জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শিৱাজী চট্টোপাধ্যায়
শিৱাজী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় বিখ্যাত গায়ক আৰু সংগীত পৰিচালক। তেওঁৰ জন্ম হৈছিল কলিকতাত। ‘চলেই যাবে জানতেই যদি’ অথবা ‘পাখীৰা চায় আকাশেৰ নীল’ তেওঁৰ বিখ্যাত গীত।
-
শিৱানী কাটাৰিয়া
শিৱানী কাটাৰিয়া (: Shivani Kataria; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৯৭) এগৰাকী ভাৰতীয় সাঁতোৰবিদ। তেওঁ মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইলত অংশগ্ৰহণ কৰিছিল। ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ দক্ষিণ এছিয়ান গেমছ আৰু এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপতো তেওঁ বহু পদক লাভ কৰিছিল।
-
শিৱানী দেৱী নংমেইকাপাম
শিৱানী দেৱী নংমেইকাপাম (ইংৰাজী: Sibani Devi Nongmeikapam; জন্ম: ১৩ জানুৱাৰী ২০০৭) মণিপুৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।
-
শিৱানী বাসগম ৱেদনায়কে
শিৱানী বাসগম ৱেদনায়কে (জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী শ্ৰীলংকান মডেল, উদ্যোক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ৱেদনায়কে (পূৰ্বৰ নাম বাসগম) চিনেমাটোগ্ৰাফাৰ এ. ভি. এম. বাসগমৰ কন্যা।
-
শিৱালিকা ওবেৰয়
শিৱালিকা ওবেৰয় (জন্ম: ২৪ জুলাই ১৯৯৫) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰাৰম্ভিক অভিনয় জীৱনৰ কামসমূহৰ ভিতৰত য়ে চালী আশিকী (২০১৯) আৰু খোদা হাফিজ (২০২০) অন্যতম।
-
শীতল আমতে
শীতল আমতে (Sheetal Amte); জন্ম: ২৬ জানুৱাৰী ১৯৮১ – মৃত্যু: ৩০ নৱেম্বৰ ২০২০), বিবাহৰ পিছত শীতল আমতে-কাৰাজগী নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় জনস্বাস্থ্য বিশেষজ্ঞ, অক্ষমতা বিশেষজ্ঞ আৰু সামাজিক উদ্যোগী আছিল।
-
শীতল মহাজন ৰানে
শীতল মহাজন ৰানে ( Shital Mahajan Rane) এগৰাকী ভাৰতীয় চৰম ক্ৰীড়াবিদ, স্কাইডাইভাৰ আৰু এই ক্ৰীড়াৰ আঠটা বিশ্ব অভিলেখৰ অধিকাৰী। ১০,০০০ ফুটৰ পৰা এন্টাৰ্কটিকাৰ ওপৰেৰে ত্বৰান্বিতভাৱে মুক্তভাৱে পতন কৰা জাম্প কৰা প্ৰথমগৰাকী মহিলা, উত্তৰ আৰু দক্ষিণ মেৰু দুয়োটাৰে ওপৰেৰে জঁপিয়াই পৰা আটাইতকৈ কম বয়সীয়া…
-
শীতল শেঠ
শীতল শেঠ (ইংৰাজী: Sheetal Sheth) এগৰাকী আমেৰিকান অভিনেত্ৰী, লেখিকা, প্ৰযোজক আৰু সক্ৰিয় কৰ্মী। এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ লুকিং ফৰ কমেডী ইন দ্য মুছলিম ৱৰ্ল্ড ছবিত এলবাৰ্ট ব্ৰুকছৰ বিপৰীতে অভিনয় কৰি পৰিচিতি লাভ কৰে।
-
শীলা এফ্ ইৰানী
শ্বীলা এফ ইৰানী ( ইংৰাজী: Sheila F. Irani; ১২ জুন ১৯২২ – ১০ এপ্ৰিল ২০০৩) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, শিক্ষাবিদ আৰু মানৱতাবাদী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাৰ্ছ হিচাপে স্বেচ্ছাসেৱী কাম কৰাৰ বাবে ভাইচৰয়ৰ প্ৰমাণপত্ৰ লাভ কৰে।
-
শীলা কৌল
শীলা কৌল ( Sheila Kaul) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সামাজিক গণতান্ত্ৰিক নেত্ৰী, ৰাজনীতিবিদ, কেবিনেট মন্ত্ৰী আৰু গৱৰ্ণৰ আৰু মৃত্যুৰ সময়ত ভাৰতৰ আটাইতকৈ বয়সিয়াল জীৱিত প্ৰাক্তন সংসদ সদস্য আছিল।
-
শীলা সিং পল
ডা° (প্ৰফেচাৰ) শীলা সিং পল, এম আৰ চি পি, এফ আৰ চি পি, ডি চি এইচ, ডি টি এম (১২ ছেপ্টেম্বৰ ১৯১৬ – ১১ জানুৱাৰী ২০০১) নতুন দিল্লীৰ কলাৱতী সাৰণ শিশু চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল। এই দায়িত্ব লোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪০ বছৰ।
-
শুচি ঠাকুৰ
শুচি ঠাকুৰ: Shuchi Thakur ভাৰতৰ হিমাচল প্ৰদেশৰ এগৰাকী পেছাদাৰী ৰেলী চালক। তেওঁ ২০০৫ চনৰ পৰা ভাৰতত ক্ৰছ কান্টি এক্সট্ৰিম মটৰস্পৰ্টছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে।
-
শুনজি
শুনজি (Xunzi) (প্ৰকৃত অৰ্থ: 'গুৰু শুন'; খ্ৰীষ্টপূৰ্ব প্ৰায় ৩১০ – খ্ৰীষ্টপূৰ্ব প্ৰায় ২৩৮ ৰ পিছত), যাৰ জন্মৰ নাম আছিল শুন কুয়াং (Xun Kuang), আছিল যুদ্ধৰত ৰাজ্যসমূহৰ শেষৰ সময়ছোৱাৰ (Warring States period) এজন কনফুচীয় চীনা দাৰ্শনিক।
-
শুভাংগী আত্ৰে
শুভাংগী আত্ৰে (জন্ম ১১ এপ্ৰিল ১৯৮১) এজন ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। আত্ৰে প্ৰথমবাৰ অভিনয় ক্ষেত্ৰত প্ৰৱেশ কৰে একতা কাপুৰৰ কছৌটি জিন্দেগী কে ধাৰাবাহিকৰ পালচিন্ন বসুৰ ৰূপত। তেওঁ কস্তুৰী (২০০৭–০৯) ধাৰাবাহিকত শীৰ্ষভূমিকাত অভিনয় কৰি ব্যাপক পৰিচিতি লাভ কৰে।
-
শুভাংশু শুক্লা
গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা (ঘৰুৱা নাম শুক্স (Shux)) (Shubhanshu Shukla )ভাৰতীয় বায়ুসেনাৰ টেষ্ট পাইলট আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ মহাকাশচাৰী।
-
শুভ্ৰা গুপ্তা
শুভ্ৰা গুপ্তা (Shubhra Gupta) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক যি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত লিখে। ২০১২ চনত চিনেমাৰ শ্ৰেষ্ঠ লেখাৰ তেওঁ ৰামনাথ গোৱেংকা বঁটা লাভ কৰা৷ তেখেত ২০১২ চনৰ পৰা ২০১৫ চনলৈকে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ সদস্য আছিল। তেওঁ 50 Films That Changed Bollywood, 1995–2015- লেখিকা।
-
শুভ্ৰা ঘোষ
শুভ্ৰা ঘোষ (Suvra Ghosh; জন্ম: ২৩ এপ্ৰিল ১৯৬৮)পশ্চিমবংগৰ কলিকতা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশ। ভাৰতত মৃত্যুদণ্ড আৰোপ কৰা গোচৰকে ধৰি কেইবাটাও উল্লেখযোগ্য গোচৰত তেওঁ ৰায়দান কৰিছে৷ তাৰে ভিতৰত কলিকতা উচ্চ ন্যায়ালয়কে জৰিমনা বিহাটো উল্লেখযোগ্য৷ ন্যায়াধীশৰ মতে, অসৎ আচৰণত অভিযুক্ত এজন…
-
শুভৱতী পাছোৱান
শুভৱতী পাছোৱান (Subhawati Paswan) ভাৰতীয় সংসদৰ নিম্ন সদন একাদশ লোকসভাৰ এগৰাকী প্ৰাক্তন সদস্যা৷ তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ বংশগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
শূলমিত আলোনি
শূলমিত আলোনি (Shulamit Aloni; ২৭ ডিচেম্বৰ ১৯২৭ – ২৪ জানুৱাৰী ২০১৪) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ। তেওঁ ৰাটজ্ পাৰ্টি প্ৰতিষ্ঠা কৰা, মেৰেট্জ দলৰ নেত্ৰী৷ তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈকে শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
শৃংখলা খতিৱড়া
শৃংখলা খতিৱড়া (নেপালী: शृङ्खला खतिवडा; ইংৰাজী: Shrinkhala Khatiwada; জন্ম: ৩ নৱেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ নেপাল ৱৰ্ল্ড ২০১৮ জয় কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
শেহনাজ গিল
শেহনাজ কৌৰ গিল (ইংৰাজী: Shehnaaz Kaur Gill; জন্ম: ২৭ জানুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ সংগীত ভিডিঅ' ‘শিৱ দি কিতাপ’ৰ জৰিয়তে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
শেহনাজ মুন্নী
শেহনাজ মুন্নী (Shahnaz Munni, জন্ম ১৯৬৯) এগৰাকী বাংলাদেশী সাংবাদিক, কবি আৰু লেখক। ২০১৬ চনৰ জানুৱাৰী মাহৰপৰা তেওঁ ঢাকাস্থিত টেলিভিছন চেনেল নিউজ ২৪ৰ মুখ্য নিউজ এডিটৰ ৰূপে কৰ্মৰত। শেহনাজ শিশু কল্যাণমূলক কাম-কাজৰ সৈতে জড়িত।
-
শেহানী কহন্দৱালা
শেহানী কহন্দৱালা (ইংৰাজী: Shehani Kahandawala; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৯৫) এগৰাকী শ্ৰীলংকান টেলিভিছন অভিনেত্ৰীৰ লগতে এগৰাকী টেলিভিছন ঘোষিকা, গায়িকা আৰু মডেল।
-
শৈলক্ষ্মী বালিজেপালী
শৈলক্ষ্মী বালিজেপালী (: Sailakshmi Balijepally (২৫ জানুৱাৰী ১৯৭৪ – ১৬ ডিচেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় শিশু চিকিৎসক আৰু শিশু আৰু মাতৃৰ স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত কাম কৰা একম ফাউণ্ডেশ্যন নামৰ এন জি অ’ৰ প্ৰতিষ্ঠাপক। ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ২০১৪ বৰ্ষৰ বাবে নাৰী শক্তি বঁটাৰে সন্মানিত কৰিছিল।
-
শোনাল ৰাৱট
শোনাল ৰাৱট ( Shonal Rawat) এগৰাকী ভাৰতীয় প্ৰাক্তন মডেল আৰু টেলিভিছনৰ এংকৰ। ২০০৩ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া লাভ কৰে আৰু তাৰ পাছত ২০০৩ চনত মিছ এছিয়া পেচিফিকলৈ পঠিওৱা হয়। তেওঁ জুম নেটৱৰ্কৰ টক শ্ব'ৰ এংকৰ আৰু ভিজে।
-
শোবা ৰাজা
শোবা ৰাজা (Shoba Raja) এগৰাকী ভাৰতীয় মনোবিজ্ঞানী আৰু অক্ষমতা আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ ভিতৰত দুৰ্বল গোটৰ উন্নয়নমূলক বিষয়ত কাম কৰাৰ বাবে পৰিচিত।
-
শোভনা নাৰায়ণ
শোভনা নাৰায়ণ ( Shobana Narayana)এগৰাকী স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় কথক নৃত্যশিল্পী আৰু ভাৰতীয় অডিট আৰু একাউণ্টছ চাৰ্ভিচৰ এগৰাকী বিষয়া। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে৷ আৰু তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে।
-
শোভনা শৰ্মা
শোভনা শৰ্মা (Shobhona Sharma; জন্ম ৫ ফেব্ৰুৱাৰী ১৯৫৩) মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ ইমিউন’লজী, আণৱিক জীৱবিজ্ঞান, আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ অধ্যাপিকা। তেওঁ জৈৱবিজ্ঞান বিভাগৰ অধ্যক্ষও। তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল'।
-
শোভা নাইডু
শোভা নাইডু (: Sobha Naidu; ১৯৫৬ – ১৪ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কুচিপুডী নৃত্যশিল্পী, শিক্ষয়িত্ৰী, আৰু নৃত্য পৰিচালিকা আছিল। বিখ্যাত কুচিপুডী মাষ্ট্ৰো ভেম্পতী চিন্না সত্যমৰ শিষ্য, তেওঁ এই শিল্পৰ অন্যতম আগশাৰীৰ অনুশীলনকাৰী হৈ পৰিছিল।
-
শোভানা ভাৰতীয়া
শোভানা ভাৰতীয়া ( Shobhana Bhartia) (জন্ম ৪ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী৷ তেওঁ ভাৰতৰ অন্যতম বৃহৎ বাতৰি কাকত আৰু মিডিয়া হাউচ এইচ টি মিডিয়া (HT Media)ৰ অধ্যক্ষ আৰু সম্পাদকীয় পৰিচালক।