হেলেনা ক্ৰীষ্টেনচেন (ইংৰাজী ভাষা: Helena Christensen; জন্ম: ২৫ ডিচেম্বৰ ১৯৬৮) এগৰাকী ডেনিছ ফেশ্বন মডেল। তেওঁ পূৰ্বৰ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল, নাইলন আলোচনীৰ সহ-প্ৰতিষ্ঠাপক তথা মূল সৃষ্টিশীল পৰিচালক আছিল। ইয়াৰ উপৰি তেওঁ স্তন কেন্সাৰ প্ৰতিষ্ঠান আৰু অন্যান্য জনহিতকৰ দাতব্য সংস্থাসমূহৰ বাবে পুঁজি সংগ্ৰহৰ এগৰাকী সমৰ্থক।
প্ৰাৰম্ভিক জীৱন
১৯৬৮ চনৰ ২৫ ডিচেম্বৰত ডেনমাৰ্কৰ ক’পেনহেগেনত ক্ৰীষ্টেনচেনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ফ্লেমিং এজন ডেনিছ আৰু মাতৃ এলছা এগৰাকী পেৰুৰ মহিলা।১২ তেওঁ দুই কন্যাৰ ভিতৰত ডাঙৰ আছিল।৩ ক্ৰীষ্টেনচেন ডেনিছ, ইংৰাজী, ফৰাচী আৰু জাৰ্মান ভাষাত সাৱলীল।৪ ১৯৮৬ চনত মিছ ইউনিভাৰ্ছ ডেনমাৰ্কৰ খিতাপ জয় কৰি৫৬ তেওঁ পানামাত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৮৬ প্ৰতিযোগিতাত ডেনমাৰ্কক প্ৰতিনিধিত্ব কৰিছিল।৭ পৰৱৰ্তী বছৰত ক্ৰীষ্টেনচেনে 'লুক অৱ দি য়েৰ ১৯৮৭' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফাইনেলিষ্ট নিৰ্বাচিত হয়। ইয়াৰ কিছুসময়ৰ পাছতে তেওঁ মডেলিংৰ কামত পেৰিছলৈ যায়।৮
ব্যক্তিগত জীৱন
ক্ৰীষ্টেনচেনে ১৯৯০ চনৰ আৰম্ভণিতে পাঁচ বছৰ ধৰি ফ্ৰান্স আৰু ডেনমাৰ্কত আই.এন.এক্স.এচ. (INXS) বেণ্ডৰ মুখ্য গায়ক মাইকেল হাটচেন্সৰ সৈতে সম্পৰ্কত আছিল আৰু একেলগে বসবাস কৰিছিল।৯ অভিনেতা নৰ্মান ৰিডাছৰ সৈতেও তেওঁৰ পাঁচবছৰীয়া এক সম্পৰ্ক আছিল; তেওঁলোকৰ মিংগাছ (জন্ম অক্টোবৰ ১৯৯৯) নামৰ এজন পুত্ৰ সন্তান আছে।১০ ২০০৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়।১১ পৰৱৰ্তী সময়ত তেওঁ ২০১১ চনৰপৰা ২০১৫ চনলৈকে ইণ্টাৰপ’ল বেণ্ডৰ গায়ক পল বেংকছৰ সৈতে সম্পৰ্কত আছিল।১২ ক্ৰীষ্টেনচেন ফুটবল খেলুৱৈ অলিভাৰ চনেৰ পেহীয়েক। ফুটবলৰ উপৰি চনেয়ে তেওঁৰ পেহীয়েকৰ দৰেই এগৰাকী ফেশ্বন মডেল হিচাপেও কাম কৰিছিল।১৩১৪
ক্ৰীষ্টেনচেনৰ ক’পেনহেগেনত এটা এপাৰ্টমেণ্ট আৰু নিউয়ৰ্কৰ কেটস্কিলত এটা ঘৰ আছে। তেওঁ মেনহাটানত বাস কৰে, য’ত তেওঁ এখন মৰিছ মাইনৰ (Morris Minor) গাড়ী চলায়।১৫১৬ ২০০৭ চনত তেওঁ মোনাকোত বসবাস কৰি থকা বুলি জনাইছিল।১৭
২০২৫ চনৰ আগষ্ট মাহত মেনহাটানৰ চেলছি অঞ্চলত এগৰাকী মহিলাক আক্ৰমণ কৰাৰ অভিযোগত নিউয়ৰ্ক চহৰত তেওঁৰ পুত্ৰ মিংগাছক গ্ৰপ্তাৰ কৰা হয়।১৮ ইয়াৰ পূৰ্বে ২০২২ চনতো এগৰাকী মহিলাক আক্ৰমণ কৰাৰ গোচৰত মিংগাছে নিজৰ দোষ স্বীকাৰ কৰিছিল।১৮
সন্মান আৰু বঁটা
২০২৪ চনত হেলেনা ক্ৰীষ্টেনচেনক ৰাষ্ট্ৰসংঘত 'ৱমেনছ এণ্ট্ৰপ্ৰিনিউয়াৰশ্বিপ ডে অৰ্গেনাইজেশ্যন মডেল পায়নিয়াৰ বঁটা' প্ৰদান কৰা হয়।১৯ তেওঁৰ অৱদানসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছেও স্বীকৃতি দিছে আৰু অধিকাৰিকভাৱে কংগ্ৰেছৰ ৰেকৰ্ডত লিপিবদ্ধ কৰিছে।২০
বাহ্যিক সংযোগ
- Helena Christensen at EBA Artist Listings
- Helena Christensen: "Journey in fashion, from being Victoria's Secret Angel to working behind the lens" Interview with MEAWW
তথ্যসূত্ৰ
- ↑ Nome, Valerie. (7 May 2008). Helena Christensen: Model Mom. OK!
- ↑ Christensen, Helena. (19 November 2009). Portraits of Peru: Why supermodel Helena Christensen returned to her roots. The Independent
- ↑ Rivkin, Annabel. (10 April 2012). The Dane: As hot as Helena Christensen. The Standard
- ↑ Mulkerrins, Jane. (3 May 2015). Helena Christensen on modelling at 46, surgery and her new perfume. The Daily Telegraph
- ↑ Mueller, Andrew. (31 August 2003). Reversing the lens: Helena Christensen. Sunday Tribune
- ↑ Mottram, James. (10 June 2006). Helena Christensen: Role Model. The Independent
- ↑ Toro, Mariana. (December 25, 2025). Young Photos of Helena Christensen. L'Officiel USA
- ↑ The Helena Christensen Picture Pages. superiorpics.com
- ↑ INXS; Bozza, Anthony. (2006). Inxs: Story to Story: The Official Autobiography. Atria. পৃ. 225. ISBN 978-0-7432-8404-2
- ↑ Quihuiz, Ariana. (2024-03-03). All About Norman Reedus' Son Mingus Lucien Reedus. People
- ↑ (2012-03-18). Helena Christensen. Marie Claire
- ↑ Kaufman, David. (19 October 2012). Queen of the Runway. Wall Street Journal
- ↑ Hvidt, Patricia. (19 December 2020). Helena Christensens nevø i vild kombi: Fodbold-prof og model for Gucci. B.T.
- ↑ Oliver Sonne. lemanagement
- ↑ Gerard, Jasper (27 November 2005). "Me and My Motors: Helena Christensen". The Sunday Times. Retrieved 26 August 2010
- ↑ Philby, Charlotte (21 November 2009) "My Secret Life: Helena Christensen, Supermodel, 40". The Independent. Retrieved 26 August 2010
- ↑ Crichton, Torcuil. (21 July 2007). Helena Christensen Interview. Herald-Scotland
- ↑ Madani, Doha. (August 24, 2025). Son of 'Walking Dead' actor Norman Reedus charged with assault in New York. NBC News
- ↑ Helena Christenson - Women's Entrepreneurship Day Organization
- ↑ Meng, Grace. (November 19, 2024). Women's entrepreneurship day 2024. Congressional Record. পৃ. E1168-E1169
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেনা ক্ৰীষ্টেনচেন” প্ৰবন্ধৰ সংশোধন ৫৯৭১৬৯ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।