শেহনাজ মুন্নী (Shahnaz Munni, জন্ম ১৯৬৯) এগৰাকী বাংলাদেশী সাংবাদিক, কবি আৰু লেখক।১ ২০১৬ চনৰ জানুৱাৰী মাহৰপৰা তেওঁ ঢাকাস্থিত টেলিভিছন চেনেল নিউজ ২৪ৰ মুখ্য নিউজ এডিটৰ ৰূপে কৰ্মৰত।২ শেহনাজ শিশু কল্যাণমূলক কাম-কাজৰ সৈতে জড়িত।
জীৱনপঞ্জী
১৯৬৯ চনৰ ৮ ফেব্ৰুৱাৰীত ঢাকাত শেহনাজ মুন্নীৰ জন্ম হৈছিল। ঢাকাৰ হলি ক্ৰছ কলেজৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ ১৯৯৪ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি কৰিছিল।৩ ইয়াত তেওঁ সমাজ বিজ্ঞান পঢ়িছিল। স্নাতক পৰ্যায়ত পঢ়ি থাকোঁতেই সাংবাদিক হিচাপে ১৯৯৯ চনৰ আৰম্ভণিতে একুছে টেলিভিছনত তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ নিউজ ২৪ ৰ বিশেষ সংবাদদাতা হিচাপে যোগদান কৰে। নিউজ ২৪ত যোগদান কৰাৰ আগতে ২০০৩ চনত শেহনাজে এটিএন বাংলাত জ্যেষ্ঠ প্ৰতিবেদক হিচাপে কাম কৰি আছিল। ২০১৬ চনত, তেওঁক জ্যেষ্ঠ বাতৰি সম্পাদকলৈ পদোন্নতি দিয়া হৈছিল।২
শিশু কল্যাণমূলক কাম-কাজৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছিল। ২০০৬ চনৰ ছেপ্টেম্বৰ মাহত,শিশুৰ অধিকাৰৰ প্ৰতি সমাজৰ মনোভাৱ উন্নত কৰাৰ লক্ষ্যৰে ইউনিচেফৰ শিশু অধিকাৰ কবিতা মহোৎসৱত অৱদান আগবঢ়োৱা ২০ গৰাকী বিশিষ্ট কবিৰ ভিতৰত শেহনাজো এগৰাকী আছিল।৪ শিশু অধিকাৰৰ ক্ষেত্ৰত সামাজিক দৃষ্টিভংগী উন্নত কৰা এই উৎসৱৰ লক্ষ্য আছিল। ২০০৯ চনত তেওঁ শিশুসকলে নিচা কৰাৰ বিষয়ে এক বিশেষ প্ৰতিবেদন আগবঢ়াই শেহনাজে ১৮ বছৰতকৈ ওপৰৰ দূৰদৰ্শন সাংবাদিকতা শ্ৰেণীত মীনা মিডিয়া এৱাৰ্ডছৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। ২০১৩ চনত, তেওঁ এমচিআইপি (মাতৃ আৰু শিশু স্বাস্থ্য সংহত কাৰ্যসূচী)ৰ এম্বেচেডৰ অছিল আৰু আমজিৰিগঞ্জ আৰু নবীগঞ্জ উপজিলাৰ সম্প্ৰদায়সমূহ পৰিদৰ্শন কৰি মামনি চেভ দ্য চিল্ড্ৰেন প্ৰকল্পৰ বাবে শিশুৰ বিষয়ে লিখা ৫০টা সফল কাহিনী উপস্থাপন কৰিছিল।৫ তেওঁ বাংলাদেশত যক্ষ্মা প্ৰতিৰোধৰ বাবেও তেওঁ নিজৰ ফালৰপৰা অৱদান আগবঢ়াইছিল।৬
লেখিকা হিচাপে শেহনাজ এগৰাকী কবি, প্ৰবন্ধকাৰ, চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ শিশু সকলৰ বাবেও লিখে। তেওঁৰ চুটি গল্পৰ প্ৰথমখন সংকলন জ্বিনেৰ কান্না (দ্য স্পিৰিটছ ডটাৰ) ১৯৯৭ চনত প্ৰকাশ হৈছিল।৭ শেহনাজে গোৱেথ ইনষ্টিটিউটৰ দ্বাৰা আয়োজিত "কবিৰ অনুবাদত কবি" প্ৰকল্পত অংশগ্ৰহণ কৰিছিল; এই প্ৰকল্পৰ অধীনত ভাৰত আৰু দক্ষিণ এছিয়াৰ ভাষাসমূহক জাৰ্মান কবিতাৰে সৈতে পৰিচয় কৰাই দিয়া হৈছিল; অৰ্থাৎ এই ভাষাৰ কবিতাসমূহ জাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছিল। তেওঁৰ কেইবাটাও বাংলা কবিতা জাৰ্মানলৈ অনুবাদ কৰা হৈছিল আৰু তেৱোঁ আধুনিক জাৰ্মান কবি হেন্দ্ৰিক জেকছনৰ কবিতা অনুবাদ কৰিছিল।৮৯
ঢাকা বিশ্ববিদ্যালয়ৰ এগৰাকী সমাজ বিজ্ঞানৰ স্নাতক ৰূপে শেহনাজে লেখক আৰু সমালোচক আফচাৰ হুছেইনৰ সৈতে গৱেষণা কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ Shahnaz Munni. Goethe Institut
- ↑ (7 January 2016). Shahnaz Munni joins News 24. Daily Sun
- ↑ Shahnaz Munni. lirikline
- ↑ (27 September 2006). September 27, 2006: Poetry festival on rights of the child held in Dhaka. Unicef
- ↑ (25 March 2013). Journalist Shahnaz Munni, Maternal and Newborn Health Ambassador of MCHIP visited MaMoni Project. Save the Children
- ↑ (16 April 2015). BRAC Recognises media efforts to report on TB. BRAC
- ↑ Shahnaz Munni. Dahaka Tribune
- ↑ Hasan, Lamat R. (8 October 2016). Chapter & verse: poetic encounters for the love of language & culture. Catch News
- ↑ (11 September 2015). Poets Translating Poets at Goethe Institut today. The Independent
- ↑ shahnaz Munni. University of Dhaka
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেহনাজ মুন্নী” প্ৰবন্ধৰ সংশোধন ৫৬৪২৮৯ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।