অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হোদা হাদাদি

হোদা হাদাদি (Hoda Hadadi) ( জন্ম ২ ফেব্ৰুৱাৰী, ১৯৭৭) এজন ইৰাণী চিত্ৰশিল্পী, লেখিকা আৰু কবি। তেওঁৰ সাহিত্য আৰু দৃশ্যগত ৰচনাসমূহে প্ৰায়ে প্ৰকৃতি আৰু নাৰীবাদৰ পোষকতা প্ৰতিফলিত কৰে, য'ত নাৰীক নিজৰ জীৱনৰ কথক আৰু নায়িকা হিচাপে চিত্ৰিত কৰা হয়।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হোদা হাদাদি (Hoda Hadadi)১২৩ ( জন্ম ২ ফেব্ৰুৱাৰী, ১৯৭৭) এজন ইৰাণী চিত্ৰশিল্পী,৪ লেখিকা আৰু কবি।৫ তেওঁৰ সাহিত্য আৰু দৃশ্যগত ৰচনাসমূহে প্ৰায়ে প্ৰকৃতি আৰু নাৰীবাদৰ পোষকতা প্ৰতিফলিত কৰে, য'ত নাৰীক নিজৰ জীৱনৰ কথক আৰু নায়িকা হিচাপে চিত্ৰিত কৰা হয়। নাৰীৰ হেৰুৱা বা পাহৰি যোৱা কাহিনী আৰু প্ৰকৃতিৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অন্বেষণ কৰিবলৈ তেওঁ উৎসৰ্গিত। বিশেষকৈ দৃশ্য কলাৰ কলাজ কৌশলৰ বাবে তেওঁ বিখ্যাত—বিশেষকৈ স্বচ্ছ ৰেচম কাগজৰ ব্যৱহাৰ। ৬

জীৱনী

ইৰানৰ ইছলামিক বিপ্লৱৰ আৰম্ভণিতে হাদ্দাদীৰ বয়স আছিল তিনি বছৰ আৰু আঠ বছৰ ধৰি চলি থকা ইৰাণ–ইৰাক যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁৰ বয়স আছিল পাঁচ বছৰ। এই সময়ৰ তেওঁৰ চিত্ৰসমূহ কেৱল ছোৱালী, নাৰী আৰু প্ৰকৃতিৰে গঠিত আছিল, যুদ্ধ বা মতাদৰ্শৰ কোনো লেখ-জোখ নাছিল। দহ বছৰ বয়সতে ফাৰ্দৌছিৰ শ্বাহনামেহ (ৰজাৰ কিতাপ)ৰপৰা অনুপ্ৰাণিত হৈ কবিতা লিখিবলৈ আৰম্ভ কৰে। ঊনৈছ বছৰ বয়সত তেহৰাণ আৰ্ট ইউনিভাৰ্চিটিৰ গ্ৰাফিক ডিজাইনৰ ছাত্ৰী হৈ থকাৰ সময়তে শিশু আলোচনীত প্ৰকাশৰপৰাই তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ হয়। আজিলৈকে তেওঁৰ বহু গ্ৰন্থ ইৰাণ,৭৮ আমেৰিকা,৯ ডেনমাৰ্ক,১০১১ আৰু ফ্ৰান্সত প্ৰকাশ পাইছে।

বঁটা

হাদাদীৰ চিত্ৰকল্প
হাদাদীৰ চিত্ৰকল্পছবি: Xpreme · CC BY-SA 4.0

২০১৮ চনত হাদাদীয়ে ডেনিছ কাকত পলিটিকেন১২ ৰ পৰা দ্যা মাউণ্টেইন দেট ৱানটেড টু ট্ৰেভেল (Bjerget der ville rejse) নামৰ কিতাপখন লিখা আৰু চিত্ৰকল্প কৰাৰ বাবে পাঁচটা তাৰকা লাভ কৰে।১৩

  • ২০২২ চনৰ আই বি বি ৱাই আন্তঃৰাষ্ট্ৰীয় (যুৱক-যুৱতীসকলৰ বাবে কিতাপৰ ব’ৰ্ড)ৰ সন্মানীয় প্ৰমাণপত্ৰ গ্ৰন্থখনৰ বাবে: (বাচেহা বাহাৰ), মালয়েছিয়া১৪
  • ২০২১ আৰু ২০২০ চনত শ্ৰেষ্ঠ চিত্ৰকৰ (মাতৃ), লগতে (বাচেহা বাহাৰ), শিশু গ্ৰন্থ পৰিষদ (ইৰাণৰ আই বি বি ৱাই)ৰ বাবে দ্য লিটল ব্লেক ফিশ্ব পদক১৫
  • ২০২০, মিউনিখৰ আন্তৰ্জাতিক যুৱ পুথিভঁৰালৰ The white Raven তালিকাৰ বাবে নিৰ্বাচিত (মই বাগিচাত হাত সিঁচিম) - জাৰ্মানী১৬
  • ২০১৮, শ্ৰেষ্ঠ ছবিৰ কিতাপৰ বাবে সোণৰ পদক (ড্ৰাম্ৰাৰ গাৰ্ল), আন্তৰ্জাতিক গ্ৰন্থ বঁটা, আমেৰিকা১৭
  • ২০১৭, শ্ৰেষ্ঠ চিত্ৰকৰ (ড্ৰামাৰ গাৰ্ল)ৰ বাবে সোণৰ পদক, লিটাৰেচি ক্লাছিকছ বঁটা, আমেৰিকা১৮
  • ২০১৭, শ্ৰেষ্ঠ চিত্ৰকৰ (ড্ৰামকাৰ গাৰ্ল)ৰ বাবে সোণৰ পদক, মুনবিম শিশুৰ কিতাপ বঁটা, আমেৰিকা ১৯
  • ২০১০, কিতাপখন লিখা আৰু চিত্ৰিত কৰাৰ বাবে ব'ল'গনাৰ নিউ হৰাইজনছৰ বিজয়ী (দুজন বন্ধু), ইটালী ২০
  • ২০০৭ চনত বেলগ্ৰেডৰ গ্ৰেণ্ড প্ৰিক্স (দুজন বন্ধু), ছাৰ্বিয়া
  • ২০০৭, বিআইবিৰ সোণালী ফলক, ব্ৰাটিস্লাভা (যদি মই এজন পাইলট আছিলো আৰু আকৌ বৰষুণৰ সৈতে), শ্লোভাকিয়া
  • ২০০৫, কাহিনীৰ দ্বিতীয় পুৰস্কাৰ (হাঁহি থকা কুমিৰ- প্ৰকাশ কৰা হোৱা নাই), ভাৰত

গ্ৰন্থতালিকা

হোদা হাদাদীৰ চিত্ৰকৰ, লেখক, কবি বা কলা পৰিচালক হিচাপে ভূমিকা পালন কৰা কিছুমান উল্লেখযোগ্য গ্ৰন্থ হ’ল-

  1. চিত্ৰকৰ: হোদা হাদাদি। লেখক: ৰিনা সিংহ। গাৰ্ডেন অৱ গ্ৰেনেডছ, গ্ৰেষ্টোন কিতাপ। কানাডা। ২১
  2. চিত্ৰকৰ: হোদা হাদাদি। লেখক: ৰিম ফাৰুকী। মিলুৰ মন। হাৰ্পাৰকলিনছ। আমেৰিকা। ২০২২২২
  3. চিত্ৰকৰ: হোদা হাদাদি। লেখক: ৰাউল ফ’লেৰ’ এটা হাঁহি। পিক্কু প্ৰকাশন। ইউ কে ২০২১ আৰু কানাডাত পাইজামা প্ৰেছৰদ্বাৰা। কানাডা ২০২১
  4. চিত্ৰকৰ: হোদা হাদাদি। লেখক: ফ’ৰৌ ফাৰোখজাদ। বাৰীত মোৰ হাত সিঁচিম। মিৰমাহ। ইৰাণ। ২০১৯
  5. চিত্ৰকৰ: হোদা হাদাদি। লেখক: হোদা হাদাদি। Bjerget der ville rejse (ভ্ৰমণকাৰী পৰ্বত)। উৰো। ডেনমাৰ্ক ২০১৮
  6. চিত্ৰকৰ: হোদা হাদাদি। কবি: হোদা হাদাদি। Jeg taenker pa et hjem (মই ঘৰৰ কথা ভাবিছো)। উৰো। ডেনমাৰ্ক ২০১৮
  7. চিত্ৰকৰ: হোদা হাদাদি। লেখিকা: হিবা মাছৌদ। ড্ৰামবাদক ছোৱালী। দিনৰ ভাগত। আমেৰিকা ২০১৫
  8. চিত্ৰকৰ: হোদা হাদাদি। লেখক: কেলি কানানে। চাহাৰাৰ গভীৰতাত। ৰেণ্ডম হাউচ। ২০১৩.আমেৰিকা ২০১৩, মিটছুমুৰাৰদ্বাৰাও। জাপান ২০১৪
  9. লেখক: হোদা হাদাদি। ক্লাউন (উপন্যাস)। কানুন। ২০১২
  10. চিত্ৰকৰ আৰু লেখক: হোদা হাদাদী দুজন বন্ধু। শ্বাবাভিজ। ইৰাণ ২০০৭, ইটালীতো ২০১০: Il bosco delle meraviglie,Terre editore, ফ্ৰান্স
  11. চিত্ৰকৰ: হোদা হাদাদি। লেখক: ফাৰহাদ হাছানজাদেহ। কুটি কুটিৰ কাহিনী (৩ খণ্ড)। কানুন। ইৰাণ ২০০৬-২০০৭-২০০৮, লগতে মেভচিমলাৰ কিটাপ প্ৰকাশন, তুৰস্ক ২০২০২৩২৪

তথ্যসূত্ৰ

  1. ↑ Hoda Hadadi. Greystone Books Ltd.
  2. ↑ Hoda Hadadi. www.goodreads.com
  3. ↑ Hadadi, Hoda. Pajama Press
  4. ↑ www.cgspectrum.com/career-pathways/book-illustra
  5. ↑ Jeg tænker på et hjem · eReolen. ereolen.dk
  6. ↑ What Is Silk Paper Printing And How Is It Used? · B&B Press. www.bbpress.co.uk
  7. ↑ (2020-01-25). بلندخوانی کتاب قصه‌های کوتی کوتی، قشم، بهمن ۹۸ - با من بخوان
  8. ↑ admin. (2017-07-03). قصه‌های کوتی‌کوتی (مجموعه ۴ جلدی). فرهاد حسن‌زاده
  9. ↑ 2017 Winners. www.moonbeamawards.com
  10. ↑ Bjerget der ville rejse – FORLAGET URO. www.forlageturo.dk
  11. ↑ Jeg tænker på et hjem – FORLAGET URO. www.forlageturo.dk
  12. ↑ (2019-02-05). Fine fortællinger til børn: Anmelderen takker for bøger med hjertevarme billeder og budskaber, der er til at forstå. Politiken
  13. ↑ Bjerget der ville rejse – FORLAGET URO. www.forlageturo.dk
  14. ↑ IBBY Honour List 2022. www.ibby.org
  15. ↑ Instagram. www.instagram.com
  16. ↑ Kia Literary Agency. Rights Catalog 2023. Kia Literary Agency Rights Catalog 2023
  17. ↑ (2020-06-06). International Book Awards - Honoring Excellence in Independent & Mainstream Publishing
  18. ↑ (2017-07-07). Illustrator Hoda Haddadi honored at Literary Classics Intl. Book Awards. Tehran Times
  19. ↑ (2017-07-07). Illustrator Hoda Haddadi honored at Literary Classics Intl. Book Awards. Tehran Times
  20. ↑ (2010-03-30). Animalarium: From Bologna: the Ragazzi Awards. Animalarium
  21. ↑ Imagine a Garden. Greystone Books Ltd.
  22. ↑ Hadadi, Hoda. (January 17, 2023). Milloo's Mind. Harper Collins. ISBN 9780063056619
  23. ↑ admin. (2017-07-03). قصه‌های کوتی‌کوتی (مجموعه ۴ جلدی). فرهاد حسن‌زاده
  24. ↑ You searched for kuti kuti. Mevsimler Kitap Yayıncılık

সম্পৰ্কিত শ্ৰেণী

কবিচিত্ৰশিল্পীইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোদা হাদাদি” প্ৰবন্ধৰ সংশোধন ৬১৯১৭৩ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।