জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰবীন বৰ
ৰবীন বৰ (Rabin Bar) অসমৰ গুৱাহাটীৰ এগৰাকী চিত্ৰশিল্পী। ২০০৮ চনত ৰবীন বৰে 'জি টিভি' ৰ 'চাব্বাছ ইণ্ডিয়া' শীৰ্ষক অনুষ্ঠানটোত অংশ লৈ এক মিনিটত ৫০খন ছবি আঁকি এক অভিলেখ স্থাপন কৰে। এওঁ আনকি সোঁহাত, বাঁওহাত, ভৰি আৰু মুখেৰে দুৰন্ত গতিত ছবি আঁকিব পাৰে।
-
ৰবীন শৰ্মা
ৰবিন শৰ্মা এজন কানাডাৰ লেখক। তেওঁৰ "দ্য মংক হু ছল্ড হিজ ফেৰাৰী" গ্ৰন্থখনৰ বাবে বিশ্বত বেছিকৈ পৰিচিত। শৰ্মাই ২৫ বছৰ বয়সলৈকে লিটিগেচন উকীল হিচাপে কাম কৰিছিল। তাৰ পিছত" মেগালিভিং "(১৯৯৪) নামৰ মানসিক চাপ ব্যৱস্থাপনা আৰু আধ্যাত্মিকতাৰ ওপৰত লিখা এখন কিতাপ নিজে প্ৰকাশ কৰি উলিয়াইছিল।
-
ৰবীনা খান
ৰবীনা খান (Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজনীতিবিদ, চেডৱেলৰ প্ৰাক্তন কাউন্সিলাৰ আৰু টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হাউচিঙৰ কেবিনেট সদস্য। লগতে তেওঁ এগৰাকী সমাজকৰ্মী আৰু ‘আয়েচাচ্ ৰেইনব’ৰ’ লেখিকা।
-
ৰমণী বৰ্থলোমিউজ
ৰমণী এলিজাবেথ বৰ্থলোমিউজ (সিংহলী: රමණි බර්තොලමියුස්; ১ ছেপ্টেম্বৰ ১৯৬৬ – ৩০ জুন ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল।
-
ৰমা পায়লট
ৰমা পায়লট (Rama Pilot; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৮) ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। তেওঁ দৌছাক প্ৰতিনিধিত্ব কৰি ত্ৰয়োদশ লোকসভাত অংশগ্ৰহণ কৰিছিল। ৰাজস্থান বিধানসভাতো তেওঁ হিন্দোলীক প্ৰতিনিধিত্ব কৰি আহিছে।
-
ৰমাই দেৱ
ৰমাই দেৱ (ইংৰাজী: Ramai Deva বা Ramai Deo) এজন ৰাজপুত শাসক আছিল, যিয়ে ১৩৬০ খ্ৰীষ্টাব্দত আধুনিক ওড়িশা ৰাজ্যৰ বলাঙ্গীৰ জিলাৰ অন্তৰ্গত তৎকালীন পাটনা ৰাজ্যত চৌহান বংশৰ শাসনৰ ভেটি স্থাপন কৰে।
-
ৰমাই পণ্ডিত
ৰমাই পণ্ডিত বংগৰ ৰাঢ় অঞ্চলৰ এজন মধ্যযুগীয় বাংলা কবি আছিল। তেওঁৰ জন্মৰ সঠিক তাৰিখ জনা নাযায় যদিও কিছুমান পণ্ডিতৰ মতে তেওঁৰ জন্ম হৈছিল দশম শতিকাৰ শেষৰ ফালে আৰু খ্ৰীষ্টীয় একাদশ শতিকাতো তেওঁ বাস কৰিছিল, কিয়নো তেওঁ ৰজা লাউজেনৰ দৰবাৰৰ কবি ময়ূৰ ভাটৰ সমসাময়িক।
-
ৰমাবাই ভীমৰাও আম্বেদকাৰ
ৰমাবাই ভীমৰাও আম্বেদকাৰ (৭ ফেব্ৰুৱাৰী ১৮৯৮ – ২৭ মে' ১৯৩৫) বি আৰ আম্বেদকাৰৰ পত্নী যিয়ে কয় যে তেওঁৰ সমৰ্থন তেওঁৰ উচ্চ শিক্ষা আৰু তেওঁৰ প্ৰকৃত সম্ভাৱনাক আগুৱাই নিয়াত সহায় কৰাত সহায়ক আছিল। তেওঁ বহু জীৱনীমূলক চিনেমা আৰু কিতাপৰ বিষয়বস্তু হিচাপে পৰিগণিত হৈছে।
-
ৰমাবেন পেটেল
ৰমাবেন ৰামজীভাই মাৱনী পেটেল (Ramaben Ramjibhai Mavani Patelজন্ম ১৯৫৩) গুজৰাটৰ এগৰাকী অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ৮ম লোকসভাৰ সদস্য আছিল।
-
ৰমেশ চন্দ্ৰ কলিতা
ৰমেশ চন্দ্ৰ কলিতা (Ramesh Chandra Kalita) হৈছে এজন ইতিহাসবিদ, অধ্যাপক, লেখক, পাঠ্যপুথি ৰচক আৰু সম্পাদক। তেওঁ ভাৰত আৰু অসমৰ ইতিহাস বিষয়ক বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে। তেখেতে তেজপুৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।
-
ৰমোলা দেৱী
ৰমোলা দেৱী (৭ জুলাই ১৯১৭ – ১০ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় জিউ ইহুদি অভিনেত্ৰী। তেওঁ ৰেচেল ক'হেন নামেৰে জন্মগ্ৰহণ কৰে আৰু ১৯৪১ চনৰ চলচ্চিত্ৰ খাজাঞ্চীৰ সৈতে খ্যাতি লাভ কৰে। ১৯৪০ৰ দশকৰ ভাৰতৰ সফল অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম আছিল আৰু ১৯৫১ চনত তেওঁৰ অভিনয় জীৱন সমাপ্ত হয়।
-
ৰম্ভা (অভিনেত্ৰী)
য়েদী বিজয়লক্ষ্মী (জন্ম: ৫ জুন ১৯৭৬), পেচাগতভাৱে ৰম্ভা (ইংৰাজী: Rambha) নামেৰে পৰিচিত এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯০ৰ দশক আৰু ২০০০ৰ দশকৰ আৰম্ভণিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰধান অভিনেত্ৰী আছিল।
-
ৰম্যা নাম্বীচান
ৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰয়া হেশমতী
ৰয়া হেশমতী (Roya Heshmati) (পাৰ্চী: رويا حشمتی )হৈছে ১৯৯০ চনত ইৰানৰ ছানন্দজত জন্মগ্ৰহণ কৰা এগৰাকী ইৰাণী কুৰ্দি মানৱ অধিকাৰ কৰ্মী, ইৰাণত বাধ্যতামূলক হিজাব নীতিৰ প্ৰতিৰোধৰ বাবে বেছিকৈ পৰিচিত।
-
ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ
ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ (Royal Society for the Protection of Birds (RSPB)) ইংলেণ্ড, ৱেলছ আৰু স্কটলেণ্ডত পঞ্জীভূক্ত এটা দাতব্য সংগঠন (charitable organisation)। এই সংগঠনটো ১৮৮৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
-
ৰশিদা হক চৌধুৰী
ৰশিদা হক চৌধুৰী(Rashida Haque Choudhury, জন্ম ২৪ এপ্ৰিল ১৯২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে চৰণ সিং মন্ত্ৰালয়ৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী আছিল।
-
ৰশ্মিলা ভট্টাচাৰ্য
ৰশ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয় সাংবাদিক, লেখিকা আৰু সম্পাদিকা, যিয়ে ২০১৩ চনৰ পৰা দ্য টাইমছ গ্ৰুপৰ প্ৰকাশন মুম্বাই মিৰ’ৰৰ বাবে কাম কৰি আহিছে। ১৯৮০ চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰি হিন্দুস্তান টাইমছ, দ্য এছিয়ান এজ, দ্য টাইমছ অৱ ইণ্ডিয়া আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকত আৰু ফিল্মফেয়াৰ, স্ক্ৰীণ আৰু…
-
ৰসনা আত্ৰেয়
ৰসনা আত্ৰেয়া এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা। তেওঁৰ প্ৰথম উপন্যাস টেল এ থাউজেণ্ড লাইছ ২০১২ চনৰ টিবৰ জোনছ ছাউথ এছিয়া পুৰস্কাৰৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল। তেওঁ এলায়েন্স অৱ ইণ্ডিপেণ্ডেণ্ট অথৰ্ছৰ ভাৰতীয় দূত হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
-
ৰহামা সদৌ
ৰহামা ইব্ৰাহিম সদৌ (জন্ম ৭ ডিচেম্বৰ ১৯৯৩) এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা। ২০১৩ চনৰ শেষভাগত কেনিউড চলচ্চিত্ৰ উদ্যোগত গনি গা ৱানে ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পিছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।
-
ৰহিবাই সোমা পপেৰে
ৰহিবাই সোমা পপেৰে: Rahibai Soma Popere (pronounced [raːhiːbaːiː somaː popɛrɛ]), ১৯৬৪ চনত জন্মগ্ৰহণ কৰা, এগৰাকী ভাৰতীয় কৃষক আৰু সংৰক্ষণবিদ। তেওঁ আন কৃষকসকলক থলুৱা জাতৰ শস্যলৈ ঘূৰি অহাত সহায় কৰে, আত্মসহায়ক গোটৰ বাবে হাইচিন্থ বীন প্ৰস্তুত কৰে।
-
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ (জন্ম: ১৯৭৪) এগৰাকী মালয়েছিয়ান ব্যৱসায়ী, প্ৰাক্তন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে 'মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৪'ৰ মুকুট লাভ কৰিছিল।
-
ৰাকেল গমেইৰো
ৰাকেল ৰক গমেইৰো অট্টোলিনি (১৮৮৯–১৯৭০) আছিল এগৰাকী বিশিষ্ট পৰ্তুগীজ চিত্ৰকৰ আৰু ওৱাটাৰ কালাৰ পেইণ্টাৰ। ১৯০৯ চনৰ পৰা লিছবনৰ ছ’চিয়েড নেচনেল ডি বেলাছ-আৰ্টেছত তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰি ১৯২৯ চনত এছ এন বি এৰ ওৱাটাৰ কালাৰৰ পদক লাভ কৰে।
-
ৰাকেশ বণিক
ৰাকেশ বণিক (Rakesh Banik) এগৰাকী অসমীয়া পেৰা-চাইক্লিষ্ট। সৰ্বভাৰতীয় পৰ্যায়ত পেৰা- চাইক্লিষ্ট ৰূপে তেওঁ নেতৃস্থানীয়। ২০১২ চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হৈ বণিকে তেওঁৰ সোঁ-ভৰিটো হেৰুৱায় যদিও নিজৰ যত্ন, একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কম সময়তে এগৰাকী চাইক্লিষ্ট ৰূপে জনমানসত ধৰা দিয়ে।
-
ৰাখী বিৰলা
ৰাখী বিৰলা (জন্ম ১৯৮৭) এগৰাকী ভাৰতীয় ভাৰতীয় ৰাজনীতিক। তেওঁ আম আদমী পাৰ্টীৰ সদস্য। ২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখী বিৰলা দিল্লীৰ মংগলপুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়।
-
ৰাগনী
ৰাগনী (জন্ম: শ্বামছাদ বেগম; ২২ অক্টোবৰ ১৯২৪ – ২৭ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ উৰ্দু আৰু পঞ্জাবী ভাষাৰ ছবিত অভিনয় কৰিছিল আৰু ১৯৪০ৰ দশকত নিজৰ সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
ৰাগিনী খান্না
ৰাগিনী খান্না (জন্ম: ৯ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, মডেল, কৌতুক অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন হষ্ট। তেওঁ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ (২০১৩) আৰু ‘গেংছ অৱ হাচীপুৰ’ (২০১৪)ৰ দৰে বিভিন্ন ৰিয়েলিটি শ্ব’ৰ আঁত ধৰিছে।
-
ৰাগেশ্বৰী লুম্বা
ৰাগেশ্বৰী লুম্বা (ইংৰাজী: Raageshwari Loomba) এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু মাইণ্ডফুলনেছ স্পীকাৰ।
-
ৰাঘৱ মাথুৰ
ৰাঘৱ মাথুৰ (জন্ম ২ এপ্ৰিল, ১৯৮১), পেছাগতভাৱে ৰাঘৱ নামেৰে পৰিচিত, এজন কানাডাৰ গায়ক। তেওঁ তিনিটা ষ্টুডিঅ' এলবাম মুকলি কৰিছে: ২০০৪ চনত প্ৰথম গল্পকাৰ, ২০০৯ চনত পৰিচয়, আৰু দ্য ফিনিক্স ২০১২ চনত। তেওঁৰ আটাইতকৈ পৰিচিত বাণিজ্যিক সফলতা আছিল "এঞ্জেল আইজ" যিয়ে ২০০৫ চনত ব্ৰিটেইনত ৭ নম্বৰ স্থান দখল কৰে।
-
ৰাচেল ফিঞ্চ
ৰাচেল ফিঞ্চ (ইংৰাজী: Rachael Finch; জন্ম: ৮ জুলাই ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন পৰিচালিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৬ চনৰ মিছ টিন অষ্ট্ৰেলিয়াৰ 'পিপলছ চয়েচ এৱাৰ্ড' লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৯ ত তৃতীয় ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল।
-
ৰাচেল মাইনাৰ
ৰাচেল মাইনাৰ (ইংৰাজী: Rachel Miner; জন্ম: ২৯ জুলাই, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ১৯৯০ চনত এলিচ ছবিৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ বুলি (২০০১), হেভেন (২০০৪), দ্য ব্লেক ডালিয়া, পেনি ড্ৰেডফুল (দুয়োখন ২০০৬), দ্য বাটাৰফ্লাই ইফেক্ট ৩: ৰিভেলেচনছ (২০০৯), আৰু ইন দেয়াৰ স্কিন (২০১২) আদি…