হৰচিমৰত কৌৰ বাদল (জন্ম: ২৫ জুলাই ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী।১ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা সংসদলৈ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিৰোমণি অকালি দলৰ সদস্য।২ তেওঁৰ স্বামী সুখবীৰ সিং বাদল শিৰোমণি অকালি দলৰ অধ্যক্ষ আৰু পঞ্জাব ৰাজ্যৰ উপমুখ্যমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁৰ শহুৰ প্ৰকাশ সিং বাদল পঞ্জাবৰ মুখ্যমন্ত্ৰী আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৬ চনৰ ২৫ জুলাই তাৰিখে নতুন দিল্লীত হৰচিমৰত কৌৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সত্যজিৎ আৰু মাতৃ সুখমনজুছ মাজিঠিয়া। তেওঁ মহাৰাজ ৰঞ্জিত সিঙৰ সৈন্যবলত সেনাপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা অট্টৰ সিং মাজিঠিয়াৰ বংশত জন্মগ্ৰহণ কৰিছিল। তেওঁ লৰেণ্ট' কনভেণ্ট স্কুল, দিল্লীত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ টেক্সটাইল ডিজাইনিঙৰ ক্ষেত্ৰখনলৈ যায় আৰু টেক্সটাইল ডিজাইনৰ তিনিবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰে।৩ ১৯৯১ চনৰ ২১ নৱেম্বৰ তাৰিখে তেওঁ সুখবীৰ সিং বাদলৰ লগত বিবাহপাশত আবদ্ধ হয়।৪ তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। তেওঁৰ ভাতৃ বিক্ৰম সিং মাজিঠিয়া শিৰোমণি অকালি দলৰ সদস্য আৰু মাজিঠা বিধানসভা সমষ্টিৰ বিধায়ক।৪ তেওঁৰ শহুৰেক প্ৰকাশ সিং বাদলৰ কেবিনেটত তেওঁৰ ভাতৃ পঞ্জাব চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল।
ৰাজনৈতিক জীৱন
হৰচিমৰত কৌৰ বাদল শিৰোমণি অকালি দলৰ সদস্য। তেওঁ ২০০৯ চনৰ লোকসভা নিৰ্বাচনত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। তেওঁ পঞ্চদশ লোকসভা নিৰ্বাচনত ভাটিন্দা লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল। এই নিৰ্বাচনত তেওঁ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী আছিল তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰানীন্দৰ সিঙক ১,২০,৯৬০ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।২২০০৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে তেওঁৰ প্ৰথম বক্তৃতাত তেওঁ ১৯৮৪ শিখ বিৰোধী সংঘৰ্ষত জৰ্জড়িত আৰু ভুক্তভোগী ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কন্যা শিশু আৰু গছক বচাবলৈ "নহ্নি চান" নামৰ এক প্ৰকল্পৰ লগত জড়িত আছিল।৫ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ আকৌ এবাৰ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে। এইবাৰ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু পিপলছ পাৰ্টি অফ পঞ্জাব সমৰ্থিত প্ৰাৰ্থী মনপ্ৰীত সিং বাদলক পৰাস্ত কৰে। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত খাদ্য সংসাধন মন্ত্ৰীৰ পদবী লাভ কৰে। তেওঁৰ কাৰ্যকালত ভাৰতত কেইবাটাও বৃহৎ খাদ্য সংসাধন উদ্যোগ গঢ় লৈ উঠে। ৰাজনৈতিক ভাবে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী পঞ্জাবৰ আঞ্চলিক দল শিৰোমণি অকালি দলৰ নেত্ৰী। শিৰোমণি অকালি দল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সহযোগী।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ HT Correspondent. (26 May 2014). Bathinda MP Harsimrat Kaur Badal sworn in as food processing minister. হিন্দুস্তান টাইমছ
- ↑ "Constituency Wise Detailed Results (2009)." Electoral Commission of India, 2009. Page 112. Retrieved 30 October 2011
- ↑ (10 July 2016). Cabinet reshuffle: Modi government's got talent but is it being fully utilised?. The Economic Times
- ↑ "15th Lok Sabha Members Bioprofile" ভাৰত চৰকাৰ, 2009. Retrieved 30 October 2011
- ↑ (9 March 2009). Harsimrat Badal launches fifth phase of Nanhi Jaan project. Punjab Newsline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰচিমৰত কৌৰ বাদল” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৬৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।