শোনাল ৰাৱট ( Shonal Rawat) এগৰাকী ভাৰতীয় প্ৰাক্তন মডেল আৰু টেলিভিছনৰ এংকৰ।১ ২০০৩ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া লাভ কৰে আৰু তাৰ পাছত ২০০৩ চনত মিছ এছিয়া পেচিফিকলৈ পঠিওৱা হয়।২৩ তেওঁ জুম নেটৱৰ্কৰ টক শ্ব'ৰ এংকৰ আৰু ভিজে।৪ বাল্লী সগুৰে ৰিমিক্স কৰা বিন্দিয়া চমকেগী নামৰ মিউজিক ভিডিঅ’টোৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
ব্যক্তিগত জীৱন
তেওঁৰ দেউতাক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু মাকৰ কলকাতাত নিজাকৈ কিণ্ডাৰগাৰ্টেন আছে। দেউতাকক পশ্চিম বংগত নিযুক্তি দিয়াৰ পাছৰে পৰা তেওঁ ৰাজ্যৰ বিভিন্ন ঠাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু লৰেটো হাউচৰ পৰা মেট্ৰিক পাছ কৰিছিল, আৰু আনখিনি অশোক হলৰ পৰা। তেওঁ ২০১৩ চনত তেওঁৰ প্ৰেমিক কৰণ ভাটছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৫
কেৰিয়াৰ
মডেলিং
২০০৩ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া লাভ কৰে আৰু সেই বছৰতে মিছ এছিয়া পেচিফিকত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু জাপানৰ টকিঅ'ত অনুষ্ঠিত ৪৩ সংখ্যক পেজেণ্টত দ্বিতীয় স্থান লাভ কৰে।৬ ২০০৪ চনত উপেন পেটেলৰ সৈতে মেগা হিট ভিডিঅ’ বিন্দিয়া চমকেগীত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এগৰাকী সক্ৰিয় মডেল হিচাপে কাম কৰি আহিছে, সত্য পলৰ বাবে শ্ব’ত অভিনয় কৰিছে।৭
টেলিভিছন
শোনাল ৰাৱটে হিন্দী কমেডী ধাৰাবাহিক আজ কে শ্ৰীমান শ্ৰীমতীত চলচ্চিত্ৰ অভিনেত্ৰী ঐশ্বৰ্য সেনৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ চনী টিভিৰ কমেডী ভিত্তিক ৰিয়েলিটি শ্ব’ চেম্পিয়ন চালবাজ নং ১ আয়োজন কৰিবলৈ সাজু হৈছে। চেনেলৰ মুৰব্বীসকলে মুকলি হ’বলগীয়া ৰিয়েলিটি শ্ব’ দ্য এক্সট্ৰিম মেকঅভাৰক মনত ৰাখি ৰিয়েলিটি শ্ব’ৰ পৰিস্থিতিৰ সৈতে মোনা সিঙক অতিমাত্ৰা উন্মোচন নকৰাৰ এক সংযুক্ত সিদ্ধান্ত লোৱাৰ লগে লগে শোনাল ৰাৱটে এতিয়া চেম্পিয়ন ১ নং চালবাজৰ এংকৰৰ দায়িত্ব গ্ৰহণ কৰিছে।
চলচ্চিত্ৰগ্ৰাফী
| +টেলিভিছন | শিৰোনাম | ভূমিকা |
| চেম্পিয়ন চালবাজ নং ১ | আয়োজক | |
| প্লেনেট বলিউড | আয়োজক/উপস্থাপক |
তথ্যসূত্ৰ
- ↑ (16 June 2006). আৰ্কাইভ কপি
- ↑ (16 June 2006). আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ (15 February 2011). http://articles.timesofindia.indiatimes.com/2011-08-06/model-of-the-day/29854975_1_satya-paul-ritu-kumar-miss-gandang-rickyreyes
- ↑ Year of the model wedding. Vogue India
- ↑ (16 June 2006). Femina Miss India
- ↑ (1 June 2004). Indian designs going places
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোনাল ৰাৱট” প্ৰবন্ধৰ সংশোধন ৪৭৯৮১৩ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।