হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ (ইংৰাজী ভাষা: Hrafnhildur Haraldsdóttir; জন্ম: ৭ এপ্ৰিল ২০০৪) এগৰাকী আইচলেণ্ডিক মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ আৰ্থ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ আৰ্থ - এয়াৰ ২০২৪ৰ খিতাপ অৰ্জন কৰিছিল।১ তেওঁ মিছ ইউনিভাৰ্ছ ২০২২ প্ৰতিযোগিতাতো আইচলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰৰ পৰিয়ালৰ সম্পৰ্ক আইচলেণ্ডৰ ৱেষ্টফজৰ্ডছ অঞ্চলৰ সৈতে আছে, যিটো অঞ্চল ইয়াৰ দুৰ্গম মাছমৰীয়া গাঁও আৰু ওখোৰা-মোখোৰা উপকূলৰ বাবে জনাজাত। তেওঁ কেফলাভিকত ডাঙৰ-দীঘল হৈছিল আৰু তাত এ.টি. মহান হাইস্কুলত অধ্যয়ন কৰিছিল। এই শিক্ষানুষ্ঠানখনে স্থানীয় শিক্ষাৰ্থীৰ লগতে ওচৰৰ ঘাটিত থকা আমেৰিকাৰ সামৰিক কৰ্মীৰ সন্তানসকলকো শিক্ষা প্ৰদান কৰে।
২০১৬ চনত তেওঁ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ পাছত আইচলেণ্ডত পুনৰ অধ্যয়ন আৰম্ভ কৰে। চাৰি বছৰৰ পাছত অৰ্থাৎ ২০২০ চনত তেওঁ ভাৰ্জলুনাস্কোলি ইছলেণ্ডছত নাম ভৰ্তি কৰে আৰু তাৰপৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।
ফিগাৰ স্কেটিংৰ উপৰি হেৰাল্ডচডটিৰে স্কীয়িং আৰু স্ন’বৰ্ডিং কৰি ভাল পায় আৰু তেওঁ পিয়ানোও বজায়।
সৌন্দৰ্য প্ৰতিযোগিতা
২০২২: মিছ ইউনিভাৰ্ছ আইচলেণ্ড
২০২২ চনত হেৰাল্ডচডটিৰে মিছ ইউনিভাৰ্ছ আইচলেণ্ড খিতাপ জয় কৰে২ আৰু মিছ ইউনিভাৰ্ছ ২০২২ প্ৰতিযোগিতাত আইচলেণ্ডক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ লাভ কৰে। আমেৰিকাৰ নিউ অৰলিন্সত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত তেওঁ কোনো স্থান লাভ কৰা নাছিল।৩
২০২৪: মিছ আৰ্থ আইচলেণ্ড
২০২৪ চনত হেৰাল্ডচডটিৰক মিছ আৰ্থ আইচলেণ্ড ২০২৪ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ মিছ আৰ্থ ২০২৪ ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি মিছ আৰ্থ - এয়াৰ (প্ৰথম ৰানাৰ্ছ আপ) হিচাপে পৰিগণিত হয়। এই প্ৰতিযোগিতাৰ ইতিহাসত আইচলেণ্ডৰ বাবে এয়া আছিল সৰ্বোচ্চ স্থান।
নিজৰ কাৰ্যকালত তেওঁ মিছ আৰ্থ ২০২৪ বিজয়ী জেচিকা লেনৰ সৈতে মিছ এক্সক্লুচিভ ২০২৫ প্ৰতিযোগিতাত অংশ ল’বলৈ বেলজিয়াম ভ্ৰমণ কৰিছিল।৪ ২০২৫ চনৰ জুলাই মাহত তেওঁ তানজানিয়া চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে এজন আন্তঃৰাষ্ট্ৰীয় দূত হিচাপে সেই দেশ ভ্ৰমণ কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Þorláksson, Tómas Arnar. (November 10, 2024). Hrafnhildur finished second in Miss Earth (in Icelandic). Vísir.is
- ↑ (25 August 2022). Hrafnhildur er Miss Universe Iceland 2022. Fréttablaðið
- ↑ Agnarsdóttir, Dóra Júlía. (July 27, 2022). Miss Universe Iceland: Eltir drauma sína sama hvað öðrum finnst (in Icelandic). Vísir.is
- ↑ Cuadra, Addie. (10 November 2024). Jessica Lane becomes first Australian to win Miss Earth 2024. ABS-CBN News
- ↑ (July 25, 2025). Miss Earth Air 2024. Miss Earth's Official Facebook Page
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫৮২২ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।