অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা কৌল

শীলা কৌল ( Sheila Kaul) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সামাজিক গণতান্ত্ৰিক নেত্ৰী, ৰাজনীতিবিদ, কেবিনেট মন্ত্ৰী আৰু গৱৰ্ণৰ আৰু মৃত্যুৰ সময়ত ভাৰতৰ আটাইতকৈ বয়সিয়াল জীৱিত প্ৰাক্তন সংসদ সদস্য আছিল।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ৫৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শীলা কৌল ( Sheila Kaul) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সামাজিক গণতান্ত্ৰিক নেত্ৰী, ৰাজনীতিবিদ, কেবিনেট মন্ত্ৰী আৰু গৱৰ্ণৰ আৰু মৃত্যুৰ সময়ত ভাৰতৰ আটাইতকৈ বয়সিয়াল জীৱিত প্ৰাক্তন সংসদ সদস্য আছিল।১২ তদুপৰি তেওঁ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী, সমাজ সংস্কাৰক আৰু ব্ৰিটিছ ভাৰতৰ স্বাধীনতা কৰ্মীও আছিল। তেওঁ আছিল জৱাহৰলাল নেহৰুৰ খুলশালীয়েক আৰু ইন্দিৰা গান্ধীৰ মাহীয়েক।

ব্যক্তিগত জীৱন

১৯১৫ চনত শীলা কৌলৰ জন্ম হৈছিল।৩৪ তেওঁ লাহোৰ মহিলা মহাবিদ্যালয়ৰ পৰা কলা বিষয়ত ডিগ্ৰী লাভ কৰে আৰু লাহোৰৰ “ছাৰ গংগা ৰাম প্ৰশিক্ষণ মহাবিদ্যালয়’’ৰ পৰা শিক্ষকতাৰ ডিগ্ৰী লাভ কৰে।৩ তেওঁ ব্ৰিটিছ ভাৰতৰ অবিভক্ত পঞ্জাৱৰ ৰাজ্যিক বেডমিণ্টন চেম্পিয়ন আছিল।৫

কমলা নেহৰুৰ ভাতৃ আৰু ভাৰতৰ লক্ষ্ণৌত ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা প্ৰখ্যাত উদ্ভিদবিদ কৈলাস নাথ কৌলৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ভাৰত-তিব্বতীয় সীমান্ত আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান গৌতম কৌল৬ আৰু চলচ্চিত্ৰ সমালোচক৭ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসক বিক্ৰম কৌল৮ তেওঁলোকৰ পুত্ৰ। সমাজকৰ্মী তথা কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী দীপা কৌল তেওঁলোকৰ কন্যা।৯ জৱাহৰলাল নেহৰু আছিল শীলা কৌলৰ ভিনিহিয়েক, ইন্দিৰা গান্ধী আছিল তেওঁৰ ভাগিনী, আৰু ৰাজীৱ গান্ধী আছিল তেওঁৰ ভাগিনী নাতি। ১৯৪০ চনৰ বলীউডৰ ছুপাৰষ্টাৰ প্ৰেম আদিব তেওঁৰ সম্পৰ্কীয় আছিল।১০

ৰাজনৈতিক জীৱন

শীলা কৌল ১৯৫৯–৬৫ চনৰ সময়ছোৱাত লক্ষ্ণৌ পৌৰ নিগমৰ কৰ্পৰেটৰ আছিল আৰু ১৯৬৮–৭১ চনৰ সময়ছোৱাত উত্তৰ প্ৰদেশ বিধান পৰিষদৰ সদস্য আছিল। তেওঁ পাঁচবাৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল – ১৯৭১, ১৯৮০ আৰু ১৯৮৪ চনত লক্ষ্ণৌৰ পৰা, আৰু ১৯৮৯ আৰু ১৯৯১ চনত ৰায়ে বৰেলীৰ পৰা। ১৯৮০–৮৪ আৰু ১৯৯১–৯৫ চনত ভাৰতৰ কেবিনেটত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯৫–৯৬ চনত হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩

কৌলে ১৯৭৫ চনত বাৰ্লিনলৈ ইণ্টাৰনেছনেল ৱ’মেন কংগ্ৰেছ যোগ দিয়া ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল; ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থা সম্পৰ্কীয় আয়োগৰ আন্তৰ্জাতিক সন্মিলন, ১৯৮০ চনত কোপেনহেগেন, ১৯৮০ চনত ছফিয়াত মানৱ আৰু সমাজৰ উন্নয়নৰ বাবে সংস্কৃতিৰ ভূমিকা সম্পৰ্কীয় আন্তৰ্জাতিক সন্মিলন, ১৯৮২ আৰু ১৯৮৩ চনত পেৰিছৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা সাধাৰণ সন্মিলনৰ অধিৱেশন, ১৯৮৩ চনত পিয়ংইয়াঙত নন-এলাইন আৰু অন্যান্য উন্নয়নশীল দেশৰ শিক্ষা আৰু সংস্কৃতি মন্ত্ৰীসকলৰ প্ৰথম সন্মিলন, ১৯৮৪ চনত জেনেভাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শিক্ষা সন্মিলন, ১৯৮৫ আৰু ১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ১৯৯০ চনত ইউৰোপীয় সংসদত যোগ দিছিল। ১৯৮৮ চনত তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা হয়।৩

কৌলে ভাৰতৰ সংসদত ১৯৯১ চনত সংবিধান সংশোধনী বিধেয়ক(চৌসত্তৰ সংশোধনী) উত্থাপন কৰে, যি ১৯৯২ চনত গ্ৰহণ কৰা হৈছিল।১১১২ তেখেতে সংসদত ১৯৮১ চনৰ এ এম ইউ (সংশোধনী) বিল, যি একে বছৰতে প্ৰণয়ন কৰা হয়, উত্থাপন কৰে।১৩ সংসদত থকাৰ সময়ত তেওঁ কমিটি অন পাব্লিক অণ্ডাৰটেকিংছ (১৯৮০–৮৪), কমিটি অন প্ৰিভিলেজ (১৯৮০–৮৪), জইণ্ট কমিটি অন টেক্সেচন (সংশোধনী) বিল (১৯৮০–৮৪), কনচালটেটিভ কমিটি, বিমান পৰিবহণ (১৯৯০), আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয় সমিতি (১৯৯০) চিভিল মন্ত্ৰালয়ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩

১৯৯৬ চনৰ এটা গোচৰৰ আধাৰত এখন অভিযোগনামাত প্ৰাক্তন কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত দুজন কৰ্মচাৰী আৰু আন চল্লিশজনৰো অধিক ব্যক্তিৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল, কাৰণ তেওঁ স্বাৰ্থৰ বাবে চৰকাৰী দোকান ভাড়াত দিছিল। চিবিআইয়ে অৱশ্যে তেওঁৰ আয়ৰ সমানুপাতিক কোনো সম্পত্তি জব্দ কৰা নাছিল, ইয়াৰ অৰ্থ হৈছে যে, তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো প্ৰমাণ নাই।১৪ বিচাৰ অনুষ্ঠিত নকৰাকৈ বা কৌলক নিজৰ পক্ষ লোৱাৰ সুযোগ নিদিয়াকৈ১৫ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ১৯৯৬ চনত কৌলক বিবেচনাধীন কোটাৰ অধীনত ৫২খন দোকান আৰু কিয়স্ক ভাড়াত দিয়াৰ বাবে ৬ মিলিয়ন টকা জৰিমনা বিহে। .১৬ ২০০২ চনত কৌলে দাখিল কৰা পুনৰীক্ষণ আবেদনৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই জৰিমনা বাতিল কৰিছিল।১৭ অভিযুক্ত কৌলক ছেচন আদালতত বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল, লগতে দোষী সাব্যস্ত হোৱাৰ আদেশৰ বিৰুদ্ধে, যদি আছে, উচ্চ ন্যায়ালয় আৰু শেষত উচ্চতম ন্যায়ালয়ৰ সন্মুখত আপীল দাখিল কৰাৰ অধিকাৰৰ পৰাও বঞ্চিত হৈছিল।১৫ ২০১৩ চনত ৯৯ বছৰীয়া কৌলে চিবিআইৰ বিশেষ ন্যায়াধীশৰ ২০১২ চনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল, য’ত তেওঁৰ বিৰুদ্ধে আউট অৱ টাৰ্ণ আবণ্টনৰ অভিযোগৰ উত্তৰ দিবলৈ তেওঁক এম্বুলেন্সত আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল।১৮ কৌলৰ অধিবক্তাই দাবী কৰিছিল যে, বৃদ্ধাৱস্থা আৰু অসুস্থতাৰ বাবে তেওঁ যুক্তিসংগত উত্তৰ দিবলৈ বা ব্যক্তিগতভাৱে দেখা দিবলৈ অক্ষম। তেওঁলোকে যুক্তি দিছিল যে, ২০১২ চনত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ মেডিকেল ব’ৰ্ডে কৌলৰ দৈনন্দিন পৰিঘটনাৰ বিষয়ে বোধ ক্ষমতা “বিকল” হোৱা বুলি ৰিপ’ৰ্ট দিয়াৰ পিছতো ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে কাউলৰ সকাহৰ আবেদন খাৰিজ কৰিছিল।১৮ কৌলৰ মৃত্যুৰ এবছৰৰ পাছত ২০১৬ চনত বিশেষ আদালতে তেওঁৰ প্ৰাক্তন অতিৰিক্ত ব্যক্তিগত সচিব ৰাজন লালা নামৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক কৌলৰ মন্ত্ৰিত্বৰ কালত আবণ্টন কেলেংকাৰীত ভূমিকা লোৱাৰ বাবে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।১৯

২০১৫ চনৰ ১৩ জুনত ভাৰতৰ গাজিয়াবাদত ১০০ বছৰ বয়সত শীলা কৌলৰ মৃত্যু হয়।৪২০ তেওঁৰ মৃত্যুত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শোক প্ৰকাশ কৰি তেওঁক জাতিটোৰ প্ৰতি কৰা বিশিষ্ট সেৱাৰ বাবে স্মৰণ কৰে: "শ্ৰীমতী কৌল আছিল এগৰাকী বিশিষ্ট সংসদ সদস্য আৰু সক্ষম প্ৰশাসক যিয়ে বিভিন্ন পদবীত থাকি জাতিৰ প্ৰতি সেৱা আগবঢ়াইছিল। এগৰাকী বহুমুখী ব্যক্তিত্ব, শ্ৰীমতী কৌলে কাম কৰিছিল।" কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্য আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে তেওঁৰ মূল্যৱান অৱদান আৰু ৰাজহুৱা জীৱনত উৎকৃষ্ট সেৱাৰ কথা সদায় মনত ৰাখিব।"৯ তেওঁৰ মৃত্যুক ভাৰতীয় জাতীয় কংগ্ৰেছেও শোক প্ৰকাশ কৰে।২১

পদবী

  • ১৯৭১-৭৭: সংসদৰ সদস্য, ৫ম লোকসভা (লক্ষ্ণৌ)
  • ১৯৮০-৮৪: সংসদৰ সদস্য, সপ্তম লোকসভা (লক্ষ্ণৌ)
  • ১৯৮০–৮৪: সংস্কৃতি, শিক্ষা আৰু সমাজ কল্যাণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব); ইউনেস্ক'ৰ সৈতে সহযোগিতাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি২২২৩
  • ১৯৮৪-৮৯: সংসদৰ সদস্য, অষ্টম লোকসভা (লক্ষ্ণৌ)
  • ১৯৮৯-৯১: সংসদৰ সদস্য, নৱম লোকসভা (ৰায় বৰেলী)
  • ১৯৯১-৯৫: সংসদৰ সদস্য, দশম লোকসভা (ৰায় বৰেলী)
  • ১৯৯১–৯৫: কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী
  • ১৯৯৫: কেন্দ্ৰীয় নগৰ পৰিক্ৰমা আৰু নিয়োগ মন্ত্ৰী
  • ১৯৯৫–৯৬: হিমাচল প্ৰদেশৰ ৰাজ্যপাল

তথ্যসূত্ৰ

  1. ↑ (7 February 2015). Sheila Kaul is 101. Business Standard India
  2. ↑ (7 February 2015). Sheila Kaul, the Grand old Lady, turns 101
  3. ↑ Members Bioprofile. 164.100.47.132
  4. ↑ (14 June 2015). Veteran Congress leader Sheila Kaul no more. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (14 June 2015). Veteran Congress leader, former Union Minister Sheila Kaul passes away
  6. ↑ Pt.Gautam Kaul. Delhigovt.nic.in
  7. ↑ Kaul Nominated As Member of Sport Cinema Commission of IOA. Tugofwarindia.gov.in
  8. ↑ India Empire. India Empire
  9. ↑ (15 June 2015). President of India condoles the passing away of Smt. Sheila Kaul. Business Standard India
  10. ↑ Gandhi, Sonia. (2004). Two Alone, Two Together: Letters Between Indira Gandhi and Jawaharlal Nehru 1922–1964. Penguin. পৃ. xxi. ISBN 9780143032458
  11. ↑ The Constitution (Amendment). Indiacode.nic.in
  12. ↑ Archived copy
  13. ↑ (4 November 2005). Defining moment. Frontline.in
  14. ↑ President's comments send corruption cases back to cold storage
  15. ↑ Palushkar VG. Judicial Activism. The Law Review GLC. পৃ. 56–67 www.docstoc.com/docs/47549596/JUDICIAL-ACTIVISM-)
  16. ↑ (30 November 1996). 'Supreme Court appears to have struck yet another blow for executive accountability': EDITOR'S NOTE – India Today. Indiatoday.intoday.in
  17. ↑ (20 February 2002). SC waives damages imposed on Sheila Kaul. দ্য হিন্দু
  18. ↑ (6 April 2013). At 99, fight against ambulance summons. Telegraphindia.com
  19. ↑ (5 September 2016). Shops allotment scam: Court gives two-year jail to ex-govt official. The Economic Times
  20. ↑ (15 June 2015). Former Cabinet minister Sheila Kaul dies at 101
  21. ↑ (15 June 2015). Congress condoles the death of veteran party leader Sheila Kaul
  22. ↑ Indian National Commission for Cooperation with UNESCO
  23. ↑ Former Ministers, Ministry of Human Resource Development

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদশিক্ষাবিদসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা কৌল” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৮১ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।