শীতল শেঠ (ইংৰাজী ভাষা: Sheetal Sheth) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, লেখিকা, প্ৰযোজক আৰু সক্ৰিয় কৰ্মী।
এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ লুকিং ফৰ কমেডী ইন দ্য মুছলিম ৱৰ্ল্ড ছবিত এলবাৰ্ট ব্ৰুকছৰ বিপৰীতে অভিনয় কৰি পৰিচিতি লাভ কৰে। তেওঁ এবিচিডি ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত আমেৰিকান চাই, আই কাণ্ট থিংক ষ্ট্ৰেইট আৰু দ্য ৱৰ্ল্ড আনচিন আদি ছবিত অভিনয় কৰিছে।
শেঠ আছিল মেক্সিম মেগাজিনত স্থান পোৱা প্ৰথমগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা।১ তেওঁ চিএনএন, দ্য ডেইলী বিষ্ট আৰু থ্ৰাইভ গ্ল’বেলত মতামত প্ৰকাশ কৰিছে। ইয়াৰ উপৰি তেওঁ এখন সচিত্ৰ শিশু গ্ৰন্থ শৃংখলাৰ লেখিকা, যাৰ আৰম্ভণি হৈছিল অলৱেজ অঞ্জলি নামৰ কিতাপখনৰ জৰিয়তে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
শেঠৰ জন্ম ১৯৭৬ চনৰ ২৪ জুনত নিউ জাৰ্ছীৰ ট্ৰেণ্টনত হৈছিল।৩৪ তেওঁ প্ৰথম প্ৰজন্মৰ গুজৰাটী ভাষা ভাৰতীয় আমেৰিকা যুক্তৰাষ্ট্ৰন। তেওঁৰ পিতৃ-মাতৃ ১৯৭২ চনত ভাৰতৰ গুজৰাটৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল।৫
অধ্যয়ন তেওঁৰ অগ্ৰাধিকাৰ আছিল যদিও শেঠে বহুসংস্কৃতিক নৃত্যও শিকিছিল৬ আৰু বাস্কেটবলৰ সৈতেও জড়িত আছিল।৭ তেওঁৰ পিতৃ-মাতৃ ধৰ্মপৰায়ণ জৈন আছিল, কিন্তু তেওঁলোকে শেঠক স্থানীয় কেথলিক স্কুলত নাম ভৰ্তি কৰি দিছিল।৫ পৰিয়ালটো ট্ৰেণ্টনলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে ১২ বছৰ বয়সলৈকে তেওঁ তাতে অধ্যয়ন কৰিছিল।১
শেঠে পেঞ্চিলভেনিয়াৰ বেথলেহেমৰ লিবাৰ্টি হাইস্কুলত অধ্যয়ন কৰিছিল, য’ত তেওঁ ছাত্ৰ সংসদৰ সৈতে জড়িত আছিল আৰু ছাত্ৰ পৰামৰ্শদাতা ব’ৰ্ডত সেৱা আগবঢ়াইছিল। স্কুলখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ছাত্ৰ সংসদ বঁটা লাভ কৰিছিল৮ আৰু সমাৱৰ্তনত ভাষণ দিবলৈ আমন্ত্ৰিত হোৱা দুজন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত তেওঁ এজন আছিল।৯ হাইস্কুলত থকাৰ সময়তে শেঠে অভিনয়ৰ প্ৰতি থকা হেঁপাহ বিচাৰি পাইছিল আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ টিচ স্কুল অৱ দ্য আৰ্টছত নামভৰ্তিৰ সুযোগ লাভ কৰিছিল।৫
টিচ স্কুলত শেঠে ধ্ৰুপদী সাহিত্য অধ্যয়ন কৰিছিল আৰু তেওঁৰ প্ৰিয় কিছুমান ৰচনাৰ ভিতৰত আছিল এণ্টিগন আৰু দ্য ক্ৰুচিবল।১০ তেওঁ লী ষ্ট্ৰাসবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত মেথড এক্টিঙৰ প্ৰশিক্ষণো লৈছিল। তেওঁ নিবিড় আন্তৰ্জাতিক থিয়েটাৰ কৰ্মশালাৰ অংশ হিচাপে আমষ্টাৰডামত গ্ৰীষ্মকালীন শিক্ষা গ্ৰহণ কৰিছিল আৰু ক্ৰীষ্টিন লিংকলেটৰৰ দৰে অভিনয় শিক্ষকৰ ওচৰত শিক্ষা লাভ কৰিছিল। শেঠক টিচ স্কলাৰছ প্ৰগ্ৰেমত অংশ ল’বলৈ নিৰ্বাচন কৰা হৈছিল। টিচৰপৰা সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত১১ শেঠে অধ্যয়ন অব্যাহত ৰাখে। নিউয়ৰ্কত তেওঁ দ্য আমেৰিকান প্লে থিয়েটাৰৰ অন্যতম প্ৰতিষ্ঠাপক উইন হেণ্ডমেনৰ ওচৰত শিক্ষা গ্ৰহণ কৰে। লছ এঞ্জেলছত তেওঁ ২০০৮ চনত মৃত্যুৰ আগমুহূৰ্তলৈকে অভিনয় প্ৰশিক্ষক মিল্টন কাৎচেলাছৰ সাপ্তাহিক ক্লাছত অংশ লৈছিল।১২
ব্যক্তিগত জীৱন
২০১৩ চনত শেঠ নীল মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৩ ২০১৯ চনৰ জুন মাহত শেঠে তেওঁৰ স্তন কেন্সাৰ ধৰা পৰা বুলি সদৰি কৰিছিল।১৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Sharma, Jaya. "Simply Sheetal"
- ↑ (2023-06-22). Sheetal Sheth says kid's books can deal with big feelings. 'Always Anjali' takes on identity. www.wbur.org
- ↑ www.seema.com/indian-american-actress-sheetal-sh
- ↑ www.facebook.com/photo.php?fbid=1021635909333844
- ↑ Melwani, Lavina. "Lethal Sheetal"
- ↑ McManus, Bridget; Sheth, Sheetal. Brunch with Sheetal Sheth (Brunch with Bridget, Episode 70), Part 1 of 3: time 1:54
- ↑ Roy, Sandip. "Straddling Cultures"
- ↑ "'Transcend Mediocrity,' Liberty Graduates Told", p. 3. The Morning Call. June 18, 1994
- ↑ "Liberty, Saucon Valley Grads Are At The Head Of The Class". The Morning Call. June 20, 1994
- ↑ Metal, Sheena; Sheth, Sheetal: time 31:05
- ↑ Song, Jenny. "Sheetal Sheth – Gorgeous and Grounded"
- ↑ Metal, Sheena; Sheth, Sheetal: time 23:38
- ↑ (November 24, 2013). Sheetal Sheth & Neil Mody Tie the Knot. People Magazine
- ↑ (28 June 2019). The World Unseen actor Sheetal Sheth reveals struggle with breast cancer, answers questions about her health
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীতল শেঠ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৬৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।