হৰিশ চন্দ্ৰ বাৰ্মা(এইচ চি বাৰ্মা) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু ১৯৯৪ চনৰ পৰা কাণপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ বিষয় হৈছে নিউক্লিয়েৰ পদাৰ্থ বিজ্ঞান১.
তেওঁ ইতিমধ্যে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ পদাৰ্থ বিজ্ঞানৰ কিতাপ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা দুটা খণ্ডৰ কিতাপ Concepts Of Physics ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈৰ মাজত বহুলভাৱে জনপ্ৰিয়। তেওঁ পদাৰ্থ বিজ্ঞানৰ জটিল ধাৰণাসমূহ খুব সহজকৈ, স্পষ্টকৈ আৰু বিস্তাৰিতভাৱে প্ৰকাশ কৰাৰ বাবে গ্ৰন্থখনি পদাৰ্থবিজ্ঞান ভালপোৱা সকলৰ বাবে হাতপুথিস্বৰূপ। ভাৰতবৰ্ষত পদাৰ্থবিজ্ঞানশিক্ষা জনপ্ৰিয়কৰণৰ উদ্দেশ্যে তেওঁ শিক্ষা সোপান নামেৰে এটি প্ৰকল্পও হাতত লৈছে। তেওঁৰ কিতাপসমূহৰ হিন্দী সংস্কৰণো তেওঁ প্ৰকাশ কৰিছে২।
জন্ম আৰু শিক্ষা
ড॰ হৰিশ চন্দ্ৰ বাৰ্মাৰ জন্ম বিহাৰৰ দাৰভাঙাত, ১৯৫২ চনত। তেওঁৰ ল’ৰালিকালৰ বেছিভাগ সময় পাটনাত অতিবাহিত কৰিছিল। তেওঁৰ পিতৃ শ্ৰী গণেশ প্ৰসাদ বাৰ্মা এজন শিক্ষক আছিল আৰু হৰিশ চন্দ্ৰ বাৰ্মাই তেওঁৰ পৰাই গণিতৰ আদিপাঠ লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ পাটনা ছায়েন্স কলেজত নামভৰ্তি কৰে। তাৰপৰাই তেওঁ পাটনা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ বাৰ্মা কাণপুৰ আই আই টিৰ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ আছিল আৰু ১০ পইণ্ট স্কেলত ৯.৯ পইণ্টেৰে প্ৰতিভাধাৰী ছাত্ৰ হিচাপে পৰিগণিত হৈছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ মাত্ৰ তিনি বছৰৰ পাছতেই তেওঁ কাণপুৰ আই আই টিৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়।
পাটনা ছায়েন্স কলেজত
১৯৮০ চনত তেওঁ পাটনা ছায়েন্স কলেজত শিক্ষক হিচাপে যোগদান কৰে। সেই কলেজখনত তেওঁক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণী ল’বলৈ দিয়া হৈছিল। তাত শিক্ষকতা কৰি তেওঁ বুজি পাইছিল যে শ্ৰেণীটোৰ শীৰ্ষস্থানৰ ছাত্ৰকেইজনেও পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহ স্পষ্টকৈ বুজি পোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁ পঢ়ুৱাবলৈ ব্যৱহাৰ কৰা পাঠ্যপুঠিখনত (a book by Resnick and Halliday) ব্যৱহৃত উচ্চতৰ ভাষাৰ বাবেও সমস্যাৰ সৃষ্টি হৈছে বুলি তেওঁ অনুভৱ কৰিছিল। এনেকুৱা কিছু কাৰণৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল Concepts of Physics। এই কিতাপখনে তেওঁলৈ যথেষ্ট সফলতা কঢ়িয়াই আনে। কিতাপখনত ব্যৱহৃত সৰল ভাষা, আকৰ্ষণীয় উদাহৰণ, ভাৰতীয় সংস্কৃতিৰ লগত মিলাকৈ কৰা বৰ্ণনাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে। গ্ৰন্থখনে ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ আগত পদাৰ্থ বিজ্ঞানৰ সৌন্দৰ্য দাঙি ধৰাত সফল হৈছিল। আই আই টি জে ই ই পৰীক্ষাৰ বাবেও বহুত পৰীক্ষাৰ্থীয়ে এই কিতাপখনকে স হায়ক পুথি হিচাপে ব্যৱহাৰ কৰে। পাটনা কলেজৰ ১৫ বছৰ শিক্ষকতা কৰাৰ পাছত তেওঁ আই আই টি কাণপুৰলৈ আহে।
আই আই টি কাণপুৰত
১৯৯৪ চনত তেওঁ আই আই টি কাণপুৰত অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ তাত বিভিন্ন পাঠ্যক্ৰম পঢ়ুৱাৰ লগতে Quantum Physics নামেৰে এখন কিতাপ ৰচনা কৰে। তদুপৰি স্নাতকোত্তৰ আৰু পি এইচ ডিৰ ছাত্ৰসকলৰ গাইড প্ৰদান কৰাৰ লগতে শিক্ষা তথা সমাজৰ উন্নতিৰ হকে কিছুমান প্ৰকল্প হাতত লৈছিল। সেইসমূহৰ ভিতৰত স্কুল ফিজিক্স প্ৰজেক্ট, শিক্ষা সোপান আৰু Utsahi Physics Teachers.
গ্ৰন্থসমূহ
- Concepts of Physics Part-1, Bharati Bhawan Publishers & Distributors, 1999, ISBN 8177091875
- Concepts of Physics Part-2, Bharati Bhawan Publishers & Distributors, 1999, ISBN 8177092324
- Quantum Physics, Surya Publication, ISBN 9788192571409
- Foundation Science Physics for class 9, Bharati Bhawan Publishers & Distributors ISBN 9788177097313
- Foundation Science Physics for class 10, Bharati Bhawan Publishers & Distributors ISBN 9350270064
ভিডিঅ
- নিউক্লিয়েৰ পদাৰ্থ বিজ্ঞানঃ মূল ধাৰণা আৰু প্ৰয়োগ (National Program for Technology Enhanced Learning ৰ দ্বাৰা প্ৰযোজিত, NPTEL)
তথ্যসূত্ৰ
- ↑ Career profile of DR. H. C. Verma. Indian Institute of Technology Kanpur
- ↑ (31 August 2014). Spreading the light of knowledge. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিশ চন্দ্ৰ বাৰ্মা” প্ৰবন্ধৰ সংশোধন ৩০৯২০৯ (১৬ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।