শোভনা নাৰায়ণ ( Shobana Narayana)এগৰাকী স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় কথক নৃত্যশিল্পী আৰু ভাৰতীয় অডিট আৰু একাউণ্টছ চাৰ্ভিচৰ এগৰাকী বিষয়া। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে৷ আৰু তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে।১ তেওঁ বিৰজু মহাৰাজৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ লৈছিল৷২
প্ৰাথমিক জীৱন আৰু শিক্ষা
কলকাতাৰ সাধনা বসু আৰু মুম্বাইৰ গুৰু কুণ্ডল লালে চাৰি বছৰ বয়সতে শোভনা নাৰায়ণক কথকত দীক্ষা দিছিল।৩ তেওঁ ভাৰতৰ দিল্লীৰ মিৰাণ্ডা হাউচত অধ্যয়ন কৰি ১৯৭২ চনত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৮ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা আৰু কৌশলগত অধ্যয়নত এম.ফিল আৰু ২০০১ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানত এম. ফিল ডিগ্ৰী লাভ কৰে৷ তাৰপিছত তেওঁ ইণ্ডিয়ান একাউণ্টচ আৰু চিভিল ছাৰ্ভিছত কেৰিয়াৰ বিষয়া হিচাপে কাম কৰিবলৈ লয়৪ আৰু ২০১০ চনত অৱসৰ গ্ৰহণ কৰে। ভাৰতত থকা অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূত (অৱসৰপ্ৰাপ্ত) ড°হাৰ্বাৰ্ট ট্ৰেক্সলৰ সৈতে তেওঁৰ বিবাহ হৈছে৷ ৫
কৃতিত্ব
“পাৰফৰ্মাৰ আৰু গুৰু’’ হিচাপে শোভনা নাৰায়ণে কেইবাটাও সন্মানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উৎসৱত আৰু কেইবাজনো ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ মুৰব্বীৰ আগত ব্যাপকভাৱে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে যুৱ প্ৰজন্মৰ কেইবাজনো কথক শিল্পীক প্ৰশিক্ষণ দিছে।৬ “কোৰিঅ'গ্ৰাফাৰ-পাৰফৰ্মাৰ’’ হিচাপে শোভনা নাৰায়ণে পশ্চিমীয়া শাস্ত্ৰীয় বেলে, ফ্লেমেংকো, টেপ নৃত্য, বৌদ্ধ সন্ন্যাসীৰ সৈতে বৌদ্ধ গীতৰ আগশাৰীৰ নৃত্যশিল্পীসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক কামৰ নেতৃত্ব দিছে আৰু প্ৰযোজনা কৰিছে, লগতে পশ্চিমীয়া শাস্ত্ৰীয় সুৰকাৰসকলৰ ৰচনাত নৃত্য কৰিছে৷ ১৯৯৪ চনত “দ্য ডন আফটাৰ’’ত পশ্চিমীয়া শাস্ত্ৰীয় নৃত্য-কথক-ফ্লেমেংকোৰ সৈতে জড়িত প্ৰথমখন ট্ৰিল’জীৰ সৃষ্টিশীল পৰিচালক-প্ৰযোজক-নৃত্যশিল্পী আছিল। নতুন দিল্লীত অনুষ্ঠিত ২০০৩ চনৰ ৬ষ্ঠ এবিলিম্পিকছৰ মুকলি আৰু সামৰণি অনুষ্ঠানৰ সৃষ্টিশীল পৰিচালকও আছিল। ২০১০ চনত কমনৱেলথ গেমছ দিল্লীৰ মুকলি আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছিল৷ তেওঁ কেইবাটাও ভাৰতীয় শাস্ত্ৰীয় নৃত্য শৈলীৰ আগশাৰীৰ নৃত্যশিল্পীৰ সৈতে কেইবাখনো সহযোগিতামূলক ৰচনাৰ নেতৃত্ব দিছে আৰু প্ৰযোজনা কৰিছে। এইবোৰৰ উপৰি শোভনা নাৰায়ণে ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় স্বাধীনতা দিৱসৰ সোণালী জয়ন্তী উদযাপনৰ মুকলি অনুষ্ঠানত শাস্ত্ৰীয় নৃত্যৰ ক্ৰম, ১৯৯৭ বেগম হজৰত মহলৰ ওপৰত প্ৰথম স্বাধীনতা যুদ্ধৰ ওপৰত বেলে, গুৰু গোবিন্দ সিঙৰ খালছা পন্থৰ ত্ৰিশ বছৰীয়া উদযাপনৰ বাবে বেলে ১৯৯৯ চনত আদি কাৰ্যক্ৰমৰ দ্বাৰা নিজৰ কৃতিত্বৰ পৰিচয় দিব পাৰিছে৷
তথ্যসূত্ৰ
- ↑ Famous Kathak Dancers. Bhavalaya
- ↑ Shovana Narayan Biography · Childhood, Family, Contribution to Kathak Dance, Facts. www.culturalindia.net
- ↑ S. Sahaya Ranjit. (November 13, 2006). Kathak dancer Shovana Narayan unfolds her life in 'Meandering Pastures of Memories'. India Today
- ↑ Shovana Narayan. Miranda House's website
- ↑ Chatterjee, Rupa. (2007). Raising a Daughter. পৃ. 127. ISBN 9788122308228
- ↑ India, The Dance. (2020-11-24). Shovana Narayan: A Dynamic Exponent of Kathak. THE DANCE INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভনা নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৫০৬৬০৪ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।