জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰ'জেলি অ'কাম্প'-ফ্ৰিডমেন
ৰ'জেলি অ'কাম্প'-ফ্ৰিডমেন (২৩ নৱেম্বৰ ১৯৩৭ – ৪ ছেপ্টেম্বৰ ২০০৫) এগৰাকী ফিলিপিনো-আমেৰিকান অণুজীৱবিজ্ঞানী আৰু উদ্ভিদবিজ্ঞানী আছিল। তেওঁ ছায়ান'বেক্টেৰিয়া আৰু চৰম পৰিবেশত বাস কৰা জীৱ(extremophiles)ৰ অধ্যয়নত বিশেষ অৱদান আগবঢ়াইছিল।
-
ৰং ৱংসাৱন
নাৰং ৱংসাৱন ( থাই: ณรงค์ วงษ์สวรรค์; ২০ মে' ১৯৩২ – ১৫ মাৰ্চ ২০০৯) এগৰাকী থাই লেখক আৰু সাংবাদিক। তেওঁ ৰং ৱংসাৱন (থাই ভাষাত: 'รงค์ วงษ์สวรรค์) নামেৰে লেখা-মেলা কৰিছিল। তেওঁৰ সৰহসংখ্যক লেখা আছিল অৰ্ধ-আত্মজীৱনীমূলক।
-
ৰংকে ড'হাৰ্টি
কুইনী ৰংকে ড'হাৰ্টি (Ronke Doherty) নাইজেৰিয়াৰ এগৰাকী মহিলা নেত্ৰী আছিল৷ তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈকে মহিলা সমাজৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভানেত্ৰী আছিল। ১৯৭০ চনত ৰাজনৈতিক পদত নিযুক্তি পোৱা নিৰ্বাচিত কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁৱো আছিল।
-
ৰকষ্টাৰ ৰমণী অম্মাল
ৰমণী অম্মাল (১৯৫৪ – ৪ এপ্ৰিল ২০২৩), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম ৰকষ্টাৰ ৰমণী অম্মাল, এগৰাকী ভাৰতীয় লোক গায়িকা আৰু প্লেবেক ছিংগাৰ আছিল। ২০১৭ চনত টেলিভিছনৰ ৰিয়েলিটি শ্ব' জি তামিলৰ ছা ৰে গা মা পা চিনিয়ৰছত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে।
-
ৰঘু ৰায়
ৰঘুনাথ ৰায় চৌধুৰী বা ৰঘু ৰায় (Raghu Rai, জন্ম ১৮ ডিচেম্বৰ, ১৯৪২) এজন কিংবদন্তি ভাৰতীয় ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। তেওঁ ভাৰতৰ ফটোগ্ৰাফী জগতৰ মহীৰুহ। তেওঁক ভাৰতীয় ফটোগ্ৰাফীৰ পিতৃ বুলি কোৱা হয়। প্ৰবাদপ্ৰতিম ফটো সাংবাদিকগৰাকী ১৯৭২ চনত ভাৰতৰ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।
-
ৰচনা খাতাউ
ৰচনা খাতাউ (ইংৰাজী: Rachna Khatau) এগৰাকী ব্ৰিটিছ-আমেৰিকান টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী, গায়িকা, লেখিকা আৰু টেলিভিছন ঘোষিকা। ২০১৩ চনৰপৰা ২০১৭ চনলৈকে ফ্ৰীফৰ্ম চিটকম বেবী ড্যাডীত চন্দ্ৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰচীন ৰবীন্দ্ৰ
ৰচীন ৰবীন্দ্ৰ ( ರಚಿನ್ ರವೀಂದ್ರ; জন্ম ১৮ নৱেম্বৰ ১৯৯৯) এজন নিউজিলেণ্ড ক্ৰিকেটাৰ। ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত ৰবীন্দ্ৰৰ জন্ম হৈছিল; পিতৃ ৰবি কৃষ্ণমূৰ্তি বাংগালুৰুত বাস কৰা এজন চফ্টৱেৰ চিষ্টেম আৰ্কিটেক্ট আৰু মাতৃ দীপা কৃষ্ণমূৰ্তি নিউজিলেণ্ডৰ ৱেলিংটনত থাকে।
-
ৰচেল ডাইমণ্ড
ৰচেল এন "চেলী" ডাইমণ্ড (Rochelle Anne Diamond; জন্ম: ১৯৫১) এগৰাকী গৱেষণা জীৱবিজ্ঞানী, কুইয়াৰ সক্ৰিয়তাবাদী আৰু আউত টু ইন’ভেটৰ এমিৰিটাছ অধ্যক্ষ, যিটো পূৰ্বতে নেচনেল অৰ্গেনাইজেচন অৱ গে এণ্ড লেচবিয়ান চাইণ্টিষ্ট এণ্ড টেকনিকেল প্ৰফেচনেলছ নামেৰে জনাজাত আছিল।
-
ৰছিদ খান (সংগীতজ্ঞ)
ৰছিদ খান (Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল।
-
ৰজনী কুমাৰ
ৰজনী কুমাৰ (Rajni Kumar; ৫ মাৰ্চ ১৯২৩ – ১১ নৱেম্বৰ ২০২২) (জন্ম নেন্সি জয়ছ মাৰ্গাৰেট জোনছ) এগৰাকী ব্ৰিটিছ-ভাৰতীয় শিক্ষাবিদ আৰু স্প্ৰিংডেলছ গ্ৰুপ অৱ স্কুলৰ প্ৰতিষ্ঠাপক। তেওঁ ২০১১ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল।
-
ৰজনী তিলক
ৰজনী তিলক (২৭ মে ১৯৫৮ – ৩০ মাৰ্চ ২০১৮) ভাৰতৰ অন্যতম অগ্ৰণী দলিত অধিকাৰ কৰ্মী আৰু দলিত নাৰীবাদৰ এগৰাকী মুখ্য কণ্ঠস্বৰূপ আছিল। তেওঁ এগৰাকী লেখিকা আৰু সমাজচিন্তকো আছিল। তেওঁ Centre for Alternative Dalit Media (CADAM)-ৰ কাৰ্যনিৰ্বাহী সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰজনী বক্সী
ৰজনী বক্সী মুম্বাইৰ এগৰাকী ফ্ৰীলান্স সাংবাদিক, লেখিকা আৰু সমাজচিন্তক। তেওঁ সমসাময়িক ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আন্দোলনৰ ওপৰত গভীৰ বিশ্লেষণধৰ্মী লেখা লিখাৰ বাবে সুপৰিচিত।
-
ৰজনীশ
ৰজনীশ (Rajneesh) (জন্ম: চন্দ্ৰ মোহন জৈন; ১১ ডিচেম্বৰ ১৯৩১১৯ জানুৱাৰী ১৯৯০) আচাৰ্য ৰজনীশ বুলি পৰিচিত৷ তেওঁৰ জনপ্ৰিয় নাম হৈছে অশ্বো দাৰ্শনিক, ৰহস্যবাদী, আৰু ৰজনীশ আন্দোলনৰ প্ৰতিষ্ঠাপক৷ আধ্যাত্মিক অভিজ্ঞতাক ধৰ্মীয় মতবাদৰ কোনো এটা ব্যৱস্থাত সংগঠিত কৰিব নোৱাৰি বুলি জোৰকৈ কৈছিল।
-
ৰজা মহেন্দ্ৰ প্ৰতাপ
ৰজা মহেন্দ্ৰ প্ৰতাপ (Raja Mahendra Pratap; জন্ম:১ ডিচেম্বৰ, ১৮৮৬-২৯ এপ্ৰিল, ১৯৭৯) হৈছে এগৰাকী ভাৰতীয় স্বাধীনতা-সংগ্ৰামী, সাংবাদিক আৰু বিপ্লৱী। তেওঁ ১৯১৫ চনত, কাবুলৰপৰা প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্বাচিত ভাৰত চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ অস্থায়ী চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু ব্ৰিটিছ ভাৰতৰ সমাজ…
-
ৰঞ্জনা কুমাৰী
ৰঞ্জনা কুমাৰী (Ranjana Kumari) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, লেখিকা, আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ চেণ্টাৰ ফৰ ছ'চিয়েল ৰিচাৰ্চৰ পৰিচালক আৰু মহিলা গোটৰ ৰাষ্ট্ৰীয় সংগঠন উইমেন পাৱাৰ কানেক্টৰ অধ্যক্ষ।
-
ৰঞ্জনী শেট্টাৰ
ৰঞ্জনী শেট্টাৰ (জন্ম ১৯৭৭) এগৰাকী ভাৰতীয় দৃষ্টিশিল্পী, যি বৃহৎ আকাৰৰ ভাস্কৰ্য স্থাপনা শিল্পৰ বাবে পৰিচিত। তেওঁৰ শিল্পকৰ্মসমূহ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট, মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট (MoMA), আৰু চান ফ্ৰান্সিস্কো মিউজিয়াম অৱ মডাৰ্ণ আৰ্টত প্ৰদৰ্শিত হৈছে।
-
ৰঞ্জিত কৌৰ
ৰঞ্জিত কৌৰ (জন্ম ২০ অক্টোবৰ ১৯৫০) ভাৰতীয় পঞ্জাৱৰ এজন পঞ্জাবী গায়িকা। পঞ্জাবী বিখ্যাত গায়ক আৰু ৰাজনীতিবিদ মহম্মদ ছাদিকৰ সৈতে গোৱা যুটিয়া গীতৰ বাবে তেওঁ পৰিচিত। তেওঁ প্লেবেক গায়িকাৰ উপৰিও আৰু কিছুমান পঞ্জাবী চলচ্চিত্ৰত সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।
-
ৰতন কাহাৰ
ৰতন কাহাৰ এজন প্ৰবীণ ভাৰতীয় লোকগায়ক আৰু বাংলা ঝুমুৰ আৰু ভাদু গীতৰ গীতিকাৰ। ২০২৪ চনত তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তেওঁৰ বৰো লোকেৰ বিটিলো, লাম্বা লাম্বা চুল লোকগীতটো খুবেই জনপ্ৰিয়।
-
ৰতি পাণ্ডে
ৰতি পাণ্ডে'হিটলাৰ দিদি, মিলে জব হাম তুম, পৰুছ, দেৱী আদি পৰাশক্তি, বেগুছৰাই, হৰ ঘৰ কুছ কেহতা হ্যায় আৰু শাদী মুবাৰক ছবিত অভিনয় কৰি ভাৰতীয় অভিনেত্ৰী হিচাপে পৰিচিত হয়।
-
ৰত্নমালা সাৱনুৰ
ৰত্নমালা ধৰেশ্বৰ সাৱনুৰ (Ratnamala Dhareshwar Savanur, জন্ম-১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পূৰ্বতে জনতা দল আৰু বৰ্তমান জনতা দল (চেকুলাৰ)ৰ সৈতে জড়িত। একাদশ লোকসভাৰ সদস্য হিচাপে তেওঁ গুজৰাল মন্ত্ৰালয়ত পৰিকল্পনা আৰু ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰত্না ইন্দ্ৰেশ্বৰী
ৰত্না ইন্দ্ৰেশ্বৰী (ইংৰাজী: Ratna Indraswari; জন্ম: ২৪ এপ্ৰিল ১৯৪৯ – ২৮ মাৰ্চ ২০১১), যাৰ উপনাম আছিল কুইন অৱ দ্য বিজ, এগৰাকী ইণ্ডোনেছিয়ান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ১০ বছৰ বয়সৰপৰাই পক্ষাঘাতগ্ৰস্ত হোৱা ৰত্নাই তেওঁৰ জীৱনকালত ৪০০ৰো অধিক চুটিগল্প আৰু উপন্যাস ৰচনা কৰিছিল।
-
ৰত্না দেৱনাথ
ৰত্না দেৱনাথ (Ratna Debnath)পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ২০২৬ চনৰ পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পশ্চিমবংগ পানীহাটী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে।
-
ৰত্না সিং
ৰাজকুমাৰী ৰত্ন সিং (Ratna Singhজন্ম ২৯ এপ্ৰিল ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন মন্ত্ৰী দীনেশ সিঙৰ কন্যা। ১৯৯৬, ১৯৯৯ আৰু ২০০৯ চনত কংগ্ৰেছ দলৰ পৰা তেওঁ তিনিবাৰকৈ প্ৰতাপগড়ৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ পৰৱৰ্তী সময়ত একেৰাহে দুটা লোকসভা নিৰ্বাচনত (২০১৪ আৰু ২০১৯) কংগ্ৰেছৰ টিকটত…
-
ৰত্নোত্তমা দাস বিক্ৰম
ৰত্নোত্তমা দাস বিক্ৰম (Ratnottama Das Bikram) লেখক, ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ, স্তম্ভলেখক, কবি আৰু জনজাতীয় লোককলাৰ গৱেষক দাসে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শিক্ষা আৰম্ভ কৰি পাছলৈ ক্ৰমে কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।
-
ৰথীন্দ্ৰ নাথ গোস্বামী
ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক…
-
ৰবি শাস্ত্ৰী
ৰবি শংকৰ জয়দৃত শাস্ত্ৰী (জন্ম ২৭ মে' ১৯৬২) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ আছিল সোঁহাতৰ বেটছমেন আৰু বাওঁহাতৰ বলাৰ তথা অল ৰাউণ্ডাৰ। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ১৮ বছৰ বয়সৰ পৰা আৰম্ভ হৈছিল আৰু ১২ বছৰ ধৰি চলিছিল।
-
ৰবিজিতা গগৈ
ৰবিজিতা গগৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰাপ্ত এগৰাকী অসমীয়া নাট্যকাৰ, প্ৰযোজক, পৰিচালক, লেখক তথা অনুবাদক। তেওঁ অসমীয়া, হিন্দী, ইংৰাজী, কাৰ্বি, বড়ো, নাগামিজ, কন্নড়, মালয়ালম আদি বিভিন্ন ভাষাত নাট ৰচনা কৰি নাট্যসাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে।
-
ৰবিন ভেন পাৰ্চি
ৰবিন ভেন পাৰ্চি (Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্ জাতীয় দলৰ হৈ খেলি আছে।
-
ৰবিন ৱাল কিমাৰাৰ
ৰবিন ৱাল কিমাৰাৰ ( Robin Wall Kimmerer; জন্ম ১৯৫৩)) এগৰাকী আমেৰিকান পৰিৱেশবিদ আৰু বন্যজীৱবিজ্ঞানৰ বিশিষ্ট অধ্যাপক। বৰ্তমান তেওঁ ষ্টেট ইউনিভাৰ্চিটি অৱ নিউয়ৰ্ক কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry, SUNY-ESF)ৰ…
-
ৰবিনা গুৰেমে ৰৱাকোজো
ৰবিনা গুৰেমে ৰৱাকোজো (Robina Gureme Rwakoojo) এগৰাকী উগাণ্ডাৰ অধিবক্তা, বিধায়ক যি বৰ্তমান উগাণ্ডাৰ একাদশ সংসদৰ গম্বা জিলাৰ গম্বা পশ্চিম কাউণ্টিৰ সংসদৰ প্ৰতিনিধি সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন (এন আৰ এম)ৰ সৈতে জড়িত। তেওঁ উগাণ্ডাৰ দশম সংসদতো কাৰ্যনিৰ্বাহ কৰিছিল।