শেহনাজ কৌৰ গিল (ইংৰাজী ভাষা: Shehnaaz Kaur Gill; জন্ম: ২৭ জানুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত কাম কৰে।১২৩৪৫ তেওঁ ২০১৫ চনৰ সংগীত ভিডিঅ' ‘শিৱ দি কিতাপ’ৰ জৰিয়তে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।৬৭ ২০১৭ চনত তেওঁ পঞ্জাবী ছবি ‘সত শ্ৰী আকাল ইংলেণ্ড’ৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। ২০১৯ চনত তেওঁ ৰিয়েলিটি শ্ব' ‘বিগ বছ ১৩’ত অংশগ্ৰহণ কৰিছিল,৮ য'ত তেওঁ দ্বিতীয় ৰানাৰ্ছ-আপ হিচাপে পৰিগণিত হয়।৯
জীৱন আৰু কৰ্মজীৱন
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰৰ আৰম্ভণি
শেহনাজ কৌৰ গিলৰ জন্ম হৈছিল ১৯৯৪ চনৰ ২৭ জানুৱাৰীত আৰু তেওঁ ভাৰতৰ পঞ্জাবত ডাঙৰ-দীঘল হৈছিল।১২৩৪
তেওঁ ডালহৌছি হিলটপ স্কুলত পঢ়া-শুনা কৰিছিল আৰু ফাগৱাৰাৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰপৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
২০১৫ চনত ‘শিৱ দি কিতাপ’ত অভিনয় কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। গিলে ২০১৬ চনত ‘মাঝে দি জট্টি’ আৰু ‘পিণ্ডা দিয়া কুড়িয়া’ত অভিনয় কৰিছিল। গেৰী সান্ধুৰ সৈতে গিলৰ আন এটা সংগীত ভিডিঅ' ‘য়ে বেবী ৰিফিক্স’ মুক্তি লাভ কৰে।১০ গিলে ২০১৭ চনত ‘সত শ্ৰী আকাল ইংলেণ্ড’, ২০১৯ চনত ‘কালা শ্বাহ কালা’ আৰু ‘ডাকা’ৰ দৰে কিছুমান পঞ্জাবী ছবিতো অভিনয় কৰিছিল।১১
‘বিগ বছ ১৩’ আৰু পৰৱৰ্তী পদক্ষেপসমূহ
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত গিলে ‘বিগ বছ ১৩’ত এগৰাকী চেলিব্ৰিটি প্ৰতিযোগী হিচাপে প্ৰৱেশ কৰে। তেওঁ বিগ বছৰ ঘৰত থকাৰ সময়তে তেওঁৰ প্ৰথমটো একক গীত ‘ভেহম’ মুক্তি পায়, যাৰ পিছত ‘ছাইডৱাক’, ‘ৰেঞ্জ’ আৰু ‘ৰোণ্ডা আলী পেটী’কে ধৰি আন কিছুমান একক গীত মুক্তি পায়। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এই ছিজনৰ সমাপ্তি ঘটে, য’ত গিল দ্বিতীয় ৰানাৰ্ছ-আপ হিচাপে নিৰ্বাচিত হয়।১২ শ্ব’টোৰ জৰিয়তে তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ‘মুঝছে শ্বাদী কৰোগে’ত অংশ লৈছিল যদিও ক’ভিড-১৯ মহামাৰীৰ বাবে এমাহৰ ভিতৰতে ই বন্ধ হৈ যায়।১৩
ইয়াৰ পিছত গিলে ‘ভুলা দুঙ্গা’,১৪ ‘কেহ গয়ী চৰী’,১৫ ‘কুৰ্তা পাজামা’কে১৬ ধৰি বহুতো সংগীত ভিডিঅ'ত অভিনয় কৰিছে।
তথ্যসূত্ৰ
- ↑ (27 January 2021). shehnaaz gill celebrates birthday with Sidharth Shukla and family, he throws her in pool. Hindustan Times
- ↑ (27 January 2021). Bigg Boss 13's Shehnaaz Gill rings in her 27th birthday with Sidharth Shukla's family; he throws her in the pool. Times of India
- ↑ (27 January 2021). Shehnaaz Gill celebrates 27th birthday with Sidharth Shukla, watch videos. The Indian Express
- ↑ (27 January 2021). On Shehnaaz Gill's 27 the birthday Sidharth Shukla throws her into pool.Watch epic video. NDTV
- ↑ (13 February 2020). Shehnaz Gill earnings
- ↑ (27 January 2020). Happy birthday Shehnaz Gill: Lesser known facts about Punjab's Katrina Kaif. The Times of India
- ↑ (9 January 2020). Popular Punjabi Songs Of Shehnaaz Gill We Didn't Know We've Been Grooving To. iDiva
- ↑ (29 September 2019). Bigg Boss 13 Contestants Name List With Photo Official: Full and Final Confirmed list of contestants of Bigg Boss Season 13. The Times of India
- ↑ (16 February 2020). Bigg Boss 13: Shehnaaz Gill drops out, it is Sidharth Shukla now. Hindustan Times
- ↑ (12 August 2018). 2018's Garry Sandhu song Yeah Baby. The Times of India
- ↑ (30 September 2019). Bigg Boss 13: Meet Shehnaaz Gill who called herself 'Punjab ki Katrina Kaif', left Salman Khan gushing
- ↑ (19 December 2019). Bigg Boss 13: Shehnaz Gill says, 'I can't live without Sidharth Shukla'. The Times of India
- ↑ (13 February 2020). Mujhse Shaadi Karoge: THESE Two 'Bigg Boss 13' Contestants To Have Swayamvar On National Television. ABP Live
- ↑ Latest Hindi Song 2020 'Bhula Dunga' Sung By Darshan Raval Featuring Sidharth Shukla And Shehnaaz Gill · Entertainment - Times of India Videos. The Times of India
- ↑ (11 May 2020). Keh Gayi Sorry lyrical video to be out on May 12, Jassie Gill will shoot for music video with Shehnaaz Gill after lockdown. Hindustan Times
- ↑ Bureau, ABP News. (17 July 2020). 'Kurta Pajama' OUT: Shehnaaz Gill Steals The Show In Tony Kakkar's Peppy Number; Duo's SIZZLING Chemistry Wins Hearts. ABP News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেহনাজ গিল” প্ৰবন্ধৰ সংশোধন ৫৯৮৭২৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।