শিৱানী দেৱী নংমেইকাপাম (ইংৰাজী ভাষা: Sibani Devi Nongmeikapam; জন্ম: ১৩ জানুৱাৰী ২০০৭)১ মণিপুৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।১ তেওঁ ইণ্ডিয়ান উইমেনছ লীগত ইষ্ট বেংগলৰ হৈও খেলিছিল।২
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
দেৱী মণিপুৰৰ বাসিন্দা।
ভাৰতীয় প্ৰশিক্ষক জোয়াকিম আলেকজেণ্ডাৰচনে তেওঁক ২৩ জনীয়া ভাৰতীয় দলত নিৰ্বাচিত কৰিছিল আৰু তেওঁ বেংগালুৰুৰ পাডুকন - দ্ৰাবিড় চেণ্টাৰ ফৰ স্পৰ্টছ এক্সেলেন্সত অনুষ্ঠিত দুখন ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচৰ দ্বিতীয়খনত খেলিছিল।৩৪৫ এইদৰে ২০২৫ চনৰ ২ জানুৱাৰীত বাংগালুৰুত মালদ্বীপৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰীতি মেচত তেওঁ জ্যেষ্ঠ ভাৰতীয় দলত অভিষেক ঘটায়।৬ ২০২৩ চনৰ ২৬ এপ্ৰিলত কিৰ্গিজ গণৰাজ্যৰ বিশ্বকেকত অনুষ্ঠিত এএফচি অনুৰ্ধ-১৭ মহিলা এছিয়া কাপৰ যোগ্যতা অৰ্জনকাৰী পৰ্যায়ত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল আৰু বিজয়ী গলটো দিছিল। উক্ত খেলত তেওঁলোকে কিৰ্গিজ গণৰাজ্যক ১-০ গলত পৰাস্ত কৰিছিল। পৰৱৰ্তী সময়ত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এএফচি অনুৰ্ধ-১৭ মহিলা এছিয়ান কাপ কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় শিবিৰৰ অংশ আছিল।৭ ২০২৪ চনৰ ফেব্ৰুৱাৰ মাহত ঢাকাত অনুষ্ঠিত ছেফ অনুৰ্ধ-১৯ ফুটবল চেম্পিয়নশ্বিপত বিজয়ী হোৱা ভাৰতীয় দলটোৰো তেওঁ সদস্য আছিল।৮
২০২৩–২০২৪ বৰ্ষত তেওঁ ইণ্ডিয়ান উইমেনছ লীগত ইষ্ট বেংগলৰ হৈ খেলিছিল। ২০২৩ চনৰ ২৪ ডিচেম্বৰত সেতু এফ চিৰ বিৰুদ্ধে খেলা খেলখনত তেওঁ সমতা স্থাপনকাৰী গলটো দিছিল যদিও কলকাতাত অনুষ্ঠিত খেলখনত ইষ্ট বেংগল ৪-২ ব্যৱধানত পৰাস্ত হৈছিল।৯ ২০২৩ চনৰ ১০ ডিচেম্বৰত ভুৱনেশ্বৰত অনুষ্ঠিত ওড়িশা এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়ী হোৱা খেলখনতো তেওঁ এটা গল দিছিল।২
কেৰিয়াৰ পৰিসংখ্যা
আন্তঃৰাষ্ট্ৰীয়
| ৰাষ্ট্ৰীয় দল | বছৰ | অংশগ্ৰহণ | গল |
|---|---|---|---|
| ভাৰত | ২০২৫ | ১ | ১ |
| মুঠ | ১ | ১ |
বাহ্যিক সংযোগ
- অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ৱেবচাইটত শিৱানী দেৱী নংমেইকাপাম
তথ্যসূত্ৰ
- ↑ AIFF- Senior National Team - 7 Nongmeikapam Sibani Devi. www.the-aiff.com
- ↑ (2023-12-10). Indian Women's League: East Bengal pips Sports Odisha 2-0 to open campaign. Sportstar
- ↑ (2024-12-29). India women's football team coach Alexandersson announced 23-member squad for Maldives friendly. Sportstar
- ↑ India complete a Maldives massacre in FIFA Women's Friendly. ANI News
- ↑ (2024-12-30). 9 from NE in 23-member Women's India Football Squad. Northeast Live
- ↑ Debutant Lhingdeikim lights up the show with four goals as India maul Maldives again. www.the-aiff.com
- ↑ (2023-06-20). India U-17 women's football camp for AFC Asian Cup Qualifiers Round 2 from July 7. The Times of India
- ↑ (2024-02-09). Football, SAFF Women's U19 C'ships: India and Bangladesh share title after controversy marred final. Scroll.in
- ↑ (2023-12-24). Indian Women's League: Sethu FC wins 4-2 against East Bengal Women. www.dtnext.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱানী দেৱী নংমেইকাপাম” প্ৰবন্ধৰ সংশোধন ৬০৬০৮৯ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।