জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শাবাব মুস্তাফা
শাবাব মুস্তাফা (জন্ম ২১ জুলাই ১৯৮৬) এগৰাকী বংলাদেশী ৱেব ডেভেলপাৰ আৰু ৱিকিমিডিয়া বাংলাদেশৰ সভাপতি, লগতে একাউণ্টিঙৰ প্ৰাক্তন শিক্ষক, আৰু বাংলা ভাষাৰ প্ৰযুক্তি আৰু মুক্ত জ্ঞানৰ কৰ্মী। তেওঁ উবুন্টু আৰু লিনাক্স ব্যৱহাৰকাৰীৰ স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত।
-
শাম্মী (অভিনেত্ৰী)
নাৰ্গিছ ৰাবাদী ( Nargis Rabadi; ২৪ এপ্ৰিল ১৯২৯ – ৬ মাৰ্চ ২০১৮), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক মঞ্চনাম শাম্মীৰে অধিক পৰিচিত। তেওঁ দুশৰো অধিক হিন্দী ছবিত অভিনয় কৰিছিল।
-
শায়না আমিন
মাহমুদা আমিন শায়না (জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী প্ৰাক্তন বাংলাদেশী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা মডেল। ২০০৫ চনত ব্যাৱসায়িক বিজ্ঞাপনত অভিনয় কৰি তেওঁ মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৬ চনত 'ক্ৰছ কানেকচন' নামৰ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে।
-
শালিনী
শালিনী (পূৰ্বে বেবী শালিনী নামে জনাজাত; জন্ম ২০ নৱেম্বৰ ১৯৭৯) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু শিশু শিল্পী, যিয়ে মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৮০ দশকত শালিনী মালয়ালম আৰু তামিল চলচ্চিত্ৰত এগৰাকী জনপ্ৰিয় শিশু শিল্পী আছিল।
-
শালিনী পাণ্ডে
শালিনী পাণ্ডে (ইংৰাজী: Shalini Pandey; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু, হিন্দী আৰু তামিল ছবিত অভিনয় কৰে। পাণ্ডেই তেলুগু ছবি অৰ্জুন ৰেড্ডী (২০১৭)ৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।
-
শালুমাৰাদা থিম্মাক্কা
শালুমাৰাদা থিম্মাক্কা বা আলাদা মাৰাদা থিম্মাক্কা এগৰাকী ভাৰতীয় পৰিৱেশবিদ। তেওঁ হুলিকাল আৰু কুদুৰৰ মাজৰ চাৰি কিলোমিটাৰ দূৰত্বত ৩৮৫ জোপা বট গছ ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে বিশেষভাৱে বিখ্যাত। এতিয়ালৈকে তেওঁ প্ৰায় ৮০০০ গছ ৰোপণ আৰু প্ৰতিপালন কৰিছে।
-
শাহনূৰ
শাহনূৰ (ইংৰাজী: Shahnoor) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল যিয়ে চলচ্চিত্ৰ আৰু টেলিভিছন নাটকত অভিনয় কৰাৰ লগতে টিভি বিজ্ঞাপনত (TVC) মডেল হিচাপে কাম কৰিছে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে হাজাৰ বছৰ ধৰে, সাহসী মানুষ চাই, স্বপ্নৰ বাশৰ আৰু নয়ন ভৰা জল।
-
শাহাব হোছেইনী
চিয়্যেদ শাহাবেদিন হোছেইনী তূনেকাবোনী (জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৭৪), যাক পেছাদাৰীভাৱে শাহাব হোছেইনী বুলি জনা যায়, হৈছে এগৰাকী ইৰানী অভিনেতা আৰু প্ৰযোজক। এ কেণ্ডেল ইন দ্য উইণ্ড (২০০৩) আৰু ৰিডেম্পচন এট ৮:২০ (২০০৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ ক্ৰিষ্টাল…
-
শাৰদা শ্ৰীনিবাসন
শাৰদা শ্ৰীনিবাসন (ইংৰাজী: Sharada Srinivasan; জন্ম: ১৬ জানুৱাৰী ১৯৬৬) হৈছে এগৰাকী ভাৰতীয় শিল্প, পুৰাতত্ত্ব, প্ৰত্ন ধাতুবিজ্ঞান আৰু সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়নৰ বিশেষজ্ঞ আৰু পুৰাতত্ত্ববিদ।
-
শাৰদা শৰ্মা
শাৰদা শৰ্মা (নেপালী: शारदा शर्मा, জন্ম: ১৯৫৮) এগৰাকী নেপালী লেখিকা আৰু কবি। তেওঁৰ প্ৰথম উপন্যাস তাপৰ বাবে তেওঁ ২০১২ চনত পদ্মশ্ৰী সাহিত্য সম্মান লাভ কৰিছিল।
-
শাৰদা সিনহা
শাৰদা সিনহা (১ অক্টোবৰ ১৯৫২) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁ মূলতঃ মৈথিলী ভাষাৰ কণ্ঠশিল্পী যদিও তেওঁ ভোজপুৰী আৰু মগহী ভাষাৰ গীতটো কণ্ঠদান কৰিছে। তেওঁ ছট পূজাৰ গীত 'হো দিননাথ'ৰ মৈথিলী সংস্কৰণ গাই বিশেষভাবে জনাজাত হৈ পৰিছিল।
-
শাৰমীন শ্বাহৰিভাৰ
শাৰমীন শ্বাহৰিভাৰ (ফাৰ্চী: شرمینه شهریور; জন্ম ১৭ ছেপ্টেম্বৰ ১৯৮২) হৈছে এগৰাকী ইৰানী-জাৰ্মান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউৰোপ ২০০৫ৰ খিতাপ অৰ্জন কৰিছিল।
-
শাৰ্লি সেতিয়া
শাৰ্লি সেতিয়া এগৰাকী নিউজিলেণ্ডৰ গায়িকা আৰু অভিনেত্ৰী, যিয়ে ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ প্ৰাক্তন কেন্দ্ৰশাসিত অঞ্চল দমন আৰু দিউৰ অন্তৰ্গত দমনত জন্মগ্ৰহণ কৰি তেওঁ পৰিয়ালসহ অক্লেণ্ডলৈ স্থানান্তৰিত হয়।
-
শাৰ্লিন ফাৰজানা
শাৰ্লিন ফাৰজানা (Sharlin Farzana; জন্ম: ১৯৯০) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম বাংলাদেশৰ ঢাকাত হৈছিল।
-
শিখা বাৰ্মা
শিখা বাৰ্মা (Shikha Varma) হৈছে ঘনীভূত পদাৰ্থৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী সম্পৰীক্ষক। তেখেতৰ কৰ্মস্থান ভুৱনেশ্বৰস্থিত পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান। তেখেতেৰ গৱেষণাৰ বিচৰণথলী হৈছে:- পৃষ্ঠা বিজ্ঞান, প্ৰাৰম্ভিক পৰ্যায়ত Thin film ৰ বিকাশ আৰু বিকাশৰ ধৰণ, থিন ফিল্মৰ অণুবৈদ্যুতিক গঠন/দল গঠন, নেনোগঠন, আৰু…
-
শিখা সিং
শিখা সিং শ্বাহ (ইংৰাজী: Shikha Singh Shah; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ভাৰতীয় দূৰদৰ্শন জগতত কৰা কামৰ বাবে বিশেষভাৱে পৰিচিত।
-
শিখা স্বৰূপ
শিখা স্বৰূপ (Shikha Swaroop; জন্ম: ২৩ অক্টোবৰ ১৯৭০) হ'ল এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ১৯৮৮ চনৰ মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ লাভ কৰে।
-
শিঞ্জিনী ভটনাগৰ
শিঞ্জিনী ভটনাগৰ এগৰাকী ভাৰতীয় শিশু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ গৱেষণাক বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ২য় বিশ্ব কংগ্ৰেছ অৱ পেডিয়াট্ৰিক গেষ্ট্ৰ’এণ্টেৰ’লজী, হেপাট’লজী এণ্ড নিউট্ৰিচনত স্বীকৃতি দিয়ে।
-
শিপ্ৰা খান্না
শিপ্ৰা খান্না শিপ্ৰা খান্না এগৰাকী ভাৰতীয় চেলিব্ৰিটি চেফ, ৰেষ্টুৰেণ্টৰ মালিক, লেখিকা আৰু দূৰদৰ্শনৰ জনপ্ৰিয় ব্যক্তিত্ব। ২৯ বছৰ বয়সত ষ্টাৰ প্লাছত প্ৰচাৰিত ভাৰতীয় টেলিভিছন শ্ব' মাষ্টাৰচেফ ইণ্ডিয়া (২০১২)ৰ দ্বিতীয় ছিজনত জয়ী হোৱাৰ পাছৰ পৰাই তেওঁ পৰিচিত আৰু চৰ্চিত।
-
শিবা নাজাৰ আহাৰী
শিবা নাজাৰ আহাৰী (Shiva Nazar Ahari; জন্ম: ১০ জুন, ১৯৮৪) এগৰাকী ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু কমিটি অৱ হিউমেন ৰাইটছ ৰিপ'ৰ্টাৰৰ প্ৰতিষ্ঠাপক সদস্য। ইৰাণ চৰকাৰে তেওঁক কেইবাবাৰো কাৰাগাৰত ভৰাইছে।
-
শিবানী কাশ্যপ
শিবাণী কাশ্যপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বলীউড চলচ্চিত্ৰ জগতত কাম কৰে। তেওঁ টিভিৰ ৰিয়েলিটি চিংগিং শ্ব' বাথৰুম চিংগাৰৰ বিচাৰক হিচাপে কাম কৰিছে। অল ইণ্ডিয়া ৰেডিঅ’ আৰু অমুল ইণ্ডিয়াৰ এয়াৰ এফ এম চেনেলৰ চিগনেচাৰ টিউন গাই কাশ্যপে খ্যাতি অৰ্জন কৰিছিল।
-
শিলশিলা আচাৰ্য
শিলশিলা আচার্য (:Shilshila Acharya ) এগৰাকী নেপালৰ পৰিৱেশ বিজ্ঞানী, যিয়ে নেপালত প্লাষ্টিক পুনঃব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে সফল অভিযান আগবঢ়াইছে। তেওঁ নিজৰ দেশত প্লাষ্টিক বেগৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে ভ্ৰমণকাৰী পৰ্বতাৰোহীসকলে এৰি থৈ যোৱা আবৰ্জনা সংগ্ৰহ কৰিছে।
-
শিল্পা শিৰোদকাৰ
শিল্পা শিৰোদকাৰ (জন্ম ২০ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন ফটো মডেল, যিয়ে মূলতঃ ১৯৮৯ চনৰপৰা ২০০০ চনলৈ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৩ বছৰৰ বিৰতিৰ পিছত তেওঁ ২০১৩ চনত জি টিভিৰ ধাৰাবাহিক এক মুঠী আসমানৰ জৰিয়তে পুনৰ অভিনয় জগতলৈ উভতি আহে।
-
শিল্পী সিং
শিল্পী সিং (Shilpi Singh) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী ভাৰতৰ বিহাৰত গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ অধিকাৰ আৰু পুনৰ্বাসন, মানৱ সৰবৰাহৰ প্ৰতিৰোধ, বাল্যবিবাহ দিশত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।
-
শিল্পী সৰকাৰ অপু
শিল্পী সৰকাৰ অপু (ইংৰাজী: Shilpi Sarker Apu) এগৰাকী বাংলাদেশী অভিনেত্ৰী, নাট্যকাৰ আৰু শিক্ষাবিদ। তেওঁ মূলতঃ মঞ্চ নিৰ্মাণ, টেলিভিছন নাটক আৰু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। ১৯৮০-ৰ দশকত জনপ্ৰিয় টিভি ধাৰাবাহিক এই সব দিন ৰাত্ৰি-ত "শাহানা" চৰিত্ৰটো ৰূপায়ণ কৰি তেওঁ খ্যাতি লাভ কৰিছিল।
-
শিৱ খেৰা
শিৱ খেৰা (Shiv Khera) এজন ভাৰতীয় লেখক, কৰ্মী আৰু প্ৰেৰণাদায়ক বক্তা; তেওঁ ইউ কেন উইন গ্ৰন্থখনৰ বাবে বেছিকৈ পৰিচিত। তেওঁ ভাৰতত জাতিভিত্তিক সংৰক্ষণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে আৰু কান্ট্ৰী ফাৰ্ষ্ট ফাউণ্ডেশ্যন নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে।
-
শিৱদাস বন্দ্যোপাধ্যায়
শিৱদাস বন্দ্যোপাধ্যায় (২৭ ডিচেম্বৰ ১৯৩২ – ০৮ আগষ্ট ২০০৯) এজন বিশিষ্ট বাঙালী গীতিকাৰ আৰু কবি। গীত ৰচনাৰে কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত বাংলা চিনেমা আৰু আধুনিক সংগীতকাৰসকলৰ ভিতৰত শিৱদাস বন্দ্যোপাধ্যায় আছিল অন্যতম।
-
শিৱা আহমদী
শিৱা আহমদী ( Shiva Ahmadi; জন্ম: ১৯৭৫; পাৰ্চী: শিৱা احمدی) ইৰাণত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান শিল্পী, তেওঁৰ চিত্ৰকলা, ভিডিঅ' আৰু ইনষ্টলেচনৰ বাবে পৰিচিত। উত্তৰ আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ গেলেৰী আৰু সংগ্ৰহালয়ত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে।
-
শিৱাংগী যোশী
শিৱাংগী যোশী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ পৰৱৰিশ - কুছ খট্টী কুছ মিঠীত কেমিঅ' উপস্থিতিৰে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছত ২০১৩ চনত ত্ৰিশাৰ চৰিত্ৰত খেলতী হ্যায় জিন্দেগী আঁখ মিচোলীৰ জৰিয়তে পূৰ্ণাংগ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
শিৱাংগী সিং
ভাৰতীয় বিমানচালক (জন্ম ১৯৯৫) লেফটেনেণ্ট শিৱাংগী (জন্ম ১৫ মাৰ্চ ১৯৯৫ বিহাৰৰ মুজাফৰপুৰ জিলাৰ ফাতেহাবাদ গাঁৱৰ পৰা অহা লেফটেনেণ্ট শিৱাংগীয়ে ইয়াৰ পূৰ্বে পিলাটাছ বিমান উৰুৱাইছিল। লেফটেনেণ্ট শিৱাংগী (ভাৰতীয় নৌসেনা) আৰু বিমান(flight)লেফটেনেণ্ট শিৱাংগী সিং (ভাৰতীয় বায়ুসেনা) দুগৰাকী পৃথক ব্যক্তি।