শুচি ঠাকুৰ: Shuchi Thakur ভাৰতৰ হিমাচল প্ৰদেশৰ এগৰাকী পেছাদাৰী ৰেলী চালক।১২
তেওঁ ২০০৫ চনৰ পৰা ভাৰতত ক্ৰছ কান্টি এক্সট্ৰিম মটৰস্পৰ্টছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। ৰেইড ডি হিমালয়, মাৰুতি চুজুকি ডেজাৰ্ট ষ্টৰ্ম, আৰু এছজিঅ’বিএ চাব-হিমালয়ান ৰেলীৰ দৰে ক্ৰছ কান্টি ৰেলী, আদি কেইটামান ৰেলীৰ নাম ল’ব পাৰি যি বোৰত শুচিয়ে খেলি আহিছে। দেশত আয়োজিত অটোক্ৰছ ইভেণ্টতো তেওঁ ৰেচ খেলে। ক্ৰছ কান্টি ৰেলীত শুচিয়ে এখন মাৰুতি জিপ্সী গাড়ী চলায় প্ৰতিযোগিতাবোৰত অংশ লৈ আহিছে। জিপ্সীৰ উপৰিও তেওঁ অটোক্ৰছ ইভেণ্টত মাৰুতি চুজুকি জেন গাড়ীও চলাই আহিছে।৩৪৫৬৭৮
প্ৰশংসনীয় প’ডিয়াম ফিনিছিঙৰ ভিতৰত ২০১৩ চনত ৰেইড ডি হিমালয়ত টি২ শাখাত ২য় স্থান, ২০১৫ চনত ৰেইড ডি হিমালয়ত টি২ শাখাত ১ম স্থান আৰু ২০১৭ চনত টি ১ শাখাত ২য় স্থান লাভ কৰা ড্ৰাইভ কেটেগৰী আছে, ইয়াত তেওঁ মাৰুতি চুজুকি জিপ্সী গাড়ী চলাইছিল। আৰু উত্তৰ মণ্ডলৰ ১৪০০ চিচি শাখাত তৃতীয় স্থান লাভ কৰে যত তেওঁ মাৰুতি চুজুকি জেন চলাইছিল।৯১০
২০২২ চনৰ আগষ্ট মাহত হিমালয়াছ ৰেলীৰ টি ২ শাখাত তেওঁ ১ম স্থান দখল কৰে।
শিক্ষা
কাম্ব্ৰিয়া ইনষ্টিটিউট অৱ দ্য আৰ্টছ, ছেইণ্ট ষ্টিফেনছ কলেজ দিল্লী আৰু ৱেলহাম গাৰ্লছ হাইস্কুল ডেৰাডুনত শিক্ষা গ্ৰহণ কৰে।
বৰ্তমান নতুন দিল্লীত উইডেন আৰু কেনেডীৰ সৈতে কাম কৰি আছে।১১১২১৩১৪১৫১৬১৭
তথ্যসূত্ৰ
- ↑ Shuchi continues to break gender stereotypes. The Indian Express
- ↑ (August 6, 2018). Lady trio aims to conquer Himalaya. The Asian Age
- ↑ Himalayan Raid pits man and machine against the mountains. The Hindustan Times
- ↑ Need for speed takes her into rugged terrains. The Hindustan Times
- ↑ (2017-09-26). 19th edition of Raid de Himalaya starts from October 6. hindustantimes.com/
- ↑ (2013-09-23). Women to make mark in highest motorsport rally. The Indian Express
- ↑ Thakur, Shuchi. (2006-10-21). Here comes the Raid again. Business Standard India
- ↑ Motoring.com, IMH: BS. Notes from the Raid: The Parrot, the Coconut and the Gypsy
- ↑ Women power to the fore in Raid De Himalaya. Daily Pioneer
- ↑ There is many first in "Raid de Himalaya". Himsatta
- ↑ Leadership changes at W+K Delhi sees Shuchi Thakur and Molona Wati Longchar fill ECD roles. Campaign Brief Asia
- ↑ (2016-03-21). Royal Enfield Rides Into The Himalayas In An Epic New Indian Ad. Fast Company
- ↑ W+K People Archives - W+K Delhi. W+K Delhi
- ↑ W+K Delhi Go From Ace Cafe to Madras Cafe · LBBOnline
- ↑ Airbnb India: That's Why We Airbnb. wk.com
- ↑ (June 7, 2019). Airbnb launches first India specific integrated campaign 'That's Why We Airbnb'. Best Media Info
- ↑ (July 17, 2017). Wieden+Kennedy launches the Royal Enfield Protective Gear campaign. Exchange4Media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুচি ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৮২ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।