শোভানা ভাৰতীয়া ( Shobhana Bhartia) (জন্ম ৪ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী৷ তেওঁ ভাৰতৰ অন্যতম বৃহৎ বাতৰি কাকত আৰু মিডিয়া হাউচ এইচ টি মিডিয়া (HT Media)ৰ অধ্যক্ষ আৰু সম্পাদকীয় পৰিচালক। ১ শেহতীয়াকৈ তেওঁ BITS School of Management আৰু Birla Institute of Technology and Science ৰ আচাৰ্য্য (Pro-Chancellor) হিচাপেও দায়িত্ব গ্ৰহণ কৰিছে।
শোভানা ভাৰতীয়াই ২০০৬ চনৰ পৰা ২০১২ চনলৈকে ভাৰতীয় সংসদৰ ৰাজ্যসভাৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৬ চনত ফৰ্বছ আলোচনীয়ে তেওঁক বিশ্বৰ ৯৩ সংখ্যক প্ৰভাৱশালী মহিলা হিচাপে তালিকাভুক্ত কৰিছিল।২
শিক্ষা
শোভানা ভাৰতীয়াই ১৯৫৭ চনৰ ৪ জানুৱাৰীত জন্মগ্ৰহণ কৰে। ৩৪ তেওঁ ভাৰতীয় উদ্যোগপতি তথা কংগ্ৰেছ দলৰ সদস্য কে কে বিৰলাৰ কন্যা আৰু বিৰলা পৰিয়ালৰ পিতৃপুৰুষ জি ডি বিৰলাৰ নাতিনী। তেওঁ কলকাতাত শৈশৱ আতিবাহিত কৰে আৰু লৰেটো হাউচ (Loreto House)ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ৫ পৰৱৰ্ত্তী সময়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৬
কৰ্মজীৱন
ভাৰতীয়াই ১৯৮৬ চনত ২৯ বছৰ বয়সত মুখ্য কাৰ্যবাহী হিন্দুস্তান টাইমছত যোগদান কৰে। ৭ তেওঁ হিন্দুস্তান টাইমছৰ সম্পাদকীয়ৰ লগতে আৰ্থিক দিশসমূহো চোৱাচিতা কৰে আৰু কাকতখনক এক নতুন দিকনিৰ্দেশন দিয়ে। তাৰোপৰি তেওঁ ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত এইচ টি মিডিয়াৰ ৰাজহুৱা ইকুইটি মুকলিৰ জৰিয়তে ৪০০ কোটি টকা সংগ্ৰহ কৰাৰ কৃতিত্ব লাভ কৰে।৮
ৰাজনৈতিক জীৱন
২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত ছোনিয়া গান্ধীৰ নেতৃত্বত শাসকীয় সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ পৰামৰ্শ অনুসৰি ভাৰতীয়া সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ মনোনীত হয়।৯ তেওঁ "শিশু বিবাহ (বিলোপ) আইন, ২০০৬ (The Child Marriage (Abolition) and Miscellaneous Provisions Bill, 2006)" উত্থাপন কৰে।১০
বঁটা আৰু সন্মান
- নেচনেল প্ৰেছ ইণ্ডিয়া বঁটা (১৯৯২)
- বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum)ৰ পৰা গ্ল’বেল লিডাৰ অৱ টুম’ৰ’ (Global Leader of Tomorrow) সন্মান (১৯৯৬)
- পি এইচ ডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (PHD Chamber of Commerce & Industry)ৰ পৰা ২০০১ চনৰ আউটষ্টেণ্ডিং বিজনেছ উইমেন সন্মান (২০০১)
- ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটা (২০০৫)
- ফৰ্বছ এছিয়া (Forbes Asia)ৰ ৫০ গৰাকী মহিলাৰ তালিকাত অন্তৰ্ভুক্তি ১১
- ASSOCHAM লেডিজ লীগৰ পৰা দিল্লীৰ শতিকাটোৰ সফল মহিলা বঁটা (Delhi Women of the Decade Achievers Award) (২০১৩)
বাহ্যিক সংযোগ
- Shobhana Bhartia on Forbes
তথ্যসূত্ৰ
- ↑ (24 September 2019). India's most powerful women in business: Guess which B'wood celeb is on it?. Yahoo!
- ↑ World's Most Powerful Women. Forbes
- ↑ Jain, Gunjan. (2018). Shobhana Bhartia: (Penguin Petit). Penguin Random House India Private Limited. ISBN 9789353054175
- ↑ Members Page. Rajya Sabha Secretariat
- ↑ Naazneen Karmali. (28 August 2008). Paper Tigress. Forbes
- ↑ HT Media Group Prospectus 12 August 2005
- ↑ Pradyuman Maheshwari. (20 April 2003). Top 50 power points in the media. Mid-Day
- ↑ (2 September 2005). HT Media debuts on BSE at Rs 685. দ্য হিন্দু Business Line
- ↑ (18 February 2006). Nominated to Rajya Sabha. দ্য হিন্দু
- ↑ (December 2006). The Child Marriage (Abolition) and Miscellaneous Provisions Bill, 2006. Parliament of India, ৰাজ্যসভা
- ↑ Scott, Mary E. "Asia's Women In The Mix, 2013: The Year's Top 50 for Achievement In Business". Forbes Asia. Retrieved 3 March 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভানা ভাৰতীয়া” প্ৰবন্ধৰ সংশোধন ৬০৩৬১১ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।