হৰি কৃষ্ণ দেৱসাৰে (জন্ম: ৯ মাৰ্চ ১৯৩৮ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৩) এগৰাকী হিন্দী ভাষা সাহিত্যিক; শিশু সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ কামৰ বাবে সুপৰিচিত। শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিনানী ফাউণ্ডেচনৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম বাটস্ল্য বঁটা লাভ কৰে।১
২০১১ চনত ভাৰতীয় সাহিত্য অকাডেমিৰ দ্বাৰা শিশু সাহিত্যৰ ক্ষেত্ৰত জীৱনকালীন অৱদান বঁটাৰে সন্মানিত হয়।
১৯৩৮ চনৰ ৯ মাৰ্চত মধ্যপ্ৰদেশৰ নাগোডত জন্মগ্ৰহণ কৰিছিল দেৱসাৰে।২
কাম
লিখা শৈলীৰ বাবে পৰিচিত ড° দেৱসাৰে আধুনিক প্ৰেক্ষাপটত ৰজা-ৰাণী আৰু সাধুকথাৰ প্ৰাসংগিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি এক গুৰুতৰ বিতৰ্ক আৰম্ভ কৰিছিল। বৰঞ্চ ভাৰতীয় ভাষাৰ শিশু সাহিত্যত সৃষ্টিশীলতাক উৎসাহিত কৰি শিশুৰ বাবে কল্পবিজ্ঞান আৰু একাংকৰ নাটকৰ শূন্যতা পূৰণৰ প্ৰয়াস কৰিছে। শিশুৰ বাবে ৩০০ৰো অধিক কিতাপৰ কৃতিত্ব লাভ কৰি তেওঁ এই শিতানত হিন্দী ভাষাত কেইবাখনো প্ৰামাণিক আৰু মানক ৰচনা আগবঢ়াইছে। তদুপৰি তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিৰ আধাৰত ধাৰাবাহিক, টেলিফিল্ম আৰু অনুষ্ঠানৰ চিত্ৰনাট্য লিখিছে। ড° দেৱসাৰে শিশু সাহিত্যকৰ বঁটা, উত্তৰ প্ৰদেশ হিন্দী প্ৰতিষ্ঠানৰ শিশু সাহিত্য বঁটা, কৃতি সন্মান (২০০১) আৰু হিন্দী একাডেমী, দিল্লীৰ সাহিত্যকাৰ বঁটা (২০০৪)কে ধৰি কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছিল।
দেৱসাৰে ২২ বছৰ অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল আৰু স্বেচ্ছামূলক অৱসৰৰ পিছত তেওঁ পৰাগ আলোচনীৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল।৩ হিন্দী আলোচনী পৰাগৰ সম্পাদক আছিল।৪ তেওঁ হিন্দী ভাষাত ৰহস্য, দুঃসাহসিক আৰু কল্পবিজ্ঞানকে ধৰি বিভিন্ন ধাৰাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ৫
মৃত্যু
২০১৩ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ইন্দিৰাপুৰমত দেৱছাৰেৰ মৃত্যু হয়।২ ৬ মৃত্যুৰ সময়ত দেৱসাৰে পত্নী বিভা দেৱসাৰে, দুই পুত্ৰ, এগৰাকী কন্যা আৰু ৫ গৰাকী নাতি-নাতিনীক এৰি থৈ যায়।
জীৱনীমূলক চলচ্চিত্ৰ
www.youtube.com/watch?v=vRfpsiAUT78
বাহ্যিক সংযোগসমূহ
- Books of HK Devsare at Amazon.com.
- www.bachchaa.com/
তথ্যসূত্ৰ
- ↑ (8 April 2007). Briefly (Sealing responsible for Congress defeat). The Hindu
- ↑ (14 November 2013). Prominent Hindi writer Hari Krishna Devsare dies in Ghaziabad. The Times of India
- ↑ (14 November 2013). जानेमाने साहित्यकार हरिकृष्ण देवसरे का निधन. ABP News
- ↑ (8 February 2007). H K Devsare wins first 'Vatsalya Award' for children's literature. Oneindia
- ↑ (12 February 2009). Once there was a story. The Hindu
- ↑ (14 November 2013). Hindi author Devsare dies. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰি কৃষ্ণ দেৱসাৰে” প্ৰবন্ধৰ সংশোধন ৬৪০৩৪৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।