অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰিভক্ত কটুৱাল

হৰিভক্ত কটুৱাল (हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।

হালনাগাদ: ১৪ জুলাই ২০২৫ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হৰিভক্ত কটুৱাল (हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।

জীৱনী

১৯৩৫ চনৰ ২ জুলাই তাৰিখে অসমৰ ডিব্ৰুগড়ত হৰিভক্ত কটুৱালে জন্মগ্ৰহণ কৰিছিল৷১ ভাৰতত তেওঁ "প্ৰবাসী" ছদ্মনামেৰে কবিতা লিখিছিল। নেপালৰ ৰজা মহেন্দ্ৰৰ আমন্ত্ৰণ পোৱাৰ পিছত তেওঁ লিখা-মেলাৰ ওপৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ কাঠমাণ্ডুলৈ গুচি যায়৷১২

লিখন শৈলীৰ বাবে বিখ্যাত কটুৱালে ভিত্ৰী মাঞ্চে বোলনা খোজছা, য়ো জিন্দগী খৈ কে জিন্দগী, আৰু সম্ঝনাকে ধৰি বহুতো উল্লেখযোগ্য কবিতাপুথি প্ৰকাশ কৰে।১৩

তেওঁ ভালেসংখ্যক গীতৰ কথাও লিখিছিল যিবোৰত বিশিষ্ট আৰু প্ৰবীণ নেপালী কণ্ঠশিল্পী নাৰায়ণ গোপাল, অম্বৰ গুৰুং আৰু অৰুণা লামাই কণ্ঠ নিগৰাইছে৷৪

১৯৮০ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে অসমত কটুৱালৰ মৃত্যু হয়।১৫ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷৬

২০১৫ চনত মুক্তি লাভ কৰিছিল কটুৱালৰ জীৱন সম্পৰ্কীয় তথ্যচিত্ৰ অনি হৰি ভক্ত ফৰকিয়েনন।৭ ২০১৭ চনত তেওঁৰ ৮২তম জন্মবাৰ্ষিকীৰ বাবে তেওঁৰ কবিতাৰ আধাৰত সৰ্বনাম থিয়েটাৰত এখন নাটক মঞ্চস্থ কৰা হৈছিল।৮ ২০২১ চনত ভাৰত-ভূটান সীমান্তৰ সমীপৰ জয়গাঁৱত কটুৱালৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল৷৯

উল্লেখযোগ্য ৰচনাৰাজি

  • সম্ঝনা (গীতৰ সংকলন)
  • ভিত্ৰীমাঞ্চেবোলনাখোজছা
  • সুধা (চুটি-মহাকাব্য)
  • পূৰ্বকিৰণ (কবিতা সংকলন)
  • য়ো জিন্দগী খাই কে জিন্দগী (কবিতা সংকলন)
  • বদনামমেৰায়ীআঁখাহাৰু (গীত আৰু কবিতা সংকলন)
  • ঐতিহাসিককাহিনীসংগ্ৰহ (অন্যান্য সাহিত্যিকসকলৰ সহযোগত)
  • স্পষ্টিকৰণ
  • ম মৰেকোছৈনা (নাটক)১০

লগতে চাওক

অধিক পঢ়ক

  • Namdung. (1 January 2006). Haribhakta Katuwal. Sahitya Akademi Publications. ISBN 978-81-260-2254-0

তথ্যসূত্ৰ

  1. ↑ स्मृतिमा हरिभक्त कटुवाल. Shilapatra
  2. ↑ हरिभक्त खोज्दै इन्टरनेटमा हराउँदा. Pahilo Post
  3. ↑ Haribhakta Katuval (1935–1980). Himalayan Voices
  4. ↑ एक थिए हरिभक्त. Gorkhapatra
  5. ↑ (1989). Nepālī kavitā. Sājhā Prakāśana. পৃ. 108
  6. ↑ किन पिउँथे कवि हरिभक्त कटुवाल ?. Nagarik
  7. ↑ (5 July 2015). Katuwal remembered on 80th birth anniv. The Himalayan Times
  8. ↑ Play in honour of poet Katuwal. The Kathmandu Post
  9. ↑ पश्चिम बंगालमा कवि हरिभक्त कटुवालको सालिक. Kantipur
  10. ↑ (24 November 2020). Poet and Lyricist Haribhakta Katuwal. The Gorkha Times

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিনেপালী ভাষাৰ কবিনেপালী ভাষাৰ সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিভক্ত কটুৱাল” প্ৰবন্ধৰ সংশোধন ৫২৩৮৮৪ (১৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।