অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা এফ্ ইৰানী

শ্বীলা এফ ইৰানী ( ইংৰাজী: Sheila F. Irani; ১২ জুন ১৯২২ – ১০ এপ্ৰিল ২০০৩) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, শিক্ষাবিদ আৰু মানৱতাবাদী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাৰ্ছ হিচাপে স্বেচ্ছাসেৱী কাম কৰাৰ বাবে ভাইচৰয়ৰ প্ৰমাণপত্ৰ লাভ কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৪ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্বীলা এফ ইৰানী ( ইংৰাজী: Sheila F. Irani; ১২ জুন ১৯২২ – ১০ এপ্ৰিল ২০০৩) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, শিক্ষাবিদ আৰু মানৱতাবাদী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাৰ্ছ হিচাপে স্বেচ্ছাসেৱী কাম কৰাৰ বাবে ভাইচৰয়ৰ প্ৰমাণপত্ৰ লাভ কৰে। ইৰানী দশম লোকসভা (১৯৯৫–৯৬) আৰু কৰ্ণাটক বিধানসভাৰ (১৯৬৯–৭৮) মনোনীত সদস্য আছিল।

প্ৰাথমিক জীৱন

১৯২২ চনৰ ১২ জুনত নাইনিতালত জন্মগ্ৰহণ কৰিছিল শ্বিলাৰ। তেওঁৰ পিতৃ-মাতৃ আছিল জৰ্জ এগবাৰ্ট ফাৰ্গুচন আৰু উনা মৌড ফাৰ্গুচন। বোম্বে (বৰ্তমান মুম্বাই)ৰ পৰা শিক্ষকৰ প্ৰশিক্ষণ পাঠ্যক্ৰম কৰিছিল।১

কেৰিয়াৰ

ইৰাণীয়ে দিল্লীতে নাৰ্চাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ছেইণ্ট জনছ এম্বুলেন্স কৰ্পছত নাৰ্ছৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল আৰু তেওঁৰ সেৱাৰ বাবে তেওঁক ভাইচৰয় চাৰ্টিফিকেট অৱ মেৰিট প্ৰদান কৰা হৈছিল। ১৯৬৮ চনত কৰ্ণাটকৰ মহীশূৰত আদৰ্শ জাৱা ৰটাৰী শিশু বিদ্যালয় প্ৰতিষ্ঠা কৰে, যিখন পিছলৈ চহৰৰ অন্যতম সন্মানীয় বিদ্যালয়লৈ পৰিণত হয়। ইৰাণীয়ে মানৱ সেৱাৰ কামৰ সৈতেও জড়িত আছিল, মহীশূৰত কুষ্ঠৰোগীৰ যত্ন লৈছিল, অনাথ আশ্ৰমৰ উপ-সভাপতি আৰু মিছন চিকিৎসালয়ৰ ট্ৰাষ্টী হিচাপেও কাম কৰিছিল। তেওঁ এটা চেনেটৰিয়ামৰ ব'ৰ্ডতো আছিল আৰু বাংগালুৰুৰ দ্য ফ্ৰেংক এন্থনী পাব্লিক স্কুল আৰু কেথেড্ৰেল হাইস্কুলৰ কাৰ্যবাহী সদস্য হিচাপেও কাম কৰিছিল।১

১৯৬৮ চনত ইৰাণীয়ে কৰ্ণাটক বিধানসভালৈ মনোনীত হয় আৰু ১৯৭৮ চনলৈকে তেওঁ সদস্য হিচাপে থাকে। ১৯৯৩ চনৰ পৰা ১৯৯৫ চনৰ ভিতৰত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ চেনেটত কাৰ্যনিৰ্বাহ কৰে।১ ১৯৯৫ চনত এংলো-ইণ্ডিয়ানসকলৰ বাবে সংৰক্ষিত এখন আসনৰ বাবে দশম লোকসভালৈ মনোনীত হয়।২ ইৰানী এংলো-ইণ্ডিয়ান এছ'চিয়েচনৰ উপ-সভাপতি আছিল।৩

শীলা ইৰানীয়ে চামুণ্ডি শিশু গৃহও সৃষ্টি কৰিছিল।৪

ব্যক্তিগত জীৱন

মহীশূৰৰ বিখ্যাত য়েজডি ব্ৰেণ্ডৰ মটৰ চাইকেল নিৰ্মাতা আইডিয়াল জাৱা ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ অন্যতম প্ৰতিষ্ঠাপক তথা চিএমডি ব্যৱসায়ী ফাৰুখ কে ইৰানী লগত শীলাৰ বিয়া হৈছিল। ১৯৫১ চনত তেওঁলোকে একেলগে কৰ্ণাটকৰ মহীশূৰলৈ গৈ থাকিবলৈ লয় আৰু তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়।১৩ ২০০৩ চনৰ ১০ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ Sobers, S. N. Venkatnag. (10 April 2013). Remembering.: Sheila Irani: She Brought Futuristic Change to School Education. Star of Mysore
  2. ↑ (1995). Appointments. Data India. Press Institute of India. পৃ. 234
  3. ↑ (10 April 2003). Former MP Sheila Irani passes away. Zee News
  4. ↑ Sheila Irani remembered by former teachers of IJRS
  5. ↑ Thirteenth Loksabha Session 14 Date:21-07-2003. লোকসভা

সম্পৰ্কিত শ্ৰেণী

শিক্ষাবিদৰাজনীতিবিদলোকসভাৰ সাংসদসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা এফ্ ইৰানী” প্ৰবন্ধৰ সংশোধন ৪৩৫৬৩৭ (৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।