শৃংখলা খতিৱড়া (নেপালী ভাষা: शृङ्खला खतिवडा; ইংৰাজী ভাষা: Shrinkhala Khatiwada; জন্ম: ৩ নৱেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ নেপাল ৱৰ্ল্ড ২০১৮ জয় কৰিছিল।১২৩ তেওঁ মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ইশানী শ্ৰেষ্ঠৰ পিছত বিউটি উইথ এ পাৰপাজ বঁটা লাভ কৰা দ্বিতীয়গৰাকী নেপালী হিচাপে পৰিগণিত হয়।৪ তেওঁ মিছ ৱৰ্ল্ড ২০১৮-ৰ শীৰ্ষ ১২ জনী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু পাৰিবাৰিক পটভূমি
খতিৱড়াৰ জন্ম ১৯৯৫ চনৰ ৩ নৱেম্বৰত (১৭ কাৰ্তিক ২০৫২ বিক্ৰম সম্বত) বাগমতী প্ৰদেশৰ হেতাউদাত হৈছিল। তেওঁৰ পিতৃ বিৰোধ খতিৱড়া চি পি এন (ইউ এম এল) দলৰ এজন নেতা, যিয়ে ২০১৭ চনৰ সাধাৰণ নিৰ্বাচনত মকৱানপুৰ সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে কেন্দ্ৰীয় সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ মাতৃ মুনু চিগডেল খতিৱড়া চি পি এন (ইউ এম এল), মকৱানপুৰ জিলাৰ সভানেত্ৰী আৰু বাগমতী প্ৰদেশৰ ৰাজ্যিক সংসদৰ সদস্য। শৃংখলাৰ এজন ককায়েক আছে যাৰ নাম বিম্বা আৰু তেওঁ অষ্ট্ৰেলিয়াত থাকে। শৃংখলা ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অৱ এডুকেটৰ্ছ ফৰ ৱৰ্ল্ড পিচ (আই এ ই ডব্লিউ পি)-ৰ ৰাষ্ট্ৰীয় চ্যান্সেলৰ আৰু ওৱান হোম ফাউণ্ডেশ্যনৰ সভানেত্ৰী।৫৬৭
শিক্ষা
খতিৱড়াই হেতাউদা একাডেমীৰ পৰা এছ এল চি (ছেকেণ্ডাৰী লিভিং চাৰ্টিফিকেট) আৰু গোল্ডেনগেট ইণ্টাৰনেশ্যনেল কলেজৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, পুলচোক কেম্পাছত স্থাপত্যবিদ্যা (আৰ্কিটেকচাৰ) অধ্যয়ন কৰিছিল আৰু নিজৰ শ্ৰেণীত শীৰ্ষস্থান লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল।৮ পৰৱৰ্তী সময়ত তেওঁ হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ ডিজাইনত নগৰ পৰিকল্পনাৰ (আৰ্বান প্লেনিং) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৯
মিছ নেপাল ২০১৮
শৃংখলাই নিকিতা চন্দকৰ পৰা মিছ নেপাল ৱৰ্ল্ড ২০১৮ খিতাপ লাভ কৰে। তেওঁ আছিল ২৩তম মিছ নেপাল। তেওঁ এই প্ৰতিযোগিতাত আন ২৪ গৰাকী প্ৰতিযোগীৰ মাজত 'মিছ ফেচিনো' আৰু 'মিছ বিউটিফুল হেয়াৰ' উপ-খিতাপো জয় কৰিছিল। ২০১৮ চনৰ ১১ এপ্ৰিলত নেপালৰ ৰাজধানী কাঠমাণ্ডুত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।১
মিছ ৱৰ্ল্ড ২০১৮
শৃংখলাই আন ১১৮ গৰাকী প্ৰতিযোগীৰ সৈতে মিছ ৱৰ্ল্ড ২০১৮ খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ শীৰ্ষ ১২ জনী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰে। শেষত থাইলেণ্ডৰ নিকোলিন পিচাপা লিমছনুকান মিছ ৱৰ্ল্ড এছিয়া এণ্ড ওচেনিয়া হয়।১০
ৱৰ্ল্ড ডিজাইনাৰ প্ৰতিযোগিতা
ৱৰ্ল্ড ডিজাইনাৰ প্ৰতিযোগিতাৰ ৰাউণ্ডত ৰেম্প ৱাক কৰি থকাৰ সময়ত তেওঁ এটা সমস্যাৰ সন্মুখীন হৈছিল য’ত তেওঁৰ গাউনটোৰ এটা অংশ এম্ব্ৰয়ডৰীত লাগি ধৰিছিল আৰু গাউনটোৰ ফাঁকেৰে বাহিৰলৈ ওলাই আহিছিল।
হেড টু হেড চেলেঞ্জ
হেড টু হেড চেলেঞ্জৰ বাবে তেওঁক লাক্সেমবাৰ্গ, বছনিয়া আৰু হাৰ্জেগোভিনা, গুৱাম আৰু মলডোভাৰ প্ৰতিযোগীসকলৰ সৈতে ১৩ নম্বৰ গোটত ৰখা হৈছিল। শৃংখলাই ১৩ নম্বৰ গোটৰ পৰা হেড টু হেড চেলেঞ্জৰ প্ৰথম ৰাউণ্ডত জয়লাভ কৰে, কিন্তু দ্বিতীয় ৰাউণ্ডত ছিংগাপুৰৰ হাতত পৰাজিত হয়।১১
মাল্টিমিডিয়া বঁটা
২০১৮ চনৰ ৩ ডিচেম্বৰত মিছ ৱৰ্ল্ডৰ সকলো প্ৰতিযোগীৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰাৰ বাবে শৃংখলাক মিছ মাল্টিমিডিয়া বঁটা প্ৰদান কৰা হয়, যাৰ ফলত তেওঁ পোনপটীয়াকৈ মিছ ৱৰ্ল্ড ২০১৮-ৰ শীৰ্ষ ৩০ গৰাকী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰে।১২ সেইদিনা সন্ধিয়াই তেওঁ সৃষ্টিশীল সমল, বিভিন্ন এডিটিং ছফ্টৱেৰৰ ব্যৱহাৰ আৰু চানিয়া চহৰৰ বিষয়ে জ্ঞান প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি চানিয়া পৰ্যটন ভিডিঅ’ বঁটাত দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ দখল কৰে।১৩
বিউটি উইথ এ পাৰপাজ বঁটা
সাৱধানতাপূৰ্ণ বিচাৰ-বিবেচনাৰ দুটা পৰ্যায়ৰ অন্তত মিছ ৱৰ্ল্ডৰ বিচাৰক মণ্ডলীয়ে বাছনি কৰা ২৫টা ভিডিঅ’ৰ মাজৰ পৰা শৃংখলাৰ প্ৰকল্পটোক বিউটি উইথ এ পাৰপাজ বঁটাৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰে।১৪ তেওঁ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত সুখ ব্যক্ত কৰি লিখিছিল— "মই মিছ নেপালত যোগদান কৰাৰ কাৰণ আছিল মিছ ৱৰ্ল্ড আৰু ইয়াৰ বিউটি উইথ এ পাৰপাজৰ লক্ষ্য। মই সদায় কৈছিলোঁ যে এই খিতাপটো মোৰ বাবে মুকুটতকৈও অধিক আছিল আৰু এতিয়া মই আটাইতকৈ সুখী অনুভৱ কৰিছোঁ!"১৫
গ্ৰেণ্ড ফিনালে
২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ চানিয়াত মিছ ৱৰ্ল্ড ২০১৮-ৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হৈছিল। এছিয়া আৰু ওচেনিয়া শাখাৰ অন্যান্য অংশগ্ৰহণকাৰীৰ মাজৰ পৰা শৃংখলাই মিছ থাইলেণ্ড ২০১৮ - নিকোলিন পিচাপা লিমছনুকান আৰু মিছ নিউজিল্যান্ড ২০১৮ - জেচিকা টাইছনৰ সৈতে শীৰ্ষ ১২ জনী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হয়।১৬
তথ্যসূত্ৰ
- ↑ (2018-04-11). Shrinkhala Khatiwada crowned 24th Miss Nepal. The Himalayan Times
- ↑ (2018-04-12). Shrinkhala Khatiwada crowned Miss Nepal World 2018 - BeautyPageants. Femina Miss India
- ↑ Lama, Sanjay. (2018-04-11). Shrinkhala Khatiwada crowned Miss Nepal 2018. The Kathmandu Post
- ↑ Maharjan, Shishir. (2018-12-04). अबिन को हुन् जसलाई मिस नेपाल शृङ्खला खतिवडाले पटकपटक धन्यवाद दिइन्. BBC Nepali
- ↑ Shrinkhala KHATIWADA Miss Nepal 2018. Miss World
- ↑ Bhattarai, Sewa. (2018-09-28). Miss Nepal's mission. Nepali Times. Himalmedia Pvt Ltd
- ↑ (10 September 2025). Ex-Miss Nepal Shrinkhala Khatiwada loses nearly 100,000 Instagram followers amid ‘nepo baby’ fury. Hindustan Times
- ↑ (2018-04-11). श्रृंखला खतिवडा बनिन् मिस नेपाल २०१८. Sanchar Nepal Pvt. Ltd
- ↑ Nault, Kellie. (2022-09-27). Greening Nepal: Shrinkhala Khatiwada Earns LMSAI Student Grant to Study Kathmandu's Urban Planning. The Lakshmi Mittal and Family South Asia Institute
- ↑ Miss World Continental 2018. www.missworld.com
- ↑ (14 November 2018). Miss World 2018 Update: Head To Head Challenge Draw. philnews.ph. PhilNews
- ↑ Miss World Multimedia 2018. Miss World Instagram
- ↑ Sanya Tourism Award 2018. www.missworld.com
- ↑ Beauty With A Purpose 2018. www.missworld.com
- ↑ Shrinkhala Khatiwada. (4 December 2018). Nepal has won the Beauty with A Purpose award, the most prestigious sub title in Miss World... Twitter
- ↑ (2018-12-08). Miss Nepal Khatiwada ends her Miss World journey with top 12 title. Republica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৃংখলা খতিৱড়া” প্ৰবন্ধৰ সংশোধন ৬০২৭১৪ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।