হৰি দেৱী কৈৰালা (নেপালী: हरिदेवी कोइराला; জন্ম: ৩০ মাৰ্চ ১৯৫৯) এগৰাকী নেপালী গায়িকা। ৫ দশকজোৰা তেওঁৰ সংগীত জীৱনত প্ৰায় ৮০০ৰো অধিক গীত গাইছে আৰু ৮০ খনতকৈও অধিক এলবাম বাণীবদ্ধ কৰিছে। কৈৰালাই সাহিত্য, সংগীত, আৰু সামাজিক সংগঠনৰ পৰা ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছে। কাঠমাণ্ডুত প্ৰথম এলবাম পাইনা খবৰা বাণীবদ্ধ কৰাৰ পিছৰে পৰা তেওঁ দ্ৰুতগতিত খ্যাতি লাভ কৰে। তেওঁৰ কিছুমান জনপ্ৰিয় গীতৰ ভিতৰত "আইনা হেৰেৰা", "পাইনা খবৰ", "ফুলকো বসনা", "ঝিল ঝিল সীতাৰা", আৰু "আমা টিম্ৰো দুধকো ভাৰলে" আদি অন্যতম।
প্ৰাৰম্ভিক জীৱন
১৯৫৯ চনৰ ৩০ মাৰ্চত নেপালৰ গণ্ডকী প্ৰদেশৰ পোখৰাত হৰি দেৱীৰ জন্ম হৈছিল৷ তেওঁৰ নাম পিতৃৰ যোগেন্দ্ৰ বাহাদুৰ ভট্টৰায় আৰু মাতৃৰ নাম জগত কুমাৰী ভট্টৰায়।১২ হিন্দু দেৱতা বিষ্ণুৰ নামেৰে আইতাকে তেওঁৰ নাম হৰি ৰাখিছিল।২ তেওঁ শৈশৱত নিজৰ নামটো পছন্দ কৰা নাছিল।২ কৈৰালা তেওঁৰ পৰিয়ালৰ চৈধ্যটা সন্তানৰ ভিতৰত অষ্টম সন্তান আছিল।২ সৰুতে তেওঁ কবিতা আৰু গীত লিখিছিল।২ প্ৰতিদিনে পুৱা তেওঁ আইতাকৰ বাবে গীত গাইছিল।২ নাৰায়ণ গোপাল, তাৰা দেৱী, অৰুণা লামা, ৰাম কৃষ্ণ ঢকাল, লোক বাহাদুৰ ছেত্ৰী, ধৰ্মৰাজ থাপা, ঝলক মান গণ্ডৰ্ভ আদি গায়কসকলৰ দ্বাৰা কৈৰালা প্ৰভাৱিত হৈছিল।১ তেওঁৰ প্ৰিয় গ্ৰন্থসমূহ আছিল লক্ষ্মী প্ৰসাদ দেৱকোটাৰ মুনা মদন (১৯৩৬), আৰু ভূপী শ্বেৰচনৰ ঘুমনে মেচমাথি আন্ধো মাঞ্চে (১৯৬৮)।১ পোখৰাৰ বৰাহী মাধ্যমিক বিদ্যালয়ত তেওঁ মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল।১ ১৯৭৭–১৯৭৮ চনৰ আশে-পাশে দেৱী কৈৰালাৰ ৰাম বাহাদুৰ কৈৰালাৰ সৈতে বিবাহৰ সম্পন্ন কৰা হৈছিল।২৩
কৰ্মজীৱন
কৈৰালাৰ জন্ম হৈছিল নেপালৰ এক বাহুন পৰিয়ালত হৈছিল, সেই সময়ত ধনৰ বিনিময়ত কেৱল গন্ধৰ্ব জাতিৰ লোক সকলেহে গীত গোৱাৰ অনুমতি আছিল, সেয়ে পৰৱৰ্তী সময়ত তেওঁক গান গোৱাত বাধা আৰোপ কৰা হৈছিল।২ কিন্তু বিয়াৰ পিছত কৈৰালাৰ স্বামী আৰু পৰিয়ালে তেওঁক সহায় কৰিছিল আৰু এটা গীত বাণীবদ্ধ কৰিবলৈ উৎসাহিত কৰিছিল।২ ১৯৮৩–১৯৮৪ চনৰ আশে-পাশে স্বামীৰ সৈতে কাঠমাণ্ডুলৈ গৈ এটা গীত বাণীবদ্ধ কৰে।২ প্ৰেম ৰাজা মাহৰ সহায়ত কৈৰালাই এটা ব্যক্তিগত ৰেকৰ্ডিং ষ্টুডিঅ'ত প্ৰথম এলবাম পাইনা খবৰা বাণীবদ্ধ কৰে আৰু ষ্টুডিঅ'টোক প্ৰায় ৬ হাজাৰ নেপালী টকা দিয়ে।২ এমাহৰ পিছত তেওঁৰ প্ৰথম এলবামটো ৰাজহুৱাভাৱে মুক্তি পায় আৰু ই ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰে।২ শিৰোনাম গীতটোত এগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ পত্নীয়ে কেইবামাহো ধৰি স্বামীৰ খবৰ নোপোৱাৰ সময়ত হোৱা যন্ত্ৰণাৰ কাহিনী বৰ্ণনা কৰা হৈছে।২ নৱবিবাহিত দম্পতীৰ স্বামীয়ে কাম বিচাৰি বিদেশলৈ যোৱা দেখি তেওঁ "পাইনা খবৰ" লিখিবলৈ অনুপ্ৰাণিত হৈছিল।২
কৈৰালাই ৮০০ টাতকৈও অধিক গীত গাইছে, ৮০ টাতকৈও অধিক এলবাম বাণীবদ্ধ কৰিছে, ৮ খন কিতাপ লিখিছে আৰু ১০০ টাতকৈও অধিক মিউজিক ভিডিঅ'ত অভিনয় কৰিছে।১২৪ ইয়াৰ ভিতৰত জনপ্ৰিয় গীতসমূহ হ'ল "আইনা হেৰেৰা", "পাইনা খবৰ", "ফুলকো বসনা", "ঝিল ঝিল সীতাৰা", আৰু "আমা টিম্ৰো দুধকো ভাৰলে"।৩ তেওঁ লিংগ সমতা, তীজ আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে গীত গাইছে।৪৫৬ হৰি দেৱী কৈৰালা নেপালৰ লোক-সংগীত জগতৰ অন্যতম চিনাকি নাম।৭
বঁটা আৰু মনোনয়ন
কৈৰালাই সাহিত্য, সংগীত আৰু সামাজিক সংগঠনৰ পৰা ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছে।৩ ২০১৮ চনত চাহানা মিডিয়াই তেওঁক বিশেষ সন্মানেৰে সন্মানিত কৰে।৮ ২০২১ চনত লোক-সংগীত, লোক-সংস্কৃতি আৰু লোক-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে কৈৰালাক ক্ষেত্ৰ প্ৰতাপ সোঁৱৰণী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।৯
২০০৫ চনত তেওঁ "ফুল কো ডালিমা" গীতৰ বাবে হিটছ এফ এম মিউজিক এৱাৰ্ডৰ ফক ৰেকৰ্ড অৱ দ্য ইয়েৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ व्यक्तिवृत्त: होनहार कवि/गायिका हरिदेवी कोइराला. News of Nepal
- ↑ लोकसंगीतकी कोइली. Nagarik
- ↑ 'हम्काइलो'देखि 'श्रीमान् मन्त्री हुँदा'सम्म. Shilapatra
- ↑ Parker, Sara. (March 2018). Untold stories of unsung heroes. Nepali Times
- ↑ शहर पसेको दोहोरी. Himal Khabar
- ↑ तीजमा बज्दैनन् अचेल हरिदेवीका गीत. Online Khabar
- ↑ (5 September 2016). के गर्दैछिन् 'ऐना हेरेर'की गायिका. Dainikpatra
- ↑ (26 January 2018). 'Lifetime Achievement Award' for Rastrakavi Ghimire. The Himalayan Times
- ↑ गायिका हरिदेवी कोइरालालाई क्षेत्रप्रताप साहित्य पुरस्कार प्रदान गरिने. GorakhaPatra
- ↑ And the winner is.. Nepali Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰি দেৱী কৈৰালা” প্ৰবন্ধৰ সংশোধন ৬০৩৬৪৮ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।