অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিৱালিকা ওবেৰয়

শিৱালিকা ওবেৰয় (জন্ম: ২৪ জুলাই ১৯৯৫) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰাৰম্ভিক অভিনয় জীৱনৰ কামসমূহৰ ভিতৰত য়ে চালী আশিকী (২০১৯) আৰু খোদা হাফিজ (২০২০) অন্যতম।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শিৱালিকা ওবেৰয় (জন্ম: ২৪ জুলাই ১৯৯৫)১ — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ভাষা চলচ্চিত্ৰত অভিনয় কৰে।২ তেওঁৰ প্ৰাৰম্ভিক অভিনয় জীৱনৰ কামসমূহৰ ভিতৰত য়ে চালী আশিকী (২০১৯) আৰু খোদা হাফিজ (২০২০) অন্যতম।৩৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ওবেৰয়ৰ মাতৃ চাৰিনা ওবেৰয় এগৰাকী শিক্ষয়িত্ৰী আছিল। তেওঁৰ ককাক মহাবীৰ ওবেৰয় (যাৰ মৃত্যুৰ সময়ত শিৱালিকাৰ পিতৃ অতি কম বয়সীয়া আছিল) ১৯৬৭ চনত চেবা এণ্ড হাৰকিউলিচ নামৰ এখন বলিউডৰ ছবি নিৰ্মাণ কৰিছিল।৫

ওবেৰয়ে মুম্বাইৰ আৰ্য বিদ্যা মন্দিৰ স্কুল আৰু জামনাবাই নাৰ্চী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী আৰু মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰি থকাৰ সময়তে তেওঁ অনুপম খেৰৰ এক্টিং ইনষ্টিটিউট অ্যাক্টৰ প্ৰিপেয়াৰ্ছৰপৰা ৩ মহীয়া ডিপ্লমা পাঠ্যক্ৰম সম্পন্ন কৰিছিল।৫

কেৰিয়াৰ

স্নাতক ডিগ্ৰী লাভ কৰাৰ অলপ পাছতেই তেওঁ নাদিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কিক (২০১৪) আৰু হাউচফুল ৩ (২০১৬) ছবিৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে।৬ ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰে আৰু প্ৰথমখন ছবিত কাম পোৱাৰ আগতে বিজ্ঞাপন আৰু মডেলিং নিযুক্তি গ্ৰহণ কৰে।৭

অভিনয়ত প্ৰৱেশ কৰাৰ আগতে ওবেৰয়ে নাদিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট প্ৰডাকচনৰ ছবি কিক (২০১৪) আৰু হাউচফুল ৩ (২০১৬)ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। তেওঁ ২০১৯ চনত অমৰীশ পুৰীৰ নাতি বৰ্ধন পুৰীৰ সৈতে ৰোমাণ্টিক থ্ৰিলাৰ ছবি য়ে চালী আশিকীৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।৮ এই ছবিখন চেৰাগ ৰূপাৰেলৰদ্বাৰা পৰিচালিত আৰু পেন ইণ্ডিয়া লিমিটেড তথা অমৰীশ পুৰী ফিল্মছে প্ৰযোজনা কৰিছিল।৯ ফাৰুক কবিৰৰদ্বাৰা পৰিচালিত আৰু বিদ্যুৎ জামুৱালৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি খোদা হাফিজ ২০২০ চনৰ ১৪ আগষ্টত মুক্তি পায়।১০১১

ব্যক্তিগত জীৱন

২০১৮ চনৰ ১৫ জানুৱাৰীত ওবেৰয়ে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক অভিনেতা কৰম ৰাজপালৰ সৈতে বাগদান সম্পন্ন কৰা বুলি বাতৰি প্ৰকাশ পাইছিল।১২ অৱশ্যে ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁ বাগদানৰ বাতৰি অস্বীকাৰ কৰে আৰু ইয়াক মিছা বুলি অভিহিত কৰে।১৩

২০২৩ চনত স্বামী অভিষেক পাঠকৰ সৈতে ওবেৰয়
২০২৩ চনত স্বামী অভিষেক পাঠকৰ সৈতে ওবেৰয়ছবি: Bollywood Hungama · CC BY 3.0

২০২২ চনৰ ২৪ জুলাইত ওবেৰয়ে চলচ্চিত্ৰ নিৰ্মাতা অভিষেক পাঠকৰ সৈতে বাগদান সম্পন্ন কৰে।১৪১৫ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকে গোৱাত বিবাহপাশত আবদ্ধ হয়।১৬

তথ্যসূত্ৰ

  1. ↑ Stars who made their Bollywood debut in 2019. Indiatimes
  2. ↑ Exclusive! "It is my dream to work opposite Salman Khan", says Shivaleeka Oberoi who earlier worked with him as an assistant director in 'Kick' - Times of India. The Times of India
  3. ↑ Filmfare Awards 2020 Nominations · 65th Filmfare Awards 2020. filmfare.com
  4. ↑ Nominations for the 65th Filmfare Awards 2020 are out! - Times of India ►. The Times of India
  5. ↑ 'Akshay Kumar made me cry! '. Rediff
  6. ↑ Shivaleeka Oberoi: I led a life away from cinema, but it still found its way to me - Times of India. The Times of India
  7. ↑ 'Yeh Saali Aashiqui' motion poster: Vardhan Puri and Shivaleeka Oberoi's debut film to release on November 22 - Times of India. The Times of India
  8. ↑ (2019-10-17). Amrish Puri's grandson Vardhan to debut with 'Yeh Saali Aashiqui'. Business Standard India
  9. ↑ (5 November 2019). Yeh Saali Aashiqui trailer: Amrish Puri's grandson Vardhan makes film debut in this romantic thriller. Firstpost
  10. ↑ (2020-07-25). Khuda Hafiz trailer: Vidyut Jammwal has nothing to lose as he goes on a rampage to find missing wife. Hindustan Times
  11. ↑ Maru, Vibha. (August 15, 2020). Khuda Haafiz Movie Review: Vidyut Jammwal unleashes fury and layers it with emotions. India Today
  12. ↑ (2018-01-17). CONGRATS! Karam Rajpal gets ENGAGED with Shivaleeka Oberoi. news.abplive.com
  13. ↑ नामकरण फेम एक्ट्रेस ने अपनी सगाई की खबरों को बताया झूठा, बोलीं- मैं सिंगल हूं. aajtak.intoday.in
  14. ↑ (2022-10-10). Abhishek Pathak and Shivaleeka Oberoi plan to get married soon. Firstpost
  15. ↑ Abhishek and I will get married soon, says Shivaleeka Oberoi - Times of India. The Times of India
  16. ↑ First photos from Drishyam 2 director Abhishek Pathak and actor Shivaleeka Oberoi's wedding are here, Ajay Devgn attends. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱালিকা ওবেৰয়” প্ৰবন্ধৰ সংশোধন ৫৯৭৭৩০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।