জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হেংগামেহ মফিদ
হেংগামেহ মফিদ (ফাৰ্চী: هنگامه مفيد; জন্ম: ২২ ডিচেম্বৰ ১৯৫৫) হৈছে এগৰাকী ইৰানীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, সংগীতজ্ঞ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক।
-
হেইলি ছাহাৰ
হেইলি ছাহাৰ (ইংৰাজী: Hailie Sahar; জন্ম: ১৯৮৮) এগৰাকী আমেৰিকান প্ৰযোজক, অভিনেত্ৰী আৰু সংগীতশিল্পী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক পোজত লুলু এবাণ্ডেন্সৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০২৩ চনত তেওঁৰ প্ৰথমটো একক গীত "ষ্টাৰ ট্ৰেভেলাৰ" মুক্তি পায়।
-
হেইলি বিবাৰ
হেইলি ৰোড বিবাৰ (জন্ম: ২২ নৱেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান মডেল, চচিয়েল মিডিয়া ব্যক্তিত্ব, সৃজনমূলক পৰিচালক আৰু ব্যৱসায়ী। তেওঁ ছালৰ যত্ন লোৱা সামগ্ৰীৰ ব্ৰেণ্ড 'ৰোড'ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সৃজনমূলক বিষয়া। ১ বিলিয়ন ডলাৰৰ এক চুক্তিত 'ই.এল.এফ.'-এ এই ব্ৰেণ্ডটো অধিগ্ৰহণ কৰিছিল।
-
হেইলী চেলচ
হেইলী চেলচ (ইংৰাজী: Hayley Sales; জন্ম: ৩১ আগষ্ট, ১৯৯০) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। তেওঁৰ প্ৰথমটো এলবাম চানচিড ২০০৭ চনৰ ১৯ জুনত মুক্তি পাইছিল; এলবামটোৰ "কিপ ড্ৰাইভিন" আৰু "ৱাট ইউ ৱাণ্ট" গীত দুটাই ক্ৰমে জাপান হট ১০০-ত ১১ নম্বৰ আৰু কানাডিয়ান হট ১০০-ত ৪৫ নম্বৰ স্থান লাভ কৰিছিল।
-
হেজেল ক্ৰাউনী
হেজেল ক্ৰাউনী (ইংৰাজী: Hazel Crowney; যাক হেজেল ক্ৰোনী বুলিও লিখা হয়) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল। তেওঁ কেইবাটাও বিজ্ঞাপন অভিযান আৰু কিছুমান বলীউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
হেজেল মণ্টেইথ
হেজেল কনুপে মণ্টেইথ (Hazel Conupe Monteith, ১৯ জুন ১৯১৭ – ২২ মে' ২০১২) আছিল এগৰাকী আফ্ৰিকান-জামাইকান গ্ৰাহক অধিকাৰৰ সমৰ্থক, ৰেডিঅ' ব্যক্তিত্ব আৰু সমাজকৰ্মী।
-
হেণ্ড্ৰিক আডামছন
হেণ্ড্ৰিক আডামছন ( Hendrik Adamson); (জন্ম: ৬ অক্টোবৰ, ১৮৯১ – মৃত্যু: ৭ মাৰ্চ, ১৯৪৬) এজন ইষ্টোনিয়ান কবি আৰু শিক্ষক আছিল। তেওঁ ভিলজাণ্ডি কাউন্টিৰ কাৰ্ষ্টনা পেৰিছৰ (বৰ্তমান ভিলজাণ্ডি পেৰিছৰ ভেইছজাৰ্ভে গাঁৱত) মেটছাকুৰু গাঁৱৰ পাট্সি ফাৰ্মষ্টেডত এজন দৰ্জীৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল।
-
হেদিয়েহ তেহৰাণী
হেদিয়েহ তেহৰাণী (ফাৰ্চী: هديه تهرانی; জন্ম: ২৫ জুন, ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ৰহস্যময়, নিৰ্বিকাৰ আৰু কঠোৰ মনোভাবাপন্ন মহিলাৰ চৰিত্ৰত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
হেনেল'ৰ শ্বমাট্জ
হেনেল'ৰ শ্বমাট্জ (: Hannelore Schmatz; ১৪ ফেব্ৰুৱাৰী ১৯৪০ – ২ অক্টোবৰ ১৯৭৯ ) এগৰাকী জাৰ্মান পৰ্বতাৰোহী আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা চতুৰ্থ গৰাকী মহিলা। এভাৰেষ্টৰ দক্ষিণ দিশৰ পথেৰে শীৰ্ষত উপনীত হোৱাৰ পিছত নামি অহাৰ সময়তে তেওঁ অচেতন হৈ পৰে আৰু মৃত্যুবৰণ কৰে।
-
হেনৰিট হিৰ্চফেল্ড-টিবাৰ্টিয়াছ
হেনৰিট হিৰ্চফেল্ড-টিবাৰ্টিয়াছ জন্ম: ১৪ ফেব্ৰুৱাৰী ১৮৩৪ চন – মৃত্যু ২৫ আগষ্ট ১৯১১ চন; জাৰ্মানীৰ প্ৰথম মহিলা দন্ত চিকিৎসক আছিল। জাৰ্মেনীৰ শ্বলেছবিগ-হলষ্টেইনৰ পশ্চিম উপকূলৰ এটা সৰু দ্বীপ শ্বিল্টত হেনৰিটৰ জন্ম হৈছিল।
-
হেনৰিয়েট পেটিট
হেনৰিয়েট পেটিট (আনা এনৰিকেটা পেটিট মাৰ্ফানৰ ছদ্মনাম; ৩ মাৰ্চ, ১৮৯৪ - ৯ ডিচেম্বৰ, ১৯৮৩), এগৰাকী চিলিৰ চিত্ৰশিল্পী, গ্ৰুপো মণ্টপাৰ্নাছৰ সদস্য, যাৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল।
-
হেবা ওয়াই আমিন
হেবা ওৱাই আমিন (Heba Amin; জন্ম ১৯৮০) এগৰাকী ভিচুৱেল আৰ্টিষ্ট, গৱেষক আৰু শিক্ষাবিদ।
-
হেবা পটেল
হেবা পটেল (Hebah Patel; জন্ম: ৬ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। মডেল হিচাপে কাম কৰাৰ পাছত পটলে ২০১৪ চনত কন্নড় চলচ্চিত্ৰ অধ্যক্ষৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু একে বছৰতে থিৰুমনম এনাম নিক্কাহৰ জৰিয়তে তামিল চলচ্চিত্ৰ জগতত খোজ পেলায়।
-
হেভেন পেৰালেজো
হেভেন লিয়ান সালভাদোৰ পেৰালেজো (জন্ম ২৫ নৱেম্বৰ ১৯৯৯) এগৰাকী ফিলিপিনো অভিনেত্ৰী। তেওঁ ২০১৬ চনত বাস্তৱধৰ্মী অনুষ্ঠান পিনয় বিগ ব্ৰাদাৰ: লাকি ৭ৰ জৰিয়তে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে।
-
হেমকান্ত শৰ্মা
হেমকান্ত শৰ্মা ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী আইনজীৱী, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক শিল্পী আছিল৷ তেওঁ নগাঁও জিলাৰ উল্লেখযোগ্য স্ত্ৰী শিক্ষানুষ্ঠান মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ জন্মলগ্নৰে পৰা ওতপ্ৰোতভাবে জড়িত আছিল৷ ২০০৪ চনত তেওঁৰ মৃত্যু হয়৷
-
হেমন্ত মিশ্ৰ
হেমন্ত মিশ্ৰ (Hemanta Mishra; ১ জানুৱাৰি ১৯৪৫) হিউমেন ছ'চাইটি ইণ্টাৰনেশ্যনেলৰ এজন আন্তঃৰাষ্ট্ৰীয় উপদেষ্টা। তেওঁ দ্য ছ'ল অৱ দ্য ৰাইনো আৰু ব'নছ অৱ দ্য টাইগাৰ নামৰ কিতাপ দুখনৰ লেখক।
-
হেমমালা কৰুণাদাসা
হেমমালা ইন্দিভাৰী কৰুণাদাসা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপিকা। তেওঁ পৰিষ্কাৰ শক্তি আৰু বৃহৎ এলেকাৰ পোহৰৰ বাবে হাইব্ৰিড জৈৱিক – অজৈৱিক পদাৰ্থ, যেনে পেৰ’ভস্কাইটৰ ওপৰত কাম কৰি আছে
-
হেমলতা গুপ্তা
হেমলতা গুপ্তা (Hemlata Gupta), (জন্ম: ২৫ জুন ১৯৪৩ – মৃত্যু: ১৩ মে' ২০০৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ পৰিচালক আৰু মুৰব্বী আছিল। গুপ্তাই লেডী হাৰ্ডিং মেডিকেল কলেজ (দিল্লী বিশ্ববিদ্যালয়)ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ তেওঁ সঞ্চালক হয়।
-
হেমলতা মহিশ্বৰ
হেমলতা মহিশ্বৰ (ইংৰাজী: Hemlata Mahishwar; জন্ম: ৫ নৱেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় হিন্দী লেখিকা, সাহিত্য সমালোচক আৰু পণ্ডিত। তেওঁ মূলতঃ দলিত সাহিত্য আৰু মহিলা অধ্যয়নৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে পৰিচিত।
-
হেমা নায়ক
হেমা নায়ক (Hema Naik) ভাৰতীয় উপকূলীয় ৰাজ্য গোৱা নিবাসী এগৰাকী কোংকণী ভাষাৰ লেখক। তেওঁ সাহিত্য অকাডেমি বঁটা বিজেতা আৰু কোংকণী লেখক পুণ্ডলিক নায়কৰ সহধৰ্ম্মিনী। ৱোল্বই স্থিত অপূৰ্বাই প্ৰকাশনৰ বেনাৰত তেওঁ গ্ৰন্থ প্ৰকাশ কৰে।
-
হেমা শ্ৰীনিবাসন
হেমা শ্ৰীনিবাসন (জন্ম ১৯৫৯) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেত পৰিৱৰ্তিত বীজগণিত আৰু বীজগণিতীয় জ্যামিতিত বিশেষজ্ঞা। ভাৰতীয় বংশোদ্ভূত এইগৰাকী অংকবিদে মিছৌৰী বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপনা কৰি আছে। শ্ৰীনিবাসন আছিল ভাৰতীয় বিজ্ঞান প্ৰতিভাৰ এগৰাকী বৃত্তিভোগী ছাত্ৰী(১৯৭৫)।
-
হেলাল হাফিজ
হেলাল হাফিজ (Helal Hafiz; (৭ অক্টোবৰ ১৯৪৮ – ১৩ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এজন আধুনিক কবি আছিল। সংযত হোৱা সত্ত্বেও কুৰি শতিকাৰ শেষৰ ফালে তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। ১৯৮৬ চনত প্ৰকাশ হোৱাৰ পিছত তেওঁৰ কবিতা সংকলন জে জলে আগুন জ্বলে সংকলনটিৰ ৩৩টাতকৈও অধিক সংস্কৰণ প্ৰকাশ হৈছে।
-
হেলি কেলিল
হেলি বি কেলিল (ইংৰাজী: Haley Bea Kalil; জন্মগত নাম: অ’ব্ৰায়েন; জন্ম: ৬ আগষ্ট, ১৯৯২), যি তেওঁৰ ব্যৱহাৰকাৰী নাম haleyybaylee নামেৰেও পৰিচিত, এগৰাকী আমেৰিকান ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ, মডেল আৰু প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
হেলি বেইলি
হেলি লিন বেইলি (ইংৰাজী: Halle Lynn Bailey; জন্ম ২৭ মাৰ্চ, ২০০০), যাক কেৱল হেলি বুলিও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ প্ৰথমে তেওঁৰ ভনীয়েক ক্লোয়ি বেইলিৰ সৈতে সংগীত যুটী ক্লোয়ি x হেলিৰ সদস্য হিচাপে পৰিচিত হৈছিল।
-
হেলী শ্বাহ
হেলী শ্বাহ (ইংৰাজী: Helly Shah; জন্ম: ৭ জানুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ২০১০ চনত জিন্দগী কা হৰ ৰং...গুলালত টলীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
-
হেলেন এপ্পো কুক
হেলেন এপ্পো কুক (Helen Appo Cook; ২১ জুলাই, ১৮৩৭ – ২০ নৱেম্বৰ, ১৯১৩) ৱাশ্বিংটন ডি চিৰ এগৰাকী ধনী, বিশিষ্ট আফ্ৰিকান-আমেৰিকান সম্প্ৰদায়ৰ কৰ্মী আৰু মহিলা ক্লাব আন্দোলনৰ এগৰাকী নেত্ৰী আছিল।
-
হেলেন এলিংহাম
হেলেন এলিংহাম আৰ ডব্লিউ এছ(Royal Watercolour Society), (Helen Allingham), যাৰ জন্ম: ২৬ ছেপ্টেম্বৰ ১৮৪৮, নাম পেটাৰছন আৰু মৃত্যু: ২৮ ছেপ্টেম্বৰ ১৯২৬; আছিল ভিক্টোৰিয়ান যুগৰ এজন ব্ৰিটিছ ৱাটাৰকালাৰ বিশেষজ্ঞ আৰু চিত্ৰকৰ।
-
হেলেন ডানম’ৰ
হেলেন ডানম’ৰ (ইংৰাজী: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল। তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ।
-
হেলেন বেলিয়া
হেলেন ৰেইনল্ডছ বেলিয়া, অ'চি এফ আৰ এছ চি ( ইংৰাজী: Helen Reynolds Belyea, OC FRSC; ১১ ফেব্ৰুৱাৰী, ১৯১৩ – ২০ মে', ১৯৮৬), পেলিঅ'জয়িক যুগৰ ভূ-তাত্ত্বিক যুগৰ ডেভ'নিয়ান ব্যৱস্থাৰ ওপৰত পশ্চিম কানাডাত কৰা গৱেষণাৰ বাবে বেছিকৈ পৰিচিত কানাডাৰ এগৰাকী ভূ-তত্ত্ববিদ।
-
হেলেন স্লেটাৰ
হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।