হৰ্ষিদা মাধালেপাৰিয়া (ইংৰাজী ভাষা: Harshida Madhaparia; জন্ম: ৬ মে' ১৯৮৭), যি চমুকৈ হৰ্ষি নামেৰে পৰিচিত, এগৰাকী মুম্বাইত কৰ্মৰত ব্ৰিটিছ গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী ভাষা, ইংৰাজী ভাষা, গুজৰাটী ভাষা আৰু পঞ্জাবী ভাষা ভাষাত গীত গায় আৰু পৰিৱেশন কৰে। তেওঁ ইণ্ডিপপ, হিপ হপ, বলিউড, ভাংড়া, গৰ্বা আৰু শাস্ত্ৰীয় সংগীতকে ধৰি কেইবাটাও ধাৰাত সংগীত পৰিৱেশন কৰে। তেওঁ হৰ্ষি মেদ নামৰ মঞ্চ নামেৰেও পৰিৱেশন কৰে।১
তেওঁ ইণ্ডিয়ান আইডল ইউকে বিজয়ী হোৱাৰ লগতে ভাৰতৰ ইণ্ডিয়ান আইডল ৩-ৰ ফাইনেলত উপনীত হৈছিল। ইয়াৰ উপৰি তেওঁ চা ৰে গা মা পা-ৰ ফাইনেলতো স্থান লাভ কৰিছিল।
তেওঁ গুজৰাটৰ গান্ধীদামত অনুষ্ঠিত হোৱা "সুৰ গুজৰাট কে" নামৰ এক সংগীত প্ৰতিযোগিতাৰ ফাইনেলত আলতাফ ৰাজা আৰু ডা° কৃপেশ ঠাকুৰৰ সৈতে অন্যতম বিচাৰক আছিল। এই প্ৰতিযোগিতাৰ অডিচন মুন্দ্ৰা, মাণ্ডৱী, ভুজ, অঞ্জন আৰু গান্ধীদামত অনুষ্ঠিত হৈছিল।২
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
হৰ্ষি মেদৰ জন্ম ১৯৮৭ চনৰ ৬ মে'ত লণ্ডনত হৈছিল আৰু ২০০৭ চনৰপৰা তেওঁ মুম্বাইত বাস কৰি আছে। তেওঁৰ দুজন ককায়েক আছে আৰু তেওঁ আটাইতকৈ সৰু। সৰুৰেপৰাই তেওঁ এখন সাংস্কৃতিক কলা বিদ্যালয়ত নৃত্য প্ৰশিক্ষক হিচাপে কাম কৰিছিল। তেওঁৰ ডাঙৰ ককায়েক পৰেশ মাধালেপাৰিয়াই ২০০৫ চনত যুক্তৰাজ্যক প্ৰতিনিধিত্ব কৰি চা ৰে গা মা পা-ৰ ফাইনেলত উপনীত হোৱাৰ পিছত তেওঁ গীত গাবলৈ অনুপ্ৰাণিত হৈছিল। সংগীতেৰে নিজৰ কেৰিয়াৰ গঢ়িবলৈ ২০০৭ চনত ২০ বছৰ বয়সত তেওঁ মুম্বাইলৈ আহে। ভাৰতলৈ অহাৰ পাছত তেওঁ সংগীত পৰিচালক কুলদীপ সিঙৰ অধীনত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লয়। ইয়াৰ উপৰি তেওঁ অনুপম খেৰৰ অভিনয় প্ৰতিষ্ঠান 'এক্টৰ প্ৰিপেয়াৰ্ছ'তো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁ ভাৰতীয় হিন্দী চলচ্চিত্ৰ হলিডে': এ চ'লজাৰ ইজ নেভাৰ অফ ডিউটিত অভিনয় কৰিছে।
বঁটা আৰু টেলিভিছন উপস্থিতি
- যুক্তৰাজ্যৰ ইণ্ডিয়ান আইডল বিজয়ী।
- গান্ধীদামত সমগ্ৰ গুজৰাট ভিত্তিক "সুৰ গুজৰাট কে" সংগীত প্ৰতিযোগিতাৰ ফাইনেলৰ বিচাৰক।
- ভাৰত, যুক্তৰাজ্য আৰু ইউএৰ লাখ লাখ প্ৰতিযোগীৰ মাজৰপৰা ইণ্ডিয়ান আইডল ৩-ৰ ফাইনেলিষ্ট।
- যুক্তৰাজ্যৰ চা ৰে গা মা পা-ৰ ফাইনেলিষ্ট – হিমেশ ৰেশমীয়াৰদ্বাৰা নিৰ্বাচিত।
- যুক্তৰাজ্যত অনুষ্ঠিত ইণ্ডিয়ান আইডল ৪-ৰ অডিচনৰ আঁত ধৰোঁতা।
- যুক্তৰাজ্যত চনী টিভিৰ ভিজে (VJ)।
- বুগী ৱুগী-ৰ শীৰ্ষ ২জনৰ ভিতৰত স্থান লাভ – নাভেদ আৰু জাভেদ জাফ্ৰীৰদ্বাৰা নিৰ্বাচিত।
- ৰাজেশ ৰোশন, আদেশ শ্ৰীবাস্তৱ, আনন্দ ৰাজ আনন্দ, মণ্টি শৰ্মা, সন্দেশাণ্ডিল্য, শচীন আৰু জিগৰৰ দৰে শীৰ্ষ সংগীত পৰিচালকৰ বাবে কণ্ঠদান, জিংগল ৰেকৰ্ডিং আৰু গীতৰ ৰচনা।
- ডেনী মিনোগ, ৰাঘৱ, মলকিত সিং, জাজী বি, জৰ্গী ডি আৰু জয় ছিয়ানৰ দৰে বহুতো শিল্পীৰ সৈতে যুক্তৰাজ্যত অনুষ্ঠান পৰিৱেশন।
- সুনিধি চৌহান, আদনান চাম্মী, মিকা সিং, সুখৱিন্দৰ সিং, শ্ৰেয়া ঘোষাল, কুণাল গাঞ্জাৱালা আৰু চনু নিগমৰ দৰে শিল্পীৰ সৈতে বিশ্বজুৰি ভ্ৰমণ।
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | ৰেফাৰেন্স |
|---|---|---|---|---|
| ২০১৪ | হলিডে': এ চ'লজাৰ ইজ নেভাৰ অফ ডিউটি | মাৰাঠী কইনা | হৰ্ষি মাধালেপাৰিয়া হিচাপে নাম উল্লেখ আছে | ১ |
কনচাৰ্ট আৰু অন্যান্য কাৰ্যকলাপ
মেদে ইউৰোপ, মধ্যপ্ৰাচ্য আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন স্থানকে ধৰি বিশ্বৰ বিভিন্ন দেশত সংগীত পৰিৱেশন কৰিছে।৩৪৫৬
তেওঁ গায়ক আলতাফ ৰাজা আৰু ডা° কৃপেশ ঠাকুৰৰ সৈতে সমগ্ৰ গুজৰাটৰ গান্ধীদামত অনুষ্ঠিত হোৱা "সুৰ গুজৰাট কে" সংগীত প্ৰতিযোগিতাৰ ফাইনেলত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল।২৭৮
তথ্যসূত্ৰ
- ↑ (30 May 2017). Tune in: Melody matters. Deccan Chronicle
- ↑ Harshi Madhaparia will Judge SUR GUJARAT KE Singing Competition in Gandhidham – June 2015. nrigujarati.co.in
- ↑ Kuwait Abhijeet – Harshi Steal the Show at Indian Fiesta 09. daijiworld.com
- ↑ Kuwait Celebrate Indian Festival with Abhijeet – Harshi. daijiworld.com
- ↑ (4 November 2013). RELIGION: Divali célébrée avec faste hier. lemauricien.com
- ↑ (8 February 2015). Atif Aslam – Live Concert in Kuwait. KUWAIT UPTO DATE
- ↑ (20 May 2015). Harshi Madhaparia (MAD) in SUR GUJARAT KE 2015 – UK Indian Idol Winner Singer and Performer in Gandhidham. Chinki Pinki
- ↑ Sur Gujarat Ke 2015 Singing Competition. maffat.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্ষি” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৩৯ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।