শুভ্ৰা গুপ্তা (Shubhra Gupta) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক যি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত লিখে।১ ২০১২ চনত চিনেমাৰ শ্ৰেষ্ঠ লেখাৰ তেওঁ ৰামনাথ গোৱেংকা বঁটা লাভ কৰা৷ তেখেত ২০১২ চনৰ পৰা ২০১৫ চনলৈকে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ সদস্য আছিল।২ তেওঁ 50 Films That Changed Bollywood, 1995–2015- লেখিকা।৩
কৰ্মজীৱন
গুপ্তাই ১৯৯০-দশকৰ আৰম্ভণিতে সাংবাদিক হিচাপে কাম কৰে৷ সমান্তৰালভাৱে তেওঁ ছবিৰ পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰে।৪ বিশ বছৰতকৈও অধিক সময় চলচ্চিত্ৰ সমালোচক হিচাপে কাম কৰাৰ পিছত তেওঁ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ বিকাশৰ বিষয়ে ৫০ ফিল্মছ ডেট চেঞ্জড বলীউড, ১৯৯৫–২০১৫ নামৰ গ্ৰন্থখন লিখিছিল।৪৫
২০১১ চনত তেওঁক তিনি বছৰৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডত নিযুক্তি দিয়া হয়।৬
তেওঁ দিল্লী আৰু মুম্বাইত দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ফিল্ম ক্লাবৰ কিউৰেটৰ আৰু পৰিচালনা কৰে। প্ৰদৰ্শনৰ পিছত এনিমেটেড আলোচনা অনুষ্ঠিত হয়, যি অনুষ্ঠানৰ তেওঁ আঁত ধৰে। ইউৰোপৰ চলচ্চিত্ৰ মহোৎসৱলৈ সঘনাই ভ্ৰমণ কৰা গুপ্তাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জুৰীত কাৰ্যনিৰ্বাহ কৰি আহিছে।৭
গ্ৰন্থ
- 50 Films That Changed Bollywood, 1995–2015,৮৯১০ 9789351778479
- IRRFAN: A Life in Movies,১১১২ 9788119300853
বঁটা
- 2012 Ramnath Goenka Award for the Best Writing on Film১৩
তথ্যসূত্ৰ
- ↑ (2020-09-12). Shubhra Gupta. The Indian Express
- ↑ Shubhra Gupta Movie Reviews. The Review Monk
- ↑ Over two decades, these 50 movies changed Bollywood: Film critic Shubhra Gupta (IANS Interview). Sify
- ↑ (January 12, 2017). Over two decades, these 50 movies changed Bollywood: Film critic Shubhra Gupta (IANS Interview). Business Standard. Indo-Asian News Service
- ↑ Rosario, Kennith. (18 January 2017). Experiencing cinema with track changes. দ্য হিন্দু
- ↑ (May 26, 2011). 15 new members of CBFC appointed. Indiantelevision.com
- ↑ (17 September 2013). About Shubhra Gupta. Jaipur Literature festival
- ↑ Patel, Bhaichand. (21 February 2017). 50 Films That Changed Bollywood: Book Review. Outlook
- ↑ Sharma, Devansh. (May 7, 2017). '50 Films That Changed Bollywood' book review: Full of hits, misses and nostalgia. Firstpost
- ↑ Shubhra Gupta. HarperCollins Publishers India
- ↑ Irrfan: An actor who made the 'other' mainstream · Book review. India Today
- ↑ Pan Macmillan India. www.panmacmillan.co.in
- ↑ Shubhra Gupta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভ্ৰা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৬২৫৭২৬ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।