শূলমিত আলোনি (Shulamit Aloni; ২৭ ডিচেম্বৰ ১৯২৭ – ২৪ জানুৱাৰী ২০১৪)১ এগৰাকী ইজৰাইলী ৰাজনীতিবিদ। তেওঁ ৰাটজ্ পাৰ্টি প্ৰতিষ্ঠা কৰা, মেৰেট্জ দলৰ নেত্ৰী৷ তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈকে শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। আলোনিয়ে ২০০০ চনত ইজৰাইল বঁটা লাভ কৰে।
জীৱনী
শূলমিত এডলাৰৰ পোলেণ্ডত জন্ম হৈছিল।২ তেওঁৰ মাক চিলাইকাৰী আৰু দেউতাক কাঠমিস্ত্ৰী আছিল, দুয়োজনেই পোলেণ্ডৰ ৰাব্বি পৰিয়ালৰ বংশধৰ। সৰুতে পৰিয়ালটোৱে বাধ্যতামূলক পেলেষ্টাইনলৈ প্ৰব্ৰজন কৰিছিল আৰু আলোনি টেল আভিভত ডাঙৰ-দীঘল হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁক বৰ্ডিং স্কুললৈ পঠিওৱা হৈছিল আৰু পিতৃ-মাতৃয়ে ব্ৰিটিছ সেনাবাহিনীত কৰ্মৰত আছিল। যৌৱনাৱস্থাত তেওঁ সমাজবাদী জিয়নিষ্ট হাশ্বোমেৰ হাটজাইৰ যুৱ আন্দোলন আৰু পালমাচৰ সদস্য আছিল। ১৯৪৮ চনৰ আৰব-ইজৰাইল যুদ্ধৰ সময়ত জেৰুজালেমৰ পুৰণি চহৰৰ বাবে সামৰিক সংগ্ৰামত জড়িত হৈ জৰ্ডানৰ বাহিনীয়ে বন্দী কৰে।৩ ইজৰাইল ৰাষ্ট্ৰ স্থাপনৰ পিছত তেওঁ শিশু শৰণাৰ্থীৰ সৈতে কাম কৰিছিল আৰু অনুপ্ৰৱেশকাৰী শিশুৰ বাবে এখন বিদ্যালয় স্থাপন কৰাত সহায় কৰিছিল। আইন অধ্যয়ন কৰি থাকোঁতে তেওঁ এখন বিদ্যালয়ত অধ্যাপনা কৰিছিল।.৪১৯৫২ চনত ইজৰাইল লেণ্ডছ এডমিনিষ্ট্ৰেচনৰ প্ৰতিষ্ঠাপক ৰিউভেন আল’নিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ ক্ফাৰ শ্বমাৰিয়াহুলৈ গুচি যায়।
১৯৫৯ চনত আলোনিয়ে মাপাইত যোগদান কৰে। তেওঁ এটৰ্নী হিচাপে কাম কৰে, সাধাৰণ ইজৰাইলীক আইনী পৰামৰ্শ দিয়া আফটাৰ ৱৰ্কিং আৱাৰছ নামৰ এটা ৰেডিঅ' অনুষ্ঠান আয়োজন কৰে আৰু য়েডিয়ট আহ্ৰ'নথ কাকত আৰু সাপ্তাহিক লাইছাৰ বাবে স্তম্ভ লিখে।৫৬
১৯৯৩ চনত অস্লো চুক্তি স্বাক্ষৰ কৰাৰ পিছত আলোনিয়ে নিজৰ আৱেগ প্ৰকাশ কৰে যে এই চুক্তিসমূহ ঐতিহাসিক পৰিসৰত এক ইতিবাচক টাৰ্নিং পইণ্ট আছিল: "মই অনুভৱ কৰোঁ যে ২৯ নৱেম্বৰত [পেলেষ্টাইনৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভাজন পৰিকল্পনাৰ তাৰিখ]; আমি তেতিয়া নাজানিছিলোঁ যে আমি কি দিশলৈ গৈ আছোঁ, কিন্তু আমি জানিছিলোঁ যে আমি এক মহান দিনৰ বাবে আগবাঢ়িছোঁ।"৭
২০১৮ চনত শূলমিত আলোনি বঁটা প্ৰতিষ্ঠা কৰা হয়।৯ এই বঁটাটো আলোনিৰ পৰিয়ালৰ সদস্য আৰু আগশাৰীৰ সংবাদ মাধ্যম আৰু সাংস্কৃতিক পেছাদাৰীসকলৰ এটা দলে সৃষ্টি কৰা অ-লাভজনক সংস্থা শূলমিত আলোনি সংস্থাই প্ৰদান কৰে।১০
তথ্যসূত্ৰ
- ↑ Mira Bar-Hillel. (29 January 2014). Shulamit Aloni: Politician who championed human rights and was fiercely critical of Israel's treatment of Palestine. The Independent
- ↑ (2021-06-23). Shulamit Aloni. Jewish Women's Archive
- ↑ Shulamit Aloni আৰ্কাইভ কপি Jewish Virtual Library; accessed January 25, 2014
- ↑ Shulamit Aloni · Jewish Women's Archive. jwa.org
- ↑ Slater, Elinor; Slater, Robert. (1994). Great Jewish Women. Jonathan David Publishers. পৃ. 24. ISBN 978-0-8246-0370-0
- ↑ Morgan, Robin. (2016-03-08). Sisterhood Is Global: The International Women's Movement Anthology. Open Road Media. ISBN 978-1-5040-3324-4
- ↑ Shulamit (Adler) Aloni (Hebrew). palmach.org.il
- ↑ "Aloni is an outspoken atheist who has been a very controversial figure in Israeli politics. As former Minister of Education, her efforts to secularize instruction in Israeli state schools had drawn the ire of the Orthodox rabbinate which possesses great political clout in Israel. In a country where conflicts between secular and religious Jews has intensified in recent years she has been unabashedly on the side of secularism. " Celebatheists – Shulamit Aloni
- ↑ קרן שולמית אלוני ותיאטרון יפו יעניקו פרס חדש ליוצרים ערבים ויהודים. הארץ
- ↑ (2018-04-04). פרס היצירה על שם שולמית אלוני · עדכון חדשות. הטלוויזיה החברתית
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শূলমিত আলোনি” প্ৰবন্ধৰ সংশোধন ৬৪০২৩৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।