অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শোভনা শৰ্মা

শোভনা শৰ্মা (Shobhona Sharma; জন্ম ৫ ফেব্ৰুৱাৰী ১৯৫৩) মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ ইমিউন’লজী, আণৱিক জীৱবিজ্ঞান, আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ অধ্যাপিকা। তেওঁ জৈৱবিজ্ঞান বিভাগৰ অধ্যক্ষও। তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল'।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শোভনা শৰ্মা (Shobhona Sharma; জন্ম ৫ ফেব্ৰুৱাৰী ১৯৫৩) মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ ইমিউন’লজী, আণৱিক জীৱবিজ্ঞান, আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ অধ্যাপিকা। তেওঁ জৈৱবিজ্ঞান বিভাগৰ অধ্যক্ষও। ১২ তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল'।

প্ৰাৰম্ভিক জীৱন

শোভোনা শৰ্মা (জন্ম বেনাৰ্জী)ৰ জন্ম হৈছিল কলিকতাৰ বাঙালী পিতৃ-মাতৃৰ ঘৰত। তেওঁ নতুন দিল্লীৰ লেডী ইৰউইন স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ দিল্লীৰ মিৰাণ্ডা হাউচত ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৭৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ ডক্টৰেট প্ৰগ্ৰেমত যোগদান কৰিছিল। তেওঁ আণৱিক জীৱবিজ্ঞানক নিজৰ বিশেষ বিষয় হিচাপে বাছি লৈছিল। এই সময়ছোৱাত শৰ্মাই চলিড-ষ্টেট ইলেক্ট্ৰনিকছৰ এগৰাকী সহযোগী ডক্টৰেট ছাত্ৰক লগ পায় আৰু পৰৱৰ্তী সময়ত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।

কেৰিয়াৰ

পিএইচ.ডি. সম্পূৰ্ণ কৰাৰ পিছত শৰ্মাই নিউয়ৰ্ক ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰত মেলেৰিয়া সম্পৰ্কীয় বিষয়ত প'ষ্ট ডক্টৰেল ফেল' হিচাপে আগুৱাই যায়। কিছু দিনৰ পাছত নৰ্থ কেৰ’লিনাৰ ৰিচাৰ্চ ট্ৰাইএংগল পাৰ্কত স্বামীয়ে চাকৰি কৰি থকাৰ বাবেই শৰ্মাই স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত ল’লে আৰু উপদেষ্টাৰ সহায়ত ড্যুক ইউনিভাৰ্চিটিত গৱেষণাৰ পদ এটা পালে। কন্যা সন্তানৰ জন্মৰ পাছত শৰ্মা আৰু তেওঁৰ স্বামী ভাৰতলৈ ঘূৰি আহিছিল, তেওঁ টি. আই. এফ. আৰ.-ত যোগদান কৰিছিল আৰু তেওঁৰ স্বামীয়ে‍ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, বোম্বাইত যোগদান কৰে।৩ ২০০৩ চনত শৰ্মা ভাৰতীয় বিজ্ঞান একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হয় আৰু ২০১৪ চনত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হয়।২

তথ্যসূত্ৰ

  1. ↑ Shobhona Sharma. Tata Institute of Fundamental Research
  2. ↑ Academy News. Proceedings of the Indian National Science Academy. Indian National Science Academy. পৃ. 1119–1138
  3. ↑ Hargittai. (2015). Women Scientists: Reflections, Challenges, and Breaking Boundaries. Oxford University Press. পৃ. 236–8. ISBN 9780199359981

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভনা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৩২৫২৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।