হোছেইন ফাতেমী (Hossein Fatemi) (জন্ম,১০ ফেব্ৰুৱাৰী, ১৯১৭ – ১০ নৱেম্বৰ, ১৯৫৪) এজন ইৰাণী পণ্ডিত।১ প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁ ইৰাণৰ তেল আৰু গেছ সম্পদ ৰাষ্ট্ৰীয়কৰণৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰথম অৱস্থাত সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰা ফাতেমীয়ে ১৯৫১ চনৰপৰা ১৯৫৩ চনলৈকে বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৩ চনৰ অভ্যুত্থানত যেতিয়া মোছাদ্দেগৰ চৰকাৰ ওফৰাই দিয়া হৈছিল, তেতিয়া সামৰিক আদালতে তেওঁক "শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহ"ৰ দোষী সাব্যস্ত কৰাৰ পাছত ফাতেমীক গ্ৰেপ্তাৰ কৰি অত্যাচাৰ কৰা হৈছিল, আৰু ফায়াৰিং স্কোয়াডৰদ্বাৰা মৃত্যুদণ্ড দিয়া হৈছিল। ২৩
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯১৭ চনৰ ১০ ফেব্ৰুৱাৰীত নৈনত জন্মগ্ৰহণ কৰিছিল ফাতেমীয়ে। ৪ পাঁচজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। তেওঁ নিজৰ গৃহ চহৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।৪ কিশোৰ বয়সত তেওঁ উচ্চ শিক্ষাৰ বাবে ইছফাহানলৈ গুচি যায়। ইৰানৰ শাসক ৰেজা শ্বাহৰ কঠোৰ সমালোচক আছিল আৰু তেওঁৰ মতামত তেওঁৰ বাতৰি কাকতৰ সম্পাদকীয়ত স্পষ্টভাৱে প্ৰতিফলিত হৈছিল। ১৯৪৪ চনৰপৰা ১৯৪৮ চনলৈ তেওঁ ফ্ৰান্সত অধ্যয়ন কৰি সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৮ চনত তেওঁ তাত আইন বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰে। ৫৬
কৰ্মজীৱন

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ফাতেমীয়ে ইৰানলৈ উভতি আহে আৰু ইছফাহানত বাখতাৰ (পশ্চিম) নামৰ এখন দৈনিক কাকত আৰম্ভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৫ ১৯৪৯ চনত আৰম্ভ হোৱাৰপৰাই ফাতেমী ইৰাণৰ নেচনেল ফ্ৰণ্টৰ সক্ৰিয় সদস্য আছিল; মোছাডেগৰ গণতান্ত্ৰিক আৰু জাতীয়তাবাদী আন্দোলন।৫ পিছলৈ এই দৈনিক কাকতখন তেহৰাণলৈ স্থানান্তৰ কৰা হয় আৰু ফ্ৰণ্টৰ মুখপাত্ৰ হৈ পৰে। তেওঁৰ ঘনিষ্ঠ বন্ধু মহম্মদ মাছুদৰ মালিকানাধীন তেহৰাণত প্ৰকাশিত সাপ্তাহিক কাকত মাৰ্দ-ই এমৰুজতো তেওঁ অৰিহণা যোগাইছিল।৭ ১৯৪৯ চনৰ অক্টোবৰ মাহত মাৰ্বল পেলেচত নিৰ্বাচনত সংসদীয় আসন লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত মোছাদ্দেগৰ ১৯ জন সমৰ্থকৰ ভিতৰত ফাতেমী অন্যতম।৮
ফাতেমীয়ে প্ৰধানমন্ত্ৰীৰ সহকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইৰাণৰ সংসদত তেহৰাণৰ প্ৰতিনিধি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৩৩ বছৰ বয়সত ১৯৫২ চনৰ অক্টোবৰ মাহত তেওঁক মোছাদেগৰ মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ৯ এই পদত তেওঁ হোছেইন নাভাবৰ পিছত কাৰ্যনিৰ্বাহ কৰে। ৯ ফাতেমীৰ মৃত্যুৰ পাছত প্ৰকাশিত মোছাদেগৰ স্মৃতিগ্ৰন্থ অনুসৰি ইৰাকত তেল ৰাষ্ট্ৰীয়কৰণৰ নীতিৰ প্ৰৱৰ্তক আছিল ফাতেমী। ১০
ফাতেমীক হত্যাৰ প্ৰচেষ্টা

১৯৫২ চনৰ ১৫ ফেব্ৰুৱাৰীত ফাতেমীয়ে ১৯৪৮ চনত হত্যা কৰা সাংবাদিক মহম্মদ মাছুদৰ সমাধিস্থলত আনুষ্ঠানিক ভাষণ দি আছিল। তাত থকাৰ সময়তে ফাদাইয়ান-ই ইছলামৰ মহম্মদ-মেহদি আবদেখোদাইদে হত্যাৰ চেষ্টা কৰিছিল যদিও ফাতেমী সেইবাৰ ৰক্ষা পৰিছিল; ৮ সেই একেটা সংগঠনে মোছাডেগক হত্যাৰ পৰিকল্পনাও কৰিছিল। ১১১২ গুলীচালনাত ফাতেমী গুৰুতৰভাৱে আহত হোৱাৰ ফলত পৰৱৰ্তী সাত-আঠ মাহ ধৰি তেওঁ নিষ্ক্ৰিয় হৈ পৰে আৰু তেওঁৰ শৰীৰৰ ওপৰত স্থায়ী দাগ পৰে। ১৩
গ্ৰেপ্তাৰ আৰু ফাঁচি

১৯৫৩ চনৰ আগষ্ট মাহত চি আই এৰ পৰিকল্পিত অভ্যুত্থানত মোছাদেগৰ চৰকাৰ ওফৰাই দিয়া হয়। অভ্যুত্থানৰ ঠিক আগতে নিউজৱিককে ধৰি পশ্চিমীয়া প্ৰকাশনসমূহে প্ৰকাশ কৰিছিল যে ইৰাণৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই অনা কমিউনিষ্টসকলৰ ভিতৰত ফাতেমী অন্যতম। ১৪ কমিউনিষ্ট ভাবুকি হিচাপে দেখা পোৱা আন কেবিনেট সদস্যসকল হ'ল মেহদি আজহাৰ আৰু আব্দুল আলী লোফতী। ১৪
১৫ আগষ্টত মোছাদ্দেগ আৰু তেওঁৰ আন ঘনিষ্ঠ সহযোগীসকলৰ সৈতে ফাতেমীক গ্ৰেপ্তাৰ কৰিব লাগিছিল যদিও আমেৰিকাৰ নেতৃত্বত কৰা প্ৰথমটো অভ্যুত্থানৰ প্ৰচেষ্টা বিফল হয়। ফাতেমীক ৰাজতন্ত্ৰবাদী সমৰ্থক বিষয়া আৰু সৈনিকৰ এটা দলে গ্ৰেপ্তাৰ কৰিছিল; তেওঁলোকে ইমানেই খৰ-খেদা কৰিছিল যে ফাটেমিক জোতা পিন্ধিবলৈও সুযোগ দিয়া হোৱা নাছিল, কিন্তু পিছলৈ তেওঁক মুকলি কৰি দিয়া হৈছিল আৰু পোনে পোনে মোছাদ্দেগৰ ঘৰলৈ লৈ যোৱা হৈছিল। অভ্যুত্থানৰ আপাত ব্যৰ্থতাৰ আশংকাত মহম্মদ ৰেজা পাহলৱীয়ে লগে লগে বাগদাদলৈ পলায়ন কৰে। প্ৰথম অভ্যুত্থানৰ চেষ্টাৰ পাছদিনা পুৱা যেতিয়া মোছাদ্দেগ এতিয়াও সাংবিধানিক ৰাজতন্ত্ৰৰ কঠোৰ সমৰ্থক আছিল, তেতিয়া ফাতেমীয়ে তেওঁক ব্যৰ্থ অভ্যুত্থানৰ প্ৰচেষ্টাৰ পোহৰত গণৰাজ্য ঘোষণা কৰিবলৈ পৰামৰ্শ দিছিল। সেইদিনা সন্ধিয়া ফাতেমীয়ে তেওঁৰ কাকত বাখতাৰ-ই এমৰুজত প্ৰকাশিত এটা অগ্নিময় সম্পাদকীয় আৰু ৰাজহুৱা ভাষণত শ্বাহক তীব্ৰ নিন্দা কৰি তেওঁক "মচেৰী আৰু ৰক্তপিপাসু", "ইংৰাজৰ দাস" আৰু "বাগদাদৰ চোৰ" বুলি অভিহিত কৰে।১৫ ১৯ আগষ্টত ফাতেমীৰ বাতৰি কাকতৰ কাৰ্যালয়সমূহ আক্ৰমণ কৰি ইৰাণৰ এটা গোটে জ্বলাই ছাই কৰি পেলায় চিআইএৰ এজেণ্টে পাছদিনা সেইদিনা দ্বিতীয়টো অভ্যুত্থানৰ চেষ্টা সফল হয়। মোছাদ্দেগক গ্ৰেপ্তাৰ কৰাৰ পাছত ফাতেমীয়ে মাটিৰ তললৈ গৈ তুদেহৰ এটা নিৰাপদ ঘৰত আশ্ৰয় লয়। ১৬১৭
ফাতেমীয়ে নিজৰ আত্মজীৱনী লিখিবলৈ আৰম্ভ কৰে যদিও ২০৪ দিন লুকাই থকাৰ পিছত ১৯৫৪ চনৰ ১৩ মাৰ্চত তেওঁক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ সময়ত সেনাই ফাতেমীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা ভগ্নী ছালতানাট বানুক হত্যা কৰে। ১৮ তাৰ পিছত তেওঁক অত্যাচাৰ কৰা হয় ১৯ আৰু ১০ অক্টোবৰত সামৰিক আদালতে তেওঁক "শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহ"ৰ দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।২০২১ ফাতেমীৰ ফাঁচিত নিজৰ ভূমিকাক ন্যূনতম কৰি মহম্মদ ৰেজা শ্বাহে তেওঁৰ মৰণোত্তৰভাৱে প্ৰকাশিত ইতিহাসৰ উত্তৰ নামৰ কিতাপখনত লিখিছে, "মই হোছেইন ফাতেমীৰ ফাঁচিত বাধা দিব নোৱাৰিলোঁ—যিজন আছিল মোছাদেগৰ বৈদেশিক মন্ত্ৰী—কাৰণ তেওঁ এজন কমিউনিষ্ট আছিল।" ২২
ব্যক্তিগত জীৱন

১৯৫১ চনৰ ২৭ নৱেম্বৰত হোছেইন ফাতেমীয়ে পৰিৱশ সাতৱতীক বিয়া কৰায়।৭ ফাতেমী তেওঁতকৈ ১৫ বছৰ ডাঙৰ আছিল।৭ তেওঁৰ পত্নী আছিল এজন সেনাবাহিনীৰ জেনেৰেলৰ কন্যা ৭ আৰু মণিজেহ ৰহিমীৰ ভগ্নী; ইৰাণী বিপ্লৱৰ পিছত মৃত্যুদণ্ড দিয়া ২৩২৪ সামৰিক বিষয়া মেহদি ৰহিমিৰ বিধৱা আছিল মানিজে।১৮
ফাতেমী আৰু তেওঁৰ পত্নীৰ এজন পুত্ৰ আছিল, ফাতেমীক ফাঁচি দিয়াৰ সময়ত তেওঁৰ বয়স আছিল সাত মাহ।১৮ স্বামীৰ হত্যাৰ পাছত পৰিবাস সাতৱাতীয়ে ইৰাণ এৰি পুত্ৰৰ সৈতে যুক্তৰাজ্যত বসতি স্থাপন কৰে।
উত্তৰাধিকাৰী
তেহৰাণৰ ফাতেমীৰ নামেৰে নামকৰণ কৰা এটা ৰাস্তা।৫ মোছাদেগে প্ৰায়ে তেলৰ আৰম্ভণিৰপৰা কাৰ্যকৰী হোৱালৈকে তেলৰ ৰাষ্ট্ৰীয়কৰণৰ চালিকা শক্তি হিচাপে ফাতেমীক উল্লেখ কৰিছিল। ১৯৫৩ চনৰ চিআইএ-এমআই৬ অভ্যুত্থানৰ পিছত শ্বাহে অইল কনচৰ্টিয়াম নামেৰে জনাজাত নতুন চুক্তিৰ অধীনত তেল আৰু গেছৰ অধিকাৰৰ আধা অংশ মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেল কোম্পানীক আৰু সৰু অংশ ফ্ৰান্স আৰু ইটালীৰ কোম্পানীক ঘূৰাই দিয়ে। পাৰ্চী উপসাগৰ আৰু উত্তৰ আফ্ৰিকাৰ আন আন দেশসমূহেও ইয়াৰ অনুসৰণ কৰি নিজৰ তেল আৰু গেছ ক্ষেত্ৰসমূহ ৰাষ্ট্ৰীয়কৰণ কৰে। ইজিপ্তৰ ৰাষ্ট্ৰপতি নাছেৰ ছুৱেজ খাল ৰাষ্ট্ৰীয়কৰণৰ সময়ত মোছাদেগে ফাটেমীৰ তত্ত্বৰ পূৰ্বৰ উদাহৰণৰদ্বাৰা প্ৰভাবিত হৈছিল।
তথ্যসূত্ৰ
- ↑ A century of revolution: social movements in Iran by John Foran - p. 109
- ↑ Nasrin Alavi. (2005). We Are Iran. Soft Skull Press. পৃ. 65. ISBN 1-933368-05-5
- ↑ Ervand Abrahamian. (1999). Tortured Confessions: Prisons and Public Recantations in Modern Iran. University of California Press. পৃ. 99. ISBN 0-520-21866-3
- ↑ Farideh Sharif. Hossein Fatemi. IICHS
- ↑ Muhammad Sahimi. (21 November 2009). Courageous & Principled: Journalists Isa Saharkhiz and Ahmad Zeidabadi. PBS
- ↑ Fakhreddin Azimi, Fāṭemī, Ḥosayn Encyclopædia Iranica, IX/4, pp. 404-406
- ↑ Ebrahim Norouzi. (25 April 2008). Dr. Hossein Fatemi Biography. The Mossadegh Project
- ↑ Hassan Mohammadi Nejad. (1970). Elite-Counterelite Conflict and the Development of a Revolutionary Movement: The Case of Iranian National Front. পৃ. 65,82. ISBN 9798657957457
- ↑ (13 October 1952). Iran planning envoy shift. Lewiston Morning Tribune. UPI
- ↑ Alidad Mafinezam; Aria Mehrabi. (2008). Iran and its place among nations. Greenwood Publishing Group. পৃ. 30. ISBN 978-0-275-99926-1
- ↑ Masoud Kazemzadeh. (October 2003). The 50th Anniversary of the CIA Coup in Iran. Khaneh
- ↑ Farhad Kazemi. (1984). "The Fada'iyan-e Islam: Fanaticism, Politics and Terror," in From Nationalism to Revolutionary Islam, ed. Said Amir Arjomand, (Albany: State University of New York Press), p. 166
- ↑ Mark J. Gasiorowski; Malcolm Byrne. (2004). Mohammad Mosaddeq and the 1953 coup in Iran. Syracuse University Press. পৃ. 14, 66. ISBN 0-8156-3018-2
- ↑ Ervand Abrahamian. (Summer 2001). The 1953 Coup in Iran. Science and Society. পৃ. 204
- ↑ James Risen. (16 April 2000). Secrets of History: The C.I.A. in Iran—A Special Report. The New York Times. পৃ. 10
- ↑ Abbas Milani. (2011). The Shah. Palgrave Macmillan. পৃ. 193. ISBN 978-1-4039-7193-7
- ↑ Ervand Abrahamian. (1982). Iran Between Two Revolutions. Princeton University Press. পৃ. 280. ISBN 9780691101347
- ↑ Jahangir Taghipour. (2006). Mossadegh and the people of Iran. Medicine, Conflict and Survival. পৃ. 168–169
- ↑ A sociological analysis of the Iranian Revolution, Volume 1 by Mansoor Moaddel: "The more militant members of the National Front, such as Hosein Fatemi, were tortured and killed in Prison"
- ↑ U.S. & Soviet Policy in the Middle East: 1945-56 John Donovan
- ↑ (10 November 1954). Former foreign executed by firing squad. Ocala Star-Banner. UPI
- ↑ Mohammad Pahlavi Reza. (1980). Answer to history. Stein and Day. পৃ. 91. ISBN 978-0812827552
- ↑ Cyrus Kadivar. General Rahimi. The Iranian
- ↑ (February 2001). Revolution. The Iranian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোছেইন ফাতেমী” প্ৰবন্ধৰ সংশোধন ৬৩১২৭৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।