হেৰী হোডিনি নামেৰে পৰিচিত এৰিক ৱেইজ আছিল এজন হাংগেৰীয়-আমেৰিকান পলায়ন শিল্পী, ভ্ৰমবাদী আৰু ষ্টাণ্ট পৰিবেশক৷ তেওঁৰ পলায়ন কাৰ্যসমূহৰ বাবে বিখ্যাত।১
হোডিনিয়ে প্ৰথমে আমেৰিকাৰ ভ’ডভিলত আৰু তাৰ পিছত ইউৰোপ ভ্ৰমণৰ সময়ত হেৰী ‘হেণ্ডকাফ’ হোডিনি হিচাপে দৃষ্টি আকৰ্ষণ কৰিছিল, য’ত তেওঁ আৰক্ষী বাহিনীক তেওঁক আবদ্ধ কৰি ৰাখিবলৈ প্ৰত্যাহ্বান জনাইছিল। কিছু বছৰৰ পিছত তেওঁ নিজৰ সক্ষমতাৰ বিকাশ সাধন কৰি শিকলি, আকাশচুম্বী ঘৰৰ পৰা ওলমি থকা ৰছী, পানীৰ তলত ষ্ট্ৰেইটজেকেট আৰু পানী থকা বন্ধ গাখীৰৰ পাত্ৰৰ পৰা পলায়ন কৰাৰ দৰে কাৰ্যসমূহ অন্তৰ্ভুক্ত কৰিছিল।
১৯০৪ চনত লণ্ডনৰ ডেইলী মিৰৰৰ দ্বাৰা আয়োজিত এক প্ৰদৰ্শনত হোডিনিয়ে বিশেষভাৱে তৈয়াৰ কৰা হেণ্ডকাফৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, যিটো অনুষ্ঠান হাজাৰ হাজাৰ লোকে চাই আছিল। আন এটা ষ্টাণ্টত তেওঁক জীৱিত অৱস্থাত পুতি থোৱা হৈছিল আৰু হোডিনিয়ে ইয়াৰ পৰাও পলায়ন কৰিব পাৰিছিল। ছ’চাইটি অৱ আমেৰিকান মেজিচিয়ানছৰ সভাপতি হিচাপে তেওঁ পেছাদাৰী মানদণ্ড ৰক্ষা কৰিবলৈ আৰু প্ৰৱঞ্চক শিল্পীসকলক উদঙাই দিবলৈ প্ৰয়াস কৰিছিল। তেওঁৰ পলায়নৰ ষ্টাণ্ট অনুকৰণ কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধেও তেওঁ সোনকালে মোকৰ্দমা তৰিছিল।
হোডিনিয়ে কেইবাখনো চিনেমা নিৰ্মাণ কৰিছিল যদিও ছবিৰ জৰিয়তে ধন ঘটিব নোৱাৰাৰ ফলত অভিনয় বাদ দিছিল। তেওঁ এজন আগ্ৰহী বিমান পৰিচালক আছিল আৰু ১৯১০ চনৰ ১৮ মাৰ্চত মেলবৰ্ণৰ পৰা প্ৰায় ২০ মাইল দূৰৈৰ ডিগাৰ্ছ ৰেষ্টত অষ্ট্ৰেলিয়াত শক্তিচালিত বিমান চলোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল।২
তথ্যসূত্ৰ
- ↑ Houdini!
- ↑ Maksel, Rebecca. The Hunt for Houdini's Airplane. Air & Space Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰী হোডিনি” প্ৰবন্ধৰ সংশোধন ৪৯১৮৯৮ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।