩) মেলবৰ্ণত বাস কৰা এগৰাকী ইৰাণী তথ্যচিত্ৰ ফটোগ্ৰাফাৰ। ২০১৮ চনত অষ্ট্ৰেলিয়া চৰকাৰে পৰিচালনা কৰা মানুছ দ্বীপৰ ডিটেনচন চেণ্টাৰ (Manus Island detention centre)ত দীৰ্ঘদিন ধৰি কাৰাবাস খাটি থকা কুৰ্দি-ইৰাণী শৰণাৰ্থী বেহৰুজ বুচানীৰ পুৰস্কাৰ বিজয়ী প্ৰতিকৃতিৰ বাবে…
-
হোদা হাদাদি
হোদা হাদাদি (Hoda Hadadi) ( জন্ম ২ ফেব্ৰুৱাৰী, ১৯৭৭) এজন ইৰাণী চিত্ৰশিল্পী, লেখিকা আৰু কবি। তেওঁৰ সাহিত্য আৰু দৃশ্যগত ৰচনাসমূহে প্ৰায়ে প্ৰকৃতি আৰু নাৰীবাদৰ পোষকতা প্ৰতিফলিত কৰে, য'ত নাৰীক নিজৰ জীৱনৰ কথক আৰু নায়িকা হিচাপে চিত্ৰিত কৰা হয়।
-
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ (ইংৰাজী: Hrafnhildur Haraldsdóttir; জন্ম: ৭ এপ্ৰিল ২০০৪) এগৰাকী আইচলেণ্ডিক মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ আৰ্থ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ আৰ্থ - এয়াৰ ২০২৪ৰ খিতাপ অৰ্জন কৰিছিল।
-
হৰ গোবিন্দ খোৰানা
হৰ গোবিন্দ খোৰানা ( জন্ম, ৯ জানুৱাৰী ১৯২২ – মৃত্যু,৯ নৱেম্বৰ ২০১১) আছিল এজন ভাৰতীয়-আমেৰিকাৰ জৈৱ ৰসায়নবিদ। উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ৰ অধ্যাপকত থকাৰ সময়ত তেওঁ মাৰ্শ্বেল ডব্লিউ নাইৰেনবাৰ্গ আৰু ৰবাৰ্ট ডব্লিউ হলীৰ সৈতে ১৯৬৮ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাযুটীয়াভাৱে লাভ কৰিছিল।
-
হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা
হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা (১৮১৫-১৮৮৯) ঊনবিংশ শতিকাৰ এজন লেখক আৰু বুৰঞ্জী প্ৰণেতা। তেখেত প্ৰথম অসমীয়া আত্মজীৱনী ‘সদৰামীনৰ আত্মজীৱনী’ৰ লিখক। তদুপৰি তেওঁ বাংলা ভাষাত ‘আসাম বুৰঞ্জী’ ৰচনা কৰিছে। তেওঁ অসমীয়া ভাষা-সাহিত্যত ‘সদৰামীন’ নামেৰে পৰিচিত।
-
হৰচিমৰত কৌৰ বাদল
হৰচিমৰত কৌৰ বাদল (জন্ম: ২৫ জুলাই ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা সংসদলৈ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিৰোমণি অকালি দলৰ সদস্য।
-
হৰদত্ত চৌধুৰী
হৰদত্ত চৌধুৰী (Haradatta Choudhury) এগৰাকী বিদ্ৰোহী আছিল। তেওঁক বন্দী কৰি হত্যা কৰা আগলৈকে তেওঁ উত্তৰ কামৰূপত অতিশয় অত্যাচাৰ চলোৱা বৰকান্দাজ সেনাৰ সহায়ত আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
-
হৰলিন দেওল
হৰলিন কৌৰ দেওল (ইংৰাজী: Harleen Kaur Deol; জন্ম: ২১ জুন ১৯৯৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ বেটছমেন হিচাপে খেলে আৰু মাজে মাজে সোঁহাতৰ লেগ স্পিন বল কৰে।
-
হৰি কৃষ্ণ দেৱসাৰে
হৰি কৃষ্ণ দেৱসাৰে (জন্ম: ৯ মাৰ্চ ১৯৩৮ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৩) এগৰাকী হিন্দী সাহিত্যিক; শিশু সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ কামৰ বাবে সুপৰিচিত। শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিনানী ফাউণ্ডেচনৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম বাটস্ল্য বঁটা লাভ কৰে।
-
হৰি দেৱী কৈৰালা
হৰি দেৱী কৈৰালা (নেপালী: हरिदेवी कोइराला; জন্ম: ৩০ মাৰ্চ ১৯৫৯) এগৰাকী নেপালী গায়িকা। ৫ দশকজোৰা তেওঁৰ সংগীত জীৱনত প্ৰায় ৮০০ৰো অধিক গীত গাইছে আৰু ৮০ খনতকৈও অধিক এলবাম বাণীবদ্ধ কৰিছে। কৈৰালাই সাহিত্য, সংগীত, আৰু সামাজিক সংগঠনৰ পৰা ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছে।
-
হৰি সেন
হৰি সেন ( জন্ম,১৫ আগষ্ট ১৯৫৫ – মৃত্যু, ৩০ মাৰ্চ ২০২৪) হিমাচল প্ৰদেশৰ এজন ভাৰতীয় একাডেমিক বুৰঞ্জীবিদ। দিল্লী বিশ্ববিদ্যালয়ত ইতিহাসৰ অধ্যাপনা কৰাৰ লগতে ঔপনিৱেশিক ৰাজস্থানৰ ভীলসকলৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য চুকেটৰ উপাধি ৰজাও আছিল।
-
হৰিচৰণ
হৰিচৰণ শেশাদ্ৰী (জন্ম ২০ মাৰ্চ ১৯৮০) যাক হৰিচৰণ নামেৰে জনা যায়; এগৰাকী ভাৰতীয় কৰ্ণাটকী কণ্ঠশিল্পী, প্লেবেক গায়ক আৰু সংগীতজ্ঞ। তেওঁ প্ৰধানকৈ তামিল, মালয়ালম, হিন্দী, তেলুগু আৰু কন্নড় ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত কণ্ঠদান কৰে। তেওঁ চলচ্চিত্ৰ আৰু সংগীতৰ এলবাম মিলাই ২০০০ৰো অধিক গীতত কণ্ঠদান কৰিছে।
-
হৰিণী অমৰাছুৰীয়া
হৰিণী নিৰেকা অমৰাছুৰীয়া (জন্ম ৬ মাৰ্চ ১৯৭০)(Harini Nireka Amarasuriya) এগৰাকী শ্ৰীলংকান সমাজবিজ্ঞানী, শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ যি ২০২৪ চনৰ পৰা শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
হৰিণী নাগ্ৰেণ্ডা
হৰিণী নাগ্ৰেণ্ডা (Harini Nagendra) এগৰাকী ভাৰতীয় পৰিৱেশবিদ যিয়ে দক্ষিণ এছিয়াৰ প্ৰেক্ষাপটত বনাঞ্চল আৰু চহৰসমূহৰ সামাজিক-পৰিৱেশগত বহনক্ষমতাক গঢ় দিয়া কাৰকসমূহ পৰীক্ষা কৰিবলৈ জীৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰ অধ্যয়ন, আৰ্কাইভ গৱেষণা, প্ৰতিষ্ঠানিক বিশ্লেষণ আৰু সম্প্ৰদায়ৰ সাক্ষাৎকাৰৰ সৈতে সংযুক্ত উপগ্ৰহৰ…
-
হৰিপ্ৰিয়া
শ্ৰুতি চন্দ্ৰসেনা (ইংৰাজী: Shruthi Chandrasena; জন্ম: ২৯ অক্টোবৰ ১৯৯১, পেছাগতভাৱে হৰিপ্ৰিয়া নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ কন্নড় ছবিত অভিনয় কৰে আৰু তেলুগু, তামিল, আৰু মালয়ালম ছবিতো অভিনয় কৰিছে।
-
হৰিভক্ত কটুৱাল
হৰিভক্ত কটুৱাল (हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।
-
হৰিশ চন্দ্ৰ বাৰ্মা
হৰিশ চন্দ্ৰ বাৰ্মা(এইচ চি বাৰ্মা) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু ১৯৯৪ চনৰ পৰা কাণপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ বিষয় হৈছে নিউক্লিয়েৰ পদাৰ্থ বিজ্ঞান.
-
হৰ্ষ ভোগলে
হৰ্ষ ভোগলে(:Harsha Bhogle, জন্ম ১৯ জুলাই ১৯৬১), এগৰাকী ভাৰতীয় ক্ৰিকেট সমালোচক আৰু সাংবাদিক। ভোগলে বিশ্ব ক্ৰিকেট সম্প্ৰচাৰ উদ্যোগৰ এক উল্লেখযোগ্য ব্যক্তিত্ব হিচাপে নিজৰ সুনাম প্ৰতিষ্ঠা কৰিছে।
-
হৰ্ষি
হৰ্ষিদা মাধালেপাৰিয়া (ইংৰাজী: Harshida Madhaparia; জন্ম: ৬ মে' ১৯৮৭), যি চমুকৈ হৰ্ষি নামেৰে পৰিচিত, এগৰাকী মুম্বাইত কৰ্মৰত ব্ৰিটিছ গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী, ইংৰাজী, গুজৰাটী আৰু পঞ্জাবী ভাষাত গীত গায় আৰু পৰিৱেশন কৰে।
-
হৰ্ষিকা পুনাচা
হৰ্ষিকা পুনাচা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০০৮ চনৰ কন্নড় চলচ্চিত্ৰ পিইউচিৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে।
-
ৰ'জামেণ্ড পাইক
ৰ'জামেণ্ড মেৰি এলেন পাইক (Rosamund Mary Ellen Pike) ( জানুৱাৰী ১৯৭৯) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু কথক। তেখেতৰ বঁটা-বাহনৰ তালিকাত এটা গোল্ডেন গ্লোব আৰু এটা এমি বঁটা সন্নিৱিষ্ট হৈছে। ইয়াৰোপৰি তেখেতে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
-
ৰ'জিতা বাল্টাজাৰ
ৰ'জিতা বাল্টাজাৰ (১৬ আগষ্ট ১৯৬০ – ৬ জুলাই ২০১৫) এগৰাকী বেলিজিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু বেলিজ নেচনেল ডান্স কোম্পানীৰ প্ৰতিষ্ঠাপক সহকাৰী সঞ্চালক আছিল। ২০০৪ চনত এজন নৃত্য দূত হিচাপে তেওঁক লৰ্ড ৰাবাৰ্ণ মিউজিক এৱাৰ্ড প্ৰদান কৰা হয়।